চৰকাৰৰ কৰ বৃদ্ধিৰ সিদ্ধান্ত জনবিৰোধীঃ আজিজুৰ ৰহমান, সভাপতি আমছু
গুৱাহাটীঃ
মূল্য বৃদ্ধি হ্ৰাস, অসমৰ
সামগ্ৰিক উন্নয়ন, দূৰ্নীতি নিৰ্মূল, গঁড়
হত্যা বন্ধ কৰা ইত্যাদি ইত্যাদি পৰিবৰ্তনৰ শ্লোগানৰ আবেগেৰে ক্ষমতাত অহা সৰ্বানন্দ
সোনোৱাল নেতৃত্বাধীন অসম চৰকাৰে কাৰ্যকালৰ আৰম্ভণিতে বিশ্বাসঘাতকতা কৰা আৰু
মিথ্যাচাৰৰ আশ্ৰয় লৈ সৰ্ব সাধাৰণ ৰাইজক মাধমাৰ দি ১২৭ বিদ সামগ্ৰীৰ কৰ বৃদ্ধি কৰাৰ
সিদ্ধান্তক আমছুৱে তীব্ৰ বিৰোধীতা কৰে৷ বিগত বছৰ সমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিয়ে ৰাইজক
জুৰুলা কৰি অহাত সৰ্বানন্দ সোনোৱাল আৰু বিজেপিৰ ৰাষ্ট্ৰীয় ৰাজ্যিক নেতৃত্বৰ মূল্য
বৃদ্ধি হ্ৰাসৰ প্ৰতিশ্ৰুতিত পতিয়ন গৈ বিজেপি আৰু মিত্ৰদলক ক্ষমতাত অধিষ্ঠিত কৰি
কিছু সকাহ পাব বুলি আশা কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ
সোনোৱাল আৰু অসমৰ বহুবল্কী বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম
চৰকাৰে কাৰ্যকালৰ আৰম্ভণিতে সাধাৰণ ৰাইজৰ আশাক পদাঘাত কৰি অতি গোপনীয় বাবে ১২৭ বিদ
সামগ্ৰীৰ কৰ বৃদ্ধি কৰি ৰাজ্য চৰকাৰ যে পুঁজিপতি আৰু বণিক গোষ্ঠীৰ চৰম পৃষ্ঠপোষকতাকে
প্ৰমাণ কৰি দিলে। মূল্য বৃদ্ধিৰ ফলত সাধাৰণ ৰাইজে সন্মুখীন হৈ অহা সমস্যাৰ সমাধানৰ
কোনো ব্যৱস্থা নলৈ চৰকাৰৰ কেবিনেটে কৰ বৃদ্ধিৰ সিদ্ধান্ত লৈ চৰকাৰৰ বিত্তীয় অৱস্থাক টনকিয়াল কৰাৰ সিদ্ধান্ত চৰম জনবিৰোধী। অসম চৰকাৰে
খাৰুৱা তেলৰ ৰিয়েলিটীৰ বাবদ কেন্দ্ৰীয় চৰকাৰৰ পৰা পাব লগীয়া ১০,০০০ কোটি টকা আদায় কৰি ৰাজ্য চৰকাৰৰ আৰ্থিক ব্যৱস্থা সুস্থিৰ কৰিব পাৰিলেহেঁতেন কিন্তু কেন্দ্ৰীয়
চৰকাৰ বণিক গোষ্ঠীৰ ওচৰত আঠু লৈ ইতিমধ্যে ১২ খনকৈ তৈলক্ষেত্ৰ
ব্যক্তিগত খণ্ডক গতোৱাৰ সিদ্ধান্ত লোৱা, বৃহৎ নদীবান্ধ
নিৰ্মাণৰ বাবে সন্মতি প্ৰদান কৰা, ধৰ্মৰ নামত ১৯৭১ চনৰ ২৫
মাৰ্চ তাৰিখৰ পিছৰ অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা সন্দৰ্ভত
কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তত সন্মতি প্ৰদান কৰা, গঁড় হত্যা
বন্ধ কৰাৰ কোনো বৈজ্ঞানিক আৰু ব্যৱহাৰিক কৌশল গ্ৰহণ নকৰি অসহায় বাবে গঁড় হত্যা
বন্ধ কৰা অসম্ভৱ বুলি মন্তব্য কৰি ইতিমধ্যে বহুকেইটা অসম বিৰোধী কাৰ্য্য কৰিবলৈ
আগবঢ়া সোনোৱাল চৰকাৰে যে পৰবৰ্তী দিনত তেওঁলোকৰ
কাৰ্য্যকালত অসমখনক বৃহৎ পুঁজিপতি আৰু বণিক গোষ্ঠীৰ ওচৰত বন্ধকত থব সেইটো এক
প্ৰকাৰ খাটাং হৈছে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৰ বৃদ্ধি কৰাৰ সিদ্ধান্তক
পুনৰবিবেচনা কৰি সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়
আমছুৰ সভাপতি আজিজুৰ ৰহমানে। অন্যথাই অতিশীঘ্ৰে সোনোৱাল নেতৃত্বাধীন
ৰাজ্য চৰকাৰক জনবিৰোধী আৰু বিশ্বাসঘাতকৰ চৰকাৰ বুলি আখ্যায়িত কৰি অসমৰ ৰাইজ
ৰাজপথলৈ ওলাই আহিব। আমছুৱে আগন্তুক ঈদৰ পিছত মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীত তথা
সোনোৱাল নেতৃত্বাধীন চৰকাৰৰ অসম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্য ব্যাপি গণআন্দোলন গঢ়ি তুলিব বুলিওঁ আমছুৰ সভাপতি আজিজুৰ ৰহমানে এক প্ৰেছ
বিবৃতি যোগে চৰকাৰক সকিয়াই দিয়ে৷
facebook
twitter
google+
fb share