
বৰপেটাৰোড, ৮ জুলাইঃ
ছলমান খান অভিনিত #Sultan ছিনেমা মুক্তি পোৱাৰ লগে লগে দেশ জুৰি ব্যাপক খলকনিৰ সৃষ্টি কৰাৰ সময়তে বৰপেটাৰোডতো ছিনেমাখন ছোৱাৰ বাবে দৰ্শকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে৷ বৰপেটাৰোডৰ দিলিপ ছিনেমা হলত দিনটোত তিনিটা দৰ্শনী হয়, য’ত ৰাতিপুৱা ১১ বজাত প্ৰথম ১.৩০ বজাত দ্বিতীয় আৰু আবেলি ৪.৩০ বজাত তৃতীয়৷ বিগত দিন দুটাত ছিনেমা হলটোত টিকটৰ বাবে মানুহৰ দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে৷ প্ৰথম দৰ্শনীৰ বাবে পুৱা ৮ বজাৰ পৰাই দৰ্শকে দিকটৰ বাবে শাৰী পাতিও টিকট নোপোৱা হৈছে৷ এনে প্ৰেক্ষাপটত মৃত প্ৰায় দিলিপ ছিনেমা হলে বছৰটোৰ ভিতৰত অধিক উপাৰ্জন কৰিব বুলি আশা ব্যক্ত কৰিছে৷ #ছলমান খান অভিনিত ছিনেমাত ইতিপূৰ্বেও এই ধৰণৰ সঁহাৰি পাইছে যদিও এইবেলি দৰ্শকৰ ভিৰ অধিক বুলি জানিব পৰা গৈছে৷
facebook
twitter
google+
fb share