মূল্যবৃদ্ধিক লৈ জনতাক আভুৱা ভাঁৰাৰ কূট-কৌশল বিত্তমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ



 ৭ জুলাইঃ
ৰাজ্যৰ ১২৭ বিধ সামগ্ৰীৰ ওপৰত ৰাজ্য চৰকাৰে মূল্য সংযোজিত কৰ বৃদ্ধি কৰাৰ ফলত কোনো সামগ্ৰীৰে মূল্য বৃদ্ধি নহয় বুলি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্রী হিমন্তবিশ্ব শৰ্মাই দাবী কৰিলেও ভেটৰ হাৰ বৃদ্ধিৰ ফলত ৰাজ্যত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যোৱা ৫ জুলাইৰ নিশা ১২ বজাৰ পৰা অসমত প্রতি লিটাৰ পেট্ৰ’লত ৭৩ টকা আৰু প্রতি লিটাৰ ডিজেলত ১.৬২ টকা বৃদ্ধি পাইছে। সেই অনুসৰি বর্তমান অসমত পেট্ৰ’লৰ মূল্য প্রতি লিটাৰত ৬৪.৫৭ টকা আৰু প্রতি লিটাৰ ডিজেলৰ মূল্য ৫৬.৯৬ টকা হৈছেগৈ। পেট্রল, ডিজেল, ৰন্ধন গেছকে ধৰি ১২৭ বিধ সামগ্ৰীৰ ওপৰত ৰাজ্য চৰকাৰে ৬ ৰ পৰা ১৪ শতাংশলৈ ভেট বৃদ্ধি কৰি যোৱা ২ জুলাইৰ দিনা চৰকাৰী অধিসূচনা জাৰি কৰিছিল। এই অধিসূচনাৰ পিচতেই ৫ জুলাইৰ নিশা ১২ বজাৰ পৰা অসমত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা বুলি আই অ’ চিৰ সূত্রই জানিবলৈ দিছে। কিন্তু চৰকাৰৰ মতে এই কৰ বৃদ্ধিৰ ফলত কোনো গ্রাহকে কোনো সামগ্রী অত্যধিক দামত ক্রয় কৰিব নালাগে, কাৰণ চৰকাৰে সামগ্ৰী উত্পাদন কৰা পৰাহে এই বর্ধিত মূল্য সংযোজিত কৰ আদায় কৰিব। মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীয়ে উপযুপৰি এই দাবী কৰিলেও দুয়োজনৰে ভাষ্য অসাৰ প্রতিপন্ন কৰি ৰাজ্যত পেট্রল, ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ ফলত অচিৰেই সকলো সামগ্ৰীৰ পৰিবহণ ব্যয় বৃদ্ধিক দোহাই দি সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি ঘটাৰ বাট এতিয়া প্রশস্ত হৈ পৰা দেখা গৈছে। সেই অনুসৰি পৰিবহণ ব্যয় বৃদ্ধি হ’লে শাক-পাচলি, আলু-পিয়াজকে ধৰি সকলো নিত্যব্যৱহার্য খাদ্য-সামগ্ৰীৰ মূল্যও শীঘ্ৰে পুনৰ বঢ়াৰ আশংকা ঘনীভূত হৈ পৰিছে। তদুপৰি বিত্ত মন্ত্ৰীয়ে দাবী কৰিছে যে ভেট বৃদ্ধিৰ ফলত কোনো ভেটৰ হাৰ বৃদ্ধি কৰাৰ পিচত কোম্পানীসমূহে উত্পাদন কৰা নতুন সামগ্ৰীসমূহ খুচুৰা বজাৰলৈ এৰি দিওঁতে স্বাভাৱিকতে বর্ধিত ভেটৰ হাৰ তাত যোগ কৰিহে মূল্য নির্ধাৰণ কৰিব আৰু মূৰকত গৈ খুচুৰা বিক্রেতায়ে সেয়া গ্রাহকৰ মূৰত টাঙোন শোধাই সংগ্ৰহ কৰিবলৈ বাধ্য হ'বগৈ। আনহাতে খাৰুৱা তেল উত্পাদনকাৰী উল্লেখযোগ্য ৰাজ্য হিচাপে পৰিচিত অসমত পেট্ৰ’ল-ডিজেলৰ মূল্য এনেদৰে বৃদ্ধি পোৱাৰ বিপৰীতে কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত এতিয়াও অসমতকৈ পেট্ৰ’ল-ডিজেলৰ মূল্য কম হাৰত বিক্ৰী হৈ থকা দেখা গৈছে। অৰুণাচল প্রদেশত বর্তমান প্রতি লিটাৰ পেট্রল ৬০.