গুৱাহাটী, ১৪ জুলাই, ২০১৬ :


পর্যালোচনা সভাৰ পিচতেই ৰিপুণ বৰাই আয়োজন কৰা সংবাদমেলত অমৰনাথত আবদ্ধ হৈ থকা অসমৰ ৩০০ তীৰ্থযাত্ৰীসকলৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বনন্দ সোনোৱাল নিমাত কিয় বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিত সোনোৱাল চৰকাৰ ব্যৰ্থ হোৱা বুলিও কটাক্ষ কৰে৷ তেওঁ অসমৰ সম্পদ তৈলক্ষেত্ৰ বিদেশীৰ হাতত গতাই দিয়া কাৰ্যৰ লগতে মূল্য বৃদ্ধিৰ প্ৰসঙ্গত ৰাজ্য চৰকাৰৰ স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰে৷
facebook
twitter
google+
fb share