ঈদৰ দিনাখনেই বেঁকীত উটি গ’ল পাঁচ বছৰীয়া শিশু

৭ জুলাইঃ
Photo- Shiben Deka
পৱিত্র ঈদ-উল-ফিটৰৰ দিনাখন মানাহৰ বেকী নৈৰ বুকুত উটি গ’ল এটি পাঁচ বছৰীয়া শিশু। বাগছ জিলাৰ চুণবাৰী গাঁৱৰ নজৰুল ইছলামৰ পাঁচ বছৰীয়া পুত্র ছাইফুল ইছলামে ঈদৰ দিনা পুৱা প্রায় এঘাৰ বজাত বেঁকী নৈৰ বুকুত এখন নাৱত উঠি সমনীয়াৰ সৈতে খেলি গা ধুই আছিল। তেনে সময়তে নাৱৰ পৰা হঠাত্ নৈৰ বুকুত পৰি যায় ছাইফুল নামৰ কণমানি শিশুটো। স্থানীয় ৰাইজে ততাতৈয়াকৈ শিশুটিক উদ্ধাৰৰ বাবে অশেষ চেষ্টা কৰে যদিও অৱশেষত বিফল হয়। নৈৰ তীব্র সোঁতত উটি যোৱা শিশুটিক উদ্ধাৰৰ বাবে ঘটনাস্থলীত শালবাৰী মহকুমা আৰক্ষী বিষয়া সমন্বিতে শালবাৰী থানাৰ ভাৰপ্রাপ্ত বিষয়াসহ আৰক্ষীৰ লোক উপস্থিত হয় যদিও উদ্ধাৰ কাৰ্যত তেওঁলোকো ব্যর্থ হয়। পৱিত্র ঈদ-উল-ফিটৰৰ দিনাখনেই শোকাৱহ ঘটনাটিত দুখ প্রকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক ৰাতুল হুছেইন, আমছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক সাজাহান আলী আহমেদ, বাগছ জিলা সমিতিৰ সভাপতি মিনহাজুল ইমৰান, শালবাৰী জিলা এবিএমছুৰ সভাপতি ইব্রাহিম আলীয়ে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment