গুৱাহাটী, ২০ জুলাই, ২০১৬ :
অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনাখন দিছপুৰ লাষ্টগেটত আন্দোলনত বহিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে৷ অসমৰ ১২ টাকৈ তৈল্যক্ষেত্ৰ ব্যক্তিগত কোম্পানীৰ হাতত নিলামৰ বিৰোধীতাৰ লগতে ৰাজ্য চৰকাৰে ১২৭ বিধ অত্যাৱশ্যকীয় সামগ্ৰিৰ মূল্যূৃদ্ধিৰ বিৰোধীতা আৰু মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত আমছু আজি লাষ্টগেটত দুই ঘন্টীয়া অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে৷
আমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে বিভিন্ন জিলা সমিতিৰ পৰা প্ৰতিবাদকাৰীসকলে লাষ্টগেটত সমবেত হৈ পুৱা ১১ বজাৰ পৰা দুই ঘন্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ উক্ত কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সভাপতি আজিজুৰ ৰহমান, সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰ, আইনুদ্দিন আহমেদ, উপসভাপতি মনোৱাৰ হুছেইন, ছাইফুদ্দিন আহমেদকে ধৰি কেন্দ্ৰীয় সমিতিৰ আন আন বিষয়ববীয়াসকলে উপস্থতিত থাকি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শ্ল’গান দিয়া পৰিলক্ষিত হয়৷

facebook
twitter
google+
fb share