টাইৱানত জীৱন্তে অগ্নিদগ্ধ ২৬ যাত্রী

২৪ জনেই চীনৰ পর্যটক, 
২০১০ চনৰ পিচত দ্বিতীয়টো বৃহত্ বাছ দুর্ঘটনা
টাইপেই, ১৯ জুলাই, ২০১৬ : 
A handout photo shows the devastation on the bus which crashed near Taipei.
টাইৱানৰ টাউৱান চহৰত আজি এখন পর্যটক পৰিবাহী বাছত সংঘটিত অগ্নিকাণ্ডত ২৬ জন লোকে প্রাণ হেৰুৱায়। প্রত্যক্ষদর্শৰ সূত্রমতে, আজি পুৱা প্রায় ৫ বজাত বাছখনে পথৰ পৰা পিছলি কাষৰ লোৰ খুঁটাত খুদা মৰাৰ ফলত নিমিষতে জ্বলি উঠে আৰু ২৪ জন যাত্রী জীৱন্তে অগ্নিদগ্ধ অৱস্থাত মৃত্যুমুখত পৰে। বাকী দুজন স্থানীয় গাইড আৰু বাছৰ চালক আছিল। নিহত যাত্ৰীসকল চীনৰ পর্যটক আছিল। লক্ষণীয় যে টাইৱানত চীনৰ নাগৰিকৰ এনেদৰে মৃত্যু হোৱাৰ ঘটনা এইটোৱে সবাতোকৈ ভয়ংকৰ। ৰাজধানী টাইপেইৰ পৰা দক্ষিণে ২নং ৰাষ্ট্ৰীয় ঘাইপথত আজিৰ এই দুর্ঘটনাটাে সংঘটিত হয়। আজি বিয়লি টাইৱান ভ্রমণ সামৰি এইসকল পর্যটকে স্বদেশলৈ ৰাওনা হোৱাৰ কথা আছিল। কিন্তু তাৰ পূর্বে উত্তৰ-পূব চীনৰ লিয়াউনিং প্রদেশৰ এইসকল পর্যটকে দুর্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰিল। টাউৱান চহৰৰ অগ্নিনির্বাপক বাহিনীৰ মুৰব্বী লই চি চঙৰ মতে পুৱতি নিশা বাছৰ ভিতৰত নিদ্রাৰত অৱস্থাতে আটাইকেইজন যাত্রী জীৱন্তে অগ্নিদগ্ধ হয়।

জুই ইমান তাত্ক্ষণিক আছিল যে তেওঁলোকে পলায়নৰ কোনো সুযোগেই নাপালে। আনহাতে, পথৰ কাষৰ খুঁটাত বাছখনৰ দুয়োখন দর্জা হেঁচা খাই পৰাত যাত্ৰীসকলে ওলাই যোৱাৰ সুযোগ নাপালে। দুর্ঘটনাটোৰ ত অগ্নিদগ্ধ বাছখনৰ সন্মুখৰ পৰা জুই আৰু ক’লা ধোঁৱা ওলাই থকা দেখা গৈছে। ১৩ খন অগ্নিনির্বাপক বাহন আৰু ৩০ জন জোৱানৰ আপ্রাণ চেষ্টাৰ ফলত জুই নির্বাপণ হয় যদিও ইতিমধ্যে সকলো শেষ হৈছিল। ২০০৮ চনত টাইৱানত চীনা পর্যটকৰ বাবে দুৱাৰ মুকলি কৰাৰ পৰা আজিৰ ঘটনাটোকে ধৰি এতিয়ালৈ ৮৩ জন চীনৰ নাগৰিক ইয়াত মৃত্যুমুখত পৰিছে। ২০১০ চনতো এনে এক দুর্ঘটনাত ১৯ জন চীনা নাগৰিক নিহত হৈছিল।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment