ছাত্ৰ মুক্তিৰ নেতাক হত্যা




কালিৰে পৰা সন্ধানহীন হৈ থকা যোৰহাট জিলা সমিতিৰ সম্পাদক Sandip Bora ৰ মৃতদেহ আজি শিঙিজান নদীত আৰক্ষীয়ে উদ্ধাৰ কৰে॥ আমি সতীৰ্থ সন্দিপৰ মৃত্যুত শোক প্ৰকাশ কৰিছো আৰু যিহেতু তেওঁ সংগঠনৰ নীতি আদৰ্শক ৰক্ষা কৰি তৈলক্ষেত্ৰ নিলামৰ বিৰুদ্ধে অনশন কৰিবলৈ যোৱাৰ পথত মৃত্যু ঘটিছে, সেয়েহে আমি "কমৰেড সন্দিপ বৰা" ক ছাত্র মুক্তি সংগ্রাম সমিতিৰ প্ৰথমজন শ্বহীদ ঘোষণা কৰিছো॥ কমৰেড সন্দিপলৈ লাল চালাম জ্ঞাপন কৰিছো॥



সেইদিনা প্ৰকৃততে কি হৈছিল?

যোৱা কালিৰ পৰা (১৪/০৭/২০১৬) তৈলক্ষেত্ৰ নিলামৰ বিৰুদ্ধে দীঘলীপুখুৰীৰ পাৰত চলি থকা অনশন কার্যসূচীত অংশগ্রহণ কৰিবলৈ অসমৰ সকলো জিলাৰ পৰা ৫-১০ জনকৈ ছাত্র মুক্তি, কৃষক মুক্তিৰ কৰ্মী গুৱাহাটী লৈ গৈছিল॥ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাৰ পৰা মানস কোঁৱৰ, বিদ্যুত্ শইকীয়াৰ নেতৃত্বত সন্দিপ বৰাসহ ২০ জন মান সতীৰ্থ ইন্টাৰচিটি ট্ৰেনেৰে যাত্ৰা কৰিছিল॥ একেখন ট্ৰেনতে ‪#‎হৰেন‬ বৰাসহ প্ৰায় ৬০ জন মান যুৱক কমল কুমাৰ মেধি হ'তে আয়োজন কৰা ছাত্র অভিবৰ্তন লৈ গৈছিল॥ উল্লেখযোগ্য যে হৰেন বৰা গোলাঘাট জিলা ছাত্র মুক্তি সংগ্রাম সমিতিৰ প্ৰাক্তন সম্পাদক, সংগঠন ত্যাগ কৰাৰ পিছত এবাৰ বিদ্যুৎ শইকীয়াৰ সৈতে তৰ্ক হৈছিল॥ সেইদিনা ট্ৰেনত গুৱাহাটী লৈ যাওঁতে ছাত্র মুক্তি ৰ কৰ্মীসকল আৰু হৰেন বৰাৰ সতীৰ্থ সকল মুখামুখি হয়, তাতে তেওঁলোক সংঘর্ষত লিপ্ত হয়॥ তৰ্ক যুদ্ধ মাৰপিটলৈ পৰিণত হয়॥ ছাত্র মুক্তিৰ কৰ্মী সকলে ট্ৰেনৰ চেইন টানি ৰেলখন ৰখাব লগীয়া হয়॥ ট্ৰেনখন ৰৈ যোৱাত আমাৰ সতীৰ্থ সকল নামি দিছিল, লগতে হৰেন বৰাহঁতে ও ট্ৰেনৰ পৰা নামি পুনৰ আমাৰ সতীৰ্থসকলক আক্ৰমণ কৰে॥ তেনেতে, আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়॥ আৰক্ষীৰ ওচৰত বিদ্যুত্ শইকীয়া আৰু হৰেন বৰা দুয়োজনে আত্মসমৰ্পণ কৰে, পিছত দুয়োজনে দুখন এজাহাৰ দাখিল কৰে॥ কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে বিদ্যুত্ শইকীয়াৰ এজাহাৰখনৰ ভিত্তিত গোচৰ ৰুজু নকৰি, হৰেন বৰাৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি "হৰেন বৰাক অপহৰণৰ আৰু হত্যাৰ চেষ্টা কৰা" বুলি ভুৱা অভিযোগ দি বিদ্যুৎ শইকীয়াক জেইললৈ প্ৰেৰণ কৰে॥ 
ইপিনে কালি পুৱাই কমল কুমাৰ মেধি য়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে তেওঁলোকৰ এজন সতীৰ্থক অখিল বাহিনীয়ে অপহৰণ কৰি হত্যা কৰিছে, অথচ তেওঁ কোৱা হৰেন বৰা সেইসময়ত আৰক্ষীৰ জিম্মাতে আছিল আৰু আমাৰ সতীৰ্থ সন্দিপ বৰাহে সন্ধানহীন হৈ আছিল॥ 
এতিয়া আমাৰ মনলৈ অহা প্ৰশ্ন টো হ'ল যে 
১/ কমল মেধিয়ে কোৱা অনুৰূপ ঘটনা আমাৰ কৰ্মীৰ লগত কেনেকৈ সংঘটিত হ'ল?
২/ আৰক্ষী য়ে বিদ্যুত্ শইকীয়াৰ এজাহাৰখনৰ ভিত্তিত গোচৰ ৰুজু নকৰাৰ কাৰণ কি? 
৩/ চৰকাৰৰ পৃষ্ঠপোষকতাত কৃষক মুক্তি, ছাত্র মুক্তি ক ধ্বংস কৰাৰ ষড়যন্ত্র কৰা হৈছে নেকি?


About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment