৮ জুলাইঃ
যি সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে টেট উত্তীর্ণ প্রার্থীক শিক্ষক পদত নিযুক্ত দি সমস্যা সমাধানত এক আশাৰ সঞ্চাৰ আজক-কাণ্ড সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে ৰাজ্যখনৰ বিভিন্ন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালি হৈ থকা হিন্দী আৰু সংস্কত বিষয়ৰ শিক্ষকৰ কাৰণে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে অনলাইনযোগে চাৰিশ টকাৰ মাচুল জমা দি ২০১৫ৰ ১৫ ফেব্ৰুৱাৰীৰ পূর্বে অসমৰ চাৰি সহস্রাধিক নিবনুৱা যুৱক-যুৱতীয়ে আবেদনকৰিছিল। কিন্তু শেহতীয়াকৈ বিএড নথকা নিবনুৱা প্রার্থীক এডমিড কার্ড দিবলৈ অস্বীকাৰ কৰিছে খোদ শিক্ষা বিভাগে।
অসম চৰকাৰৰ অধীনস্থ শিক্ষা বিভাগে ১০ জুলাইত অনুষ্ঠিত কৰিবলৈ লোৱা হিন্দী আৰু সংস্কৃত বিষয়ৰ হাইস্কুল শিক্ষকৰ বিশেষ টেট পৰীক্ষাৰ পৰা বঞ্চিত হৈছে বি এডবিহীন র্থীসকল। আনহাতে,শিক্ষা বিভাগে অনলাইনযোগে অসমৰ বিভিন্ন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালি হৈ থকা ১,০৩১টা হিন্দী শিক্ষক আৰু ৫৮৭টা সংস্কৃত শিক্ষকৰ পদৰ বাবে আবেদনগ্রহণৰ সময়ত বিএড ডিগ্রীবাধ্যতামূলক নাছিল। সেই অনুসৰি ৰাজ্যৰ চাৰি সহস্রাধিক এনে শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে চাৰিশ টকাকৈ আবেদন মাচুল জমা দি শিক্ষক পদৰ আবেদন কৰিছিল। কিন্তু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষাসঞ্চালকে যোৱা ২৮ আৰু ২৯ জুনত(২০১৬) সকলো জিলাৰ শিক্ষা সংমণ্ডলৰ পৰিদৰ্শকলৈ প্ৰেৰণ কৰা নির্দেশত প্রার্থীসকলৰ বিএড ডিগ্রী বাধ্যতামূলক কৰি দিয়াত বহুনিবনুৱাপ্রার্থীৰ তালিকাত নাম অহাৰ পিছতো বিভাগে এডমিড কার্ড দিবলৈ অস্বীকাৰ কৰাত এতিয়া বঞ্চিত প্রার্থীসকলে আইনৰ সহায় ল’বলৈ সিদ্ধান্তগ্রহণ কৰিছে।

facebook
twitter
google+
fb share