গুৱাহাটী, ১৪ জুলাই, ২০১৬ :

প্রধানমন্ত্রী নৰেন্দ্র মোড়ীয়ে গণতন্ত্রক হত্যা কৰিব বিচৰা বুলি অভিযোগ কৰিছে ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত আজি গগৈয়ে কয়—‘অৰুণাচল প্রদেশত বিজেপিয়ে অবৈধভাৱে চৰকাৰখন নিজৰ দখললৈ নিছিল। কালি উচ্চতম ন্যায়ালয়ে উক্ত চৰকাৰখনক অবৈধ বুলি ঘোষণা কৰাৰ পিচত বিজেপিৰ স্বৰূপ উন্মোচিত হ’ল। প্রধানমন্ত্রী মোডী তথা বিজেপি হল গণতন্ত্ৰৰ বাবে চৰম প্রত্যাহান। মোড়ীয়ে গণতন্ত্রক হত্যা কৰিব বিচাৰিছে। বিভিন্ন ৰাজ্যত থকা কংগ্ৰেছ চৰকাৰক অস্থিৰ কৰিব বিচাৰিছে। বিভিন্ন ৰাজ্যত তেওঁলোকে ৰাজনৈতিক উদ্দেশ্য প্রণোদিতভাৱে ৰাজ্যপালক নিযুক্তি দিছে। বিজেপিৰ নির্দেশত ৰাজ্যপালসকলে কাম কৰিছে। এয়া অতি দুর্ভাগ্যজনক কথা। ইপিনে উত্তৰপূর্বাঞ্চলক কংগ্ৰেছমুক্ত কৰাৰ লক্ষ্য লৈ কালি NEDA ৰ আত্ম প্ৰকাশ কৰা বিষয়ত মত ব্যক্ত কৰে প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। গগৈয়ে কয়— 'কংগ্ৰেছমুক্ত কৰাৰ পূর্বে বিজেপিয়ে অসমক বানপানী-গৰাখহনীয়া, বিদেশী, মূল্যবৃদ্ধিমুক্ত কৰক। বিজেপিয়ে এতিয়া মূল্যবৃদ্ধিক লৈ এষাৰো মাত নামাতে কিয় ? আন্তঃৰাজ্যিক সীমান্তৰ সমস্যা আজিলৈকে সমাধান হোৱা নাই। চৰকাৰখনে আন্তঃৰাজ্যিক সীমান্তৰ সমস্যা সমাধান কৰি সীমান্তবাসীক নিৰাপত্তা প্রদানৰ ব্যৱস্থা কৰক। দিছিল। কিন্তু এতিয়া ৰাইজৰ বাবে আনন্দ অহা নাই। একাংশই মন্ত্রী-বিধায়ক হৈহে আনন্দ লাভ কৰিছে।’ আনহাতে ৰাজ্যৰ ১২ খন তৈলক্ষেত্র নিলামৰ বাবে গগৈয়ে কয়— 'তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰণ মানি ল'ব নোৱাৰি। অ’ এন জি চিয়ে যদি দেশৰ বাহিৰলৈ গৈ তেল উত্পাদন কৰিব পাৰে, ইয়াত নোৱৰাৰ কাৰণ কি? তেওঁলোকে কৈ আছে নিলাম কৰিলে ভাল হ’ব বুলি। যদি ভাল হয় তেন্তে সকলোবোৰ ব্যক্তিগত পর্যায়লৈ লৈ যাওক।’ কেন্দ্রীয় চৰকাৰে হিন্দু বাংলাদেশীক পোনপটীয়াকৈ ভাৰতীয় নাগৰিকত্ব প্রদান কৰিব বিচৰা কার্যৰ বিৰোধিতা কৰি প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে কয়— ‘হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব দিয়াৰ পূর্বে তেওঁলোকক প্রথমে শৰণার্থী হিচাপে ৰাখিব লাগে। তাৰ পিচত পর্যায়ক্রমে নাগৰিকত্ব প্রদানৰ ব্যৱস্থা কৰক। ইপিনে অসমত জেহাদীৰ ভাবুকি বৃদ্ধি পোৱা বুলি উদ্বিগ্নতা প্রকাশ কৰি গগৈয়ে কয়— অসমৰো বহু যুৱকে জেহাদী সংগঠনত যোগ দিয়াৰ খবৰ আহিছে। এইক্ষেত্ৰত চৰকাৰে বিশেষ নজৰ দিয়া উচিত। বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰক।'
Source
Source
facebook
twitter
google+
fb share