৮১ টকা আৰু প্রতি লিটাৰ ডিজেল ৫২.৪৯ টকাত বিক্ৰী হৈ আছে। ত্ৰিপুৰাত পেট্রল বিক্ৰী হৈ আছে ৬০.০৯ টকা আৰু ডিজেল বিক্ৰী হৈ আছে ৫২.৫১ টকাকৈ। একেদৰে চুবুৰীয়া ৰাজ্য মেঘালয়তো অসমতকৈ পেট্ৰ’ল-ডিজেলৰ দাম কম। মেঘালয়ত প্রতি লিটাৰ পেট্রল ৬৩.৬২ টকা আৰু প্রতি লিটাৰ ডিজেলৰ মূল্য হৈছে ৫৪.৩১ টকা। খাৰুৱা তেল, প্রাকৃতিক গেছ উত্পাদনৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে অগ্রণী ৰাজ্য বুলি পৰিচিত হৈ আহিছে। ৰাজ্যৰ জাতীয় দল-সংগঠন, নাগৰিক সমাজেও তেল উত্পাদনৰ দিশৰ পৰা অসমক লৈ সদায়ে দেশৰ মানচিত্ৰত গৌৰৱ কৰি অহা দেখা গৈছে। তথাপিও তেল উত্পাদনকাৰী ৰাজ্যখনত গ্রাহকে ভাৰতৰ আন ৰাজ্যৰ তুলনাত অধিক দামত পেট্ৰ’ল-ডিজেল ক্রয় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি উত্তৰ-পূৰ্বাঞ্চলৰে ত্ৰিপুৰা, অৰুণাচল প্রদেশ, মেঘালয়ৰ তুলনাত অসমৰ গ্ৰাহকে অধিক মূল্যত দুর্ভাগ্যজনকভাৱে পেট্ৰ’ল-ডিজেল ক্রয় কৰিবলগা হৈছে। মূল্যবৃদ্ধি ৰোধৰ অন্যতম প্রতিশ্রুতিৰে পৰিবৰ্তনৰ শ্ল’গান দি ক্ষমতালৈ অহা সর্বানন্দ সোণোৱাল চৰকাৰে ডেৰ মাহতে সামগ্ৰীৰ ওপৰত মূল্য সংযোজিত কৰ বৃদ্ধি কৰি পেট্ৰ’ল-ডিজেলৰ খুচুৰা মূল্য বৃদ্ধি কৰাৰ বাট মুকলি কৰাৰ বিষম ফল এতিয়া ভোগ কৰিবলগা হৈছে সাধাৰণ গ্রাহকে। দিল্লী-দিছপুৰ উভয়তে আছে এতিয়া বিজেপি চৰকাৰ। নৰেন্দ্র মোডী-সর্বানন্দ সোণোৱাল উভয়ে অচ্চে দিন’ আৰু পৰিবৰ্তনৰ শ্ল’গান দি চৰকাৰ গঠন কৰিছে। সেয়েহে এতিয়া গ্রাহকে যিকোনো মূল্যৰ বিনিময়তে বিচাৰিছে সামগ্ৰীৰ মূল্য হ্রাস হওক। কিন্তু ইয়াৰ বিপৰীতে অসমৰ বিজেপি চৰকাৰে ভেট বৃদ্ধি কৰি পেট্রল-ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ পৰৱৰ্তী পর্যায়ত পৰিবহণ ব্যয় বৃদ্ধিক দোহাই দি খাদ্য-সামগ্রী বা অন্যান্য সামগ্ৰীৰো মূল্যবৃদ্ধি ঘটাৰ আশংকা ঘনীভূত হৈ পৰিছে। 

Link : http://asomiyapratidin.in/article.php?date=08-07-2016&page=1&article=13.jpg&cid=264629#.V39GztR94rg

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment