ৱেব ডেস্ক, ১৯ জুলাই, ২০১৬ :
এই দম্পত্তীহাল বৰপেটা জিলাৰ ভৱানীপুৰ মৌজাৰ অন্তৰ্গত শুকমানাহ গাৱঁৰ বাসিন্দা বাদশ্বাহ মিয়া আৰু মনোৱাৰা খাতুন। এওঁলোক দুয়োৰে পিতৃ-মাতৃৰ নামত ১৯৭১ চনৰ আগৰ নথি পত্ৰ থকাৰ পিছতো কোনোবাই শত্ৰুতামূলকভাৱে বাংলাদেশীৰ কেছ লগাই দিয়াত পুলিচে ধৰি লৈ দুই মাহ গোৱালপাৰাৰ ডিটেনচন কেম্পত ৰাখিলে। মাটি-বাৰী,গৰু বিক্ৰী কৰি কেম্পৰ পৰা জামিনত উলাই এতিয়া সৰ্বহাৰা এওঁলোক।উপযুক্ত নথি থকাৰ পিছতো এওঁলোক এতিয়া সন্দেহযুক্ত নাগৰিক। কেছ নিষ্পত্তিৰ বাবে উকীলক দিবলৈ নাই টকা। সেয়ে এওলোক দুজন এতিয়া উপায়ন্তৰ হৈ লোকৰ পৰা খুজি টকা সংগ্ৰহ কৰিবলৈ বাধ্য। টকা সংগ্ৰহৰ উদ্দেশ্যে ঘূৰি ফুৰিছে বৰপেটা জিলাৰ বিভিন্ন অঞ্চল। জীৱন যুদ্ধত অসহায় এওঁলোকক আজি এনেকৈয়ে দেখা গল কলগাছিয়া বজাৰত।
এওঁলোকৰ নিচিনা আৰু সহশ্ৰজন প্ৰকৃত ভাৰতীয় নাগৰিকে বছৰ বছৰ ধৰি বাংলাদেশীৰ নামত যাতনা ভোগ কৰি আহিবলগীয়া হৈছে। আৰু কিমানদিনলৈ সহ্য কৰিব লাগিব? উলাবনে সমিধান ?

(বিঃদ্ৰঃ কলগাছিয়া দৰ্পণ ৰ সৌজন্যত প্ৰকাশিত)

(বিঃদ্ৰঃ কলগাছিয়া দৰ্পণ ৰ সৌজন্যত প্ৰকাশিত)
facebook
twitter
google+
fb share