এক শতাংশ মূল্য সংযোজিত কৰ (ভেট) বৃদ্ধিৰ ফলত জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ মাধমাৰ নপৰে৷ এই মন্তব্য অসম চৰকাৰৰ বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ৷ অসম চৰকাৰে ৰাজ্যৰ শোচনীয় বিত্তীয় ব্যৱস্থাৰ জোৰা মৰাৰ বাবে ভেট বৃদ্ধি কৰাৰ পাছত ৰাজ্যজুৰি যি প্রতিক্রিয়াৰ সৃষ্টি হৈছে সেই সময়তে নতুন দিল্লীত আজি কেন্দ্রীয় বিত্ত মন্ত্রী অৰুণ জেটলিক সাক্ষাৎ কৰে ৰাজ্যৰ বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ এই সাক্ষাতৰ পাছত শর্মাই সাংবাদিকৰ আগত কয় যে ৰাজ্য চৰকাৰে মাত্র এক শতাংশহে ভেট বৃদ্ধি কৰিছে৷ এই বৃদ্ধিৰ ফলত ৰাইজৰ ওপৰত কোনো ধৰণৰ মাধমাৰ নপৰে৷ কোম্পানীসমূহৰ মুনাফাৰ পৰাহে আদায় কৰা হ’ব সেই টকা৷ ৰাজ্যৰ আর্থিক সমস্যা দূৰ কৰিবলৈ হ’লে অতিৰিক্ত ভেটৰ প্রয়োজন আছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই এক শতাংশ ভেটৰ ফলত চৰকাৰে 700 কোটি টকা অতিৰিক্তভাৱে লাভ কৰিব৷ আনহাতে, অহা বর্ষৰ পৰা অসম চৰকাৰে সপ্তম দৰমহা আয়োগৰ প্রতিবেদনৰ ভিত্তিত কর্মচাৰীসকলক বেতন প্রদান কৰিব বুলিও প্রকাশ কৰে মন্ত্রীজনে৷ তেওঁ জনায় যে সপ্তম দৰমহা আয়োগৰ পৰামর্শ অনুসৰি ৰাজ্যৰ কর্মচাৰীসকলক দৰমহা দিবলৈ হ’লে প্রতি বছৰে অতিৰিক্ত 5000 কোটি টকাৰ প্রয়োজন হ’ব৷ এই অতিৰিক্ত ধনৰাশিৰ বাবে ভেটৰ উপৰি খাৰুৱা তেলৰ ৰয়েল্টিৰ প্রয়োজন হ’ব৷ ভেট আৰু খাৰুৱা তেলৰ ৰয়েল্টি আদিৰ পৰাই চৰকাৰে সপ্তম দৰমহা আয়োগৰ পৰামর্শ অনুসৰি কর্মচাৰীক বেতন প্রদান কৰাৰ লগতে ৰাজ্যৰ আর্থিক অৱস্থাও টনকিয়াল কৰাৰ চেষ্টা চলাব বুলি স্পষ্ট কৰি দিয়ে মন্ত্রীজনে৷ আনহাতে, আর্থিক সমস্যাৰ লগতে ৰাজ্যখনে খাৰুৱা তেলৰ ৰয়েল্টিৰ বাবত কেন্দ্রৰ পৰা পাব লগীয়া ধনখিনি যাতে কেন্দ্রই সোনকালে মোকোলাই দিয়ে তাৰ বাবে দাবী জনাই কেন্দ্রীয় বিত্ত মন্ত্রীক সাক্ষাৎ কৰিলে মন্ত্রী শর্মাই৷ এই সম্পর্কত তেওঁ কয় যে কেন্দ্রই আমাক সহায় কৰাৰ প্রতিশ্রুতি দিছে৷ এই বছৰৰ পৰাই আমি খাৰুৱা তেলৰ ৰয়েল্টি লাভ কৰিম৷ তেলৰ ৰয়েল্টি মুকলি কৰিলে অসমে 2000 কোটি টকা লাভ কৰিব৷ অহা 22 জুলাইত উচচতম ন্যায়ালয়ে অসমৰ খাৰুৱা তেলৰ ৰয়েল্টি সম্পর্কত শুনানি গ্রহণ কৰিব বুলি জনাই তেওঁ কয়, ‘আমি আশা কৰিছোঁ এই শুনানিত ন্যায়ালয়ে অসমৰ পক্ষে ৰায়দান কৰিব৷’ প্রণিধানযোগ্য যে আজি মন্ত্রী শর্মাই কেন্দ্রীয় মানৱ সম্পদ দপ্তৰৰ সচিব বি এছ অৱেৰয়ৰ সৈতেও এক বৈঠকত মিলিত হয়৷ এই বৈঠকত শর্মাই ৰাজ্যত খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণ কৰাৰ বাবে দাবী উত্থাপন কৰে৷ এই সম্পর্কত পাছত শর্মাই সাংবাদিকৰ আগত কয় যে অচিৰেই ৰাজ্যত বৃহৎ সংখ্যক টে’ট শিক্ষকক নিযুক্তি দিয়া হ’ব৷
-
Blogger Comment
-
Facebook Comment
facebook
twitter
google+
fb share