কোনোবাই মাল দিলে ল’ব লাগেঃ হাগ্ৰামা

গুৱাহাটী, ৮ জুলাইঃ
‘টকা দিলে কোনেনে নল’ব । মইতো কম— চৰকাৰত আমাৰ বি পি এফৰ যি দুজন মন্ত্রী আছে, কোনোবাই তেওঁলোকক মাল দিলে ল’ব লাগে। কিন্তু নিজে -খুজি ল'ব নালাগে।’— এই মন্তব্য ৰাজ্য চৰকাৰৰ অন্যতম অংশীদাৰ দল বি পি এফৰ সভাপতি তথা বিটিএডিৰ মুখ্য কার্যবাহী সদস্য হাগ্রাম মহিলাৰীৰ।
প্ৰদূষণ, বিদেশী আৰু দুনীতি-ভ্রষ্টাচাৰমুক্ত অসম গঢ়াৰ প্রতিশ্রুতিৰে ৰাজ্যৰ শাসনত অধিষ্ঠিত হোৱা সোণোৱাল চৰকাৰে ৰাজ্যত দুর্নীতিবিৰোধী অভিযান চলাই থকাৰ সময়তে আজি বৰমাত ঘোচ লোৱাৰ সপক্ষে এই দুৰ্ভাগ্যজনক মন্তব্য কৰে চৰকাৰখনৰ অন্যতম অংশীদাৰ দল বি পি এফৰ মুৰব্বী গৰাকীয়ে। বৰমাৰ উদাংশ্রী স্পৰ্টছ ক্লাবত অনুষ্ঠিত বি পি এফৰ মহিলা সমিতিৰ কেন্দ্রীয় কার্যনির্বাহক সভাত অংশগ্রহণ কৰিবলৈ গৈ হাগ্রামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত এই অদ্ভূত মন্তব্য কৰে। সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ এনে মন্তব্যৰে বি পি এফৰ দুই মন্ত্রীক ঘোচ লোৱাৰ ক্ষেত্ৰত সেউজ সংকেত প্রদান কৰে মহিলাৰীয়ে। বি পি এফৰ সভাপতিৰ স্পষ্ট কথা— কোনোবাই টকা দিলে লোৱাত বাধা নাই আৰু বি পি এফৰ দুই মন্ত্রীকে কোনোবাই উৎকোচ দিলে লোৱাত আপত্তি নাই। অৱশ্যে নিজে দাবী কৰি অথবা জোৰকৈ ঘোচ লোৱাত আপত্তি আছে। ৰাজ্যত অংশীদাৰ দল এটাৰ খোদ সভাপতিগৰাকীয়ে কৰা এনে মন্তব্যৰ পিচত কি স্থিতি প্রদর্শন কৰে সেয়া লক্ষণীয় হ’ব। মাথো সেয়াই নহয় বিটিচি প্ৰশাসনৰ মুৰব্বী হৈ থকা অৱস্থাত এনে মন্তব্য কৰাৰ বাবে বিটিচিৰ ৰাইজৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইফালে সাংবাদিকৰ প্রশ্নৰ উত্তৰত হাগ্রামা মহিলাৰীয়ে লগতে সদৰী কৰামতে এইপৰ্যন্ত মিত্ৰজোঁটৰ চৰকাৰ ঠিকে-ঠাকে চলি আছে। বিজেপি, অগপৰে কোনো সংঘাত নাই বি পি এফৰ। অৱশ্যে মূল্যবৃদ্ধি অথবা অসমৰ তৈলক্ষেত্রৰ নিলাম প্রসংগত বি পি এফেৰে কোনো আলোচনা হোৱা নাই বুলিও মহিলাৰীয়ে কয়। গঁড় হত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত নতুন পন্থা গ্রহণ কৰা হ’ব বুলি প্রকাশ কৰি মাথো কেইদিনমান আগত মানাহত হোৱা গঁড় হত্যাৰ কথা স্বভাৱসুলভ ভাবে পাহৰি গৈ মহিলাৰীয়ে কয় যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে গঁড় নিধন কৰিব নোৱাৰে। মানাহত গড় সুৰক্ষিত বুলিও তেওঁ কয়। তদুপৰি বাংলাদেশৰ হিন্দু শৰণাৰ্থীক কেন্দ্রীয় চৰকাৰে পৰামর্শ দিলে বিটিচিৰ পৰা মাটি এৰি দিয়াত আপত্তি নাই বুলি মন্তব্য কৰে। ইফালে বি টি চিত যোগগুৰু বাবা ৰামদেৱৰ পতঞ্জলিক মাটি প্রদান কৰাৰ বিৰুদ্ধে এবছুৱে কৰি থকা প্রতিবাদ সন্দৰ্ভত হাগ্রামা মহিলাৰীয়ে কয় যে ‘বি টি চিৰ মাটিৰ অধিকাৰ বি টি চি কর্তৃপক্ষৰহে, এবছুৰ নাই। পতঞ্জলিক মাটি দিয়া হ’ব।’ ইয়াৰ পূর্বে মহিলা সমিতিৰ কাৰ্যনির্বাহক সভাত মহিলাসকলৰ সমস্যাক লৈ আলোচনাত মিলিত হয় হাগ্রামা মহিলাৰী। বি পি এফৰ কেন্দ্রীয় মহিলা সমিতিৰ সভানেত্রী সুপ্রিয়া ৰাণী ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাত বি পি এফৰ কেন্দ্রীয় সমিতিৰ কেইবাগৰাকী শীৰ্ষ নেতা, বিধায়ক আৰু স্থানীয় এম চি এল এ উপস্থিত থাকে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment