৮ জুলাইঃ
দুবছৰ পূর্বে নিষিদ্ধঘোষিত সংগঠন এন ডি এফ বি (এছ)-এ কোকৰাঝাৰ জিলাৰ বালাপাৰাত সংঘটিত কৰা নৰসংহাৰৰ গোচৰ সন্দৰ্ভত আজি চূড়ান্ত ৰায় দিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ (নিয়া) ন্যায়াধীশ এম কে ভট্টাচাৰ্যৰ আদালতে দিয়া এই ৰায়ত নৰসংহাৰৰে প্রত্যক্ষভাৱে জড়িত এন ডি এফ বি (এছ)ৰ দুর্ধর্ষ কেডাৰ প্ৰদীপ ব্ৰহ্ম ওৰফে পৱলেৰক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। উল্লেখ্য যে বিগত ২০১৪ চনৰ ১ মে’ৰ নিশা প্রায় ১১.৩০ বজাত অত্যাধুনিক মাৰণাস্ত্রৰে সজ্জিত উগ্রপন্থীৰ দল এটাই গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তর্গত বালপাৰাৰ বাটচু শ্বেখৰ ঘৰত প্রৱেশ কৰি নির্বিচাৰে গুলীচালনা কৰিছিল। উগ্রপন্থীৰ আক্রমণত দুবছৰীয়া ফৰিদা আৰু ছবছৰীয়া ছুহানা নামৰ দুটি শিশু কন্যাসহ প্রাণ হেৰুৱাইছিল সাতজনকৈ লোকে। ঘটনা সন্দৰ্ভত গোসাঁইগাঁও আৰক্ষী থানাত ১৫৫/২০১৪ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল। পৰৱৰ্তী সময়ত একেটা বৰ্ষৰে ১৬ জুলাইত কেন্দ্রীয় গৃহ মন্ত্র্যালয়ৰ নির্দেশমৰ্মে এই গোচৰৰ তদন্তৰ দায়িত্ব হস্তান্তৰ কৰা হয় নিয়াক। গোসাঁইগাঁও আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত নিয়াই ভাৰতীয় দণ্ডবিধিৰ ৪৪৮, ৪৬৭, ৩০২, ৩০৭, ৩২৬, ৩২৪, ৩২৭, ৩৪; বে-আইনী কার্যকলাপ প্রতিৰোধ আইনৰ ১৬ (১) (এ), ১৮, ২০ আৰু অস্ত্র আইনৰ ২৭ ধাৰাৰ অধীনত আৰ চি-৩/২০১৪ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰে। অনুসন্ধান চলাই থকাৰ মাজতে নিয়াই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় নৰসংহাৰৰ মাষ্টাৰ মাইণ্ড প্রদীপ ব্ৰহ্ম ওৰফে পরলেৰক। শেহতীয়াকৈ নিয়াই গুৱাহাটস্থিত বিশেষ আদালতত কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তর্গত বেছৰকণা গাৱৰ প্ৰয়াত বনেন্দ্ৰ নাথ ব্ৰহ্মৰ পুত্র তথা এন ডি এফ বি কেডাৰ প্ৰদীপ ব্রহ্ম ওৰফে পরলেৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। এই অভিযোগনামাৰ ভিত্তিতেই নিয়াৰ বিশেষ আদালতে এন ডি এফ বি কেডাৰজনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ২০১৪ চনৰ ১ মে’ত বালাপাৰাৰ লগতে ৰাজ্যৰ আন তিনি ঠাইতো নৰসংহাৰ চলাইছিল এন ডি এফ বি (এছ)-এ। সেই দিনা সন্ধিয়া প্রায় ৭.৩০ বজাত কোকৰাঝাৰত, ৮-১৫ বজাত বাগ্সা জিলাৰ নৰসিংবাৰীত আৰু ১০.৩০ বজাত তামুলপুৰত উগ্ৰপন্থী সংগঠনটোৱে কূটাঘাত সংঘটিত কৰিছিল। বালাপাৰাৰ নৰসংহাৰৰ গোচৰ সন্দৰ্ভত আজি লোৱা চূড়ান্ত সিদ্ধান্তটোৱেই হ’ল গুৱাহাটস্থিত নিয়াৰ বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহা প্রথমটো ৰায়। উল্লেখ্য যে এইটোৱে সংখ্যালঘু হত্যাকাণ্ডৰ প্ৰথমটো বিচাৰ বুলিও ইতিমধ্যে চৰ্চা লাভ কৰিছে৷ ইয়াৰ পূর্বে যোৱা ৮ জুনত মণিপুৰী উগ্ৰপন্থী সংগঠনৰ নেতা ৰাজকুমাৰ মেঘনক একেখন আদালতে দহ বছৰৰ কাৰাদণ্ডৰ নির্দেশ দিছিল।
facebook
twitter
google+
fb share