বাক্সা জিলাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ ঢেকীয়াজানী ভিচিডিচিৰ কয়েমাৰী গাওঁৰ এই গৰাকী মহিলালৈ লক্ষ্য কৰিলে যিকোনো সাধাৰণ মানুহেই বুজিব পাৰিব যে মহিলাগৰাকী অতি দৰিদ্ৰ৷ প্ৰকৃততে এই মহিলাগৰাকীয়ে লোকৰ ঘৰত কাম কৰি পেটৰ ভাত মোকলায়৷ ৰমজান মাহত ফেতৰা সংগ্ৰহ কৰি অথবা কাৰোবাৰ ঘৰত বাচন-বৰ্তন মাঝি কোনো মতে জীৱন নিৰ্বাহ কৰি আহিছে মহিলাগৰাকীয়ে৷ অতি দৰিদ্ৰ এই মহিলা গৰাকীৰ থাকিবলৈ এখন ঘৰ নাই৷ মহিলাগৰাকীৰ স্বামী ইতিমধ্যে বিয়োগ হৈছে৷ ইহসংসাৰত তাইৰ আপোন বুলি ক’বলৈ কোনো নাই৷ সেইবাবে প্লাষ্টিকৰ সহায়ত বাঁহেৰে এখন সৰু জুপুৰি সাজি নিশা পাৰ কৰে তাই৷ ভাৰত চৰকাৰে এনে দৰিদ্ৰ লোকৰ বাবে ইন্দিৰা আবাস যোজনা (IAY) আঁচনি যুগুত কৰিছিল যাতে অইন সাধাৰণ মানুহৰ দৰে এইসকলেও এখন ঘৰ সাজি দিন-ৰাতিবোৰ পাৰ কৰিব পাৰে, সুখেৰে৷ উপাৰ্জনৰ বাবেও ব্যৱস্থা কৰিদিছিল MGNREGA আঁচনিৰ জৰিয়তে৷ কিন্তু এই আঁচনিবোৰে প্ৰকৃততে সাধাৰণ শ্ৰেমণীৰ এই মানুহৰ বাবে ফলদায়ক হৈছে নে ? নাইবা এই মহিলাগৰাকী এই আঁচনিৰ বাবে যোগ্যতা লাভ কৰিব পাৰিছে নে ?
![]() |
Kulsum Nesa's House (Side- 1) |
বিবেকৰ মঞ্চত এই প্ৰশ্নবোৰে বাৰে বাৰে খুন্দিয়াই থকাৰ বাবেই আমি মহিলাগৰাকীৰ কাষ চাপিছিলো৷ আমাৰ হাতত যিবোৰ ভয়ানক তথ্য আহি পৰিছে সেইবোৰ জানিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব৷ মহিলা গৰাকীৰ নাম কুলছুম নেছা৷ তাইৰ নামত উপযুক্ত আই ডি নম্বৰো আছে, যাৰ জৰিয়তে ইতিমধ্যে এখন ইন্দিৰা আবাস যোজনাৰ ঘৰ আৱন্টিতও কৰা হৈছে৷ কিন্তু মহিলা গাৰাকীয়ে লাভ কৰা নাই সেই চৰকাৰী আঁচনিৰ ঘৰ৷ মহিলা গৰাকীয়ে আমাৰ আগত ব্যক্ত কৰিছে এনেধৰণে- ‘ মোৰ আই ডি নম্বৰ ২৬১৪৫ ৷ মোৰ উক্ত আইডি নম্বৰৰ বিপৰীতে ২০১২-২০১৩ ইং বর্ষত এখন ইন্দিৰা আৱাস যোজনাৰ গৃহ আৱন্টিত হৈছিল বুলি জানিব পাৰিছিলো। কিন্তু সেই সময়ত ঢেকীয়াজনী ভিচিডিচিৰ অধ্যক্ষ আছিল আকতাৰ হুছেইন তালুকদাৰ৷ ঘৰ আনি দিয়াৰ নামত তেওঁ মোৰ পৰা ৫,০০০ (পাঁচ হাজাৰ) টকা বিচাৰিছিল৷ মই ইমান টকা ক’ত পাম, মই এবেলা এসাজ খাব পালে পাছত খাবলৈ পাম নে তাৰেই কোনো নিশ্চয়তা নাথাকে৷ মই চিয়াৰমেন (অধ্যক্ষ) জনে দাবী কৰা টকা দিব নোৱাৰাত মোৰ নামৰ বিপৰীতে আৱন্টিত ইন্দিৰা আৱাস যোজনাৰ গৃহ অইন কাৰোবাৰ ফটাে ব্যৱহাৰ কৰি মোকলাই আনিলে৷ পাছত খবৰ লৈ জানিলো গোৱৰ্দ্ধনা উন্নয়ন খণ্ডৰ বিষয়া মোজাম্মেল হুছেইন আৰু অভিজন্ত ওৱাজেদ আলীৰ সহযোগত জালিয়াতিৰে ইউনিয়ন বেংকৰ শিমলাগুৰী শাখাৰ ৪২২১০ নম্বৰৰ একাউন্টৰ জৰিয়তে মোৰ ঘৰৰ বাবে আৱন্টিত সমুদায় ধন মোকলাই আত্মসাত্ কৰিছে। মই এগৰাকী দৰিদ্ৰ আৰু অসহায় বিধৱা মহিলা হোৱা হেতুকে উক্ত প্রবঞ্চক কেইজনে মোক প্রবঞ্চনা কৰিলে।’ — মহিলা গৰাকীয়ে সকলোবোৰ কথা আমাৰ আগত খুলি কৈছিল৷ তাই এই ঘটনা জনাৰ পিছত শালবাৰী থানাত এখন এজাহাৰো দাখিল কৰিছিল৷ এজাহাৰখনৰ ভিত্তিত শালবাৰী থানাত ৪৯/১৬ নম্বৰত এখন গুচৰ ৰুজু হৈছে৷ তাত্পৰ্যপূৰ্ণ ভাবে জুন মাহৰ ১৩ তাৰিখে এজাহাৰ দিয়াৰ পিছতো আজিলৈকে মহিলা গৰাকীয়ে নাপালে ন্যায়৷৷
মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ কপিটোৰ নকল কপি তলত দিয়া হ’ল—
![]() |
Ajahar copy- Submitted at Salbari P.S. by Kulsum Nesa |
এই এজাহাৰ খন থানাত দাখিল কৰাৰ পিছত অভিযুক্ত আকতাৰ হুছেইন তালুকদাৰে মহিলাগৰাকীক ৫০ হাজাৰ টকা দি এজাহাৰখন উঠাই লোৱাৰ বাবে চাপ দিছিল যদিও তাই এজাহাৰখন উঠাই লোৱা নাই, মাথো ন্যায় পোৱাৰ আশাত৷ ‘‘তেজ খোৱা মানুহক মই ক্ষমা নকৰো, শাস্তি পাবই লাগিব’’- তাই কৈছিল৷ কিন্তু প্ৰশ্ন হয় এই বিধৱা মহিলাগাৰকী ন্যায় পাব নে অসম আৰক্ষীৰ পৰা ? ন্যায় পাব নে বিভাগীয় কতৃপক্ষৰ পৰা ?
![]() |
Student Leader Abdul Hai Talukdar |
উল্লেখ্য যে এই গৰাকী অসহায় মহিলাক সহায় কৰাৰ বাবে আমছুৰ বাক্সা জিলা সমিতিৰ কোষাদক্ষ আব্দুল হাই তালুকদাৰ নামৰ ছাত্ৰ নেতা এজন আগবাঢ়ি অহাৰ বাবে তেওঁক ইতিমধ্যে প্ৰাণে মৰাৰ চেষ্টাও কৰা হৈছে৷ আমি ছাত্ৰ নেতাজনকো লগ কৰিছিলো৷ তেওঁ আমাৰ আগত কৈছিল— ‘আমছুৱে সদায় নিৰিহৰ বাবে মাত মাতি আহিছে, নিৰ্জাতিত, নিপীড়িতৰ বাবে মাত মাতিবলৈ নিজৰ প্ৰাণক তুচ্ছ কৰিবলৈকো মই প্ৰস্তুত আছো৷’ সেই সম্পৰ্কে ইতিপূৰ্বে আমি বাতৰি পৰিৱেশন কৰিছো.. http://www.neonline.in/2016/07/mgnrega-iay.html .
facebook
twitter
google+
fb share