মোডী মন্ত্ৰীসভাত উত্তৰ প্ৰদেশৰ দহজনৰ বিপৰীতে অসমৰ পৰা একমাত্ৰ ৰে’ল দপ্তৰৰ ৰাজ্যিক মন্ত্রী

৫ জুলাইঃ
২০১৪ চনত স্বাধীনতাৰ পিছৰ আটাইতকৈ ক্ষুদ্ৰ মন্ত্ৰী সভা গঠন কৰি ৰাইজৰ মাজত নতুন মেজিকৰ সোৱাদ দিয়া মোডী চৰকাৰে আজি পূৰ্বৰ অটল বিহাৰী বাজপেয়ীৰ পিচত সর্ববৃহত্ মন্ত্রীসভা গঠন কৰে। মোডীৰ এই জাম্বো মন্ত্রীসভাৰ মুঠ সদস্য সংখ্যা হ’লগৈ ৭৮। উল্লেখযোগ্য যে কেন্দ্ৰৰ শাসন ক্ষমতালৈ অহাৰ পিচত প্রধানমন্ত্রী মোডীয়ে এইবাৰেই প্রথম মন্ত্রীসভাৰ সাল-সলনি ঘটালে। মন্ত্রীসভাত ১৯ খনকৈ নতুন মুখ অন্তর্ভুক্ত কৰাৰ বিপৰীতে পাঁচজন মন্ত্রীক মন্ত্রী পদৰ পৰা বিদায় দিয়া হয়। প্রধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ কাম-কাজৰ সফলতাৰ ভিত্তিতহে মন্ত্ৰীৰ এই সম্প্রসাৰণ আৰু সাল-সলনি ঘটায়। আজি দিনৰ ১১ বজাত ৰাষ্ট্রপতি ভৱনৰ দৰবাৰ হলত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীয়ে নতুন মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। এই মন্ত্ৰীসকলৰ ভিতৰত ১৭ খন নতুন মুখ। ইয়াৰ বিপৰীতে দুজন পূৰ্বৰ এন ডি এ চৰকাৰৰ দিনত মন্ত্রী আছিল। তেওঁলোক হ’ল বিজয় গোৱেল আৰু ফঞ্জন কুলস্তে। সোতৰখন নতুন মুখৰ ভিতৰত সদ্যসমাপ্ত বিধানসভা নির্বাচনত বিজেপিয়ে চমকপ্রদ সাফল্য লাভ কৰা ৰাজ্য অসমৰ পৰা স্থান লাভ কৰিবলৈ সক্ষম হোৱা একমাত্র মন্ত্ৰীগৰাকী হ’ল নগাঁৱৰ লোকসভাৰ সাংসদ ৰাজেন গোহাঁই। নগাঁও লোকসভা সমষ্টিৰ পৰা একেৰাহে চাৰিবাৰকৈ জয়ী হোৱা বিজেপিৰ জ্যেষ্ঠ সাংসদগৰাকীয়ে কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰীৰূপে আজি শপত গ্রহণ কৰে। তেওঁক ৰে’ল দপ্তৰৰ ৰাজ্যিক মন্ত্রীৰ দায়িত্ব দিয়া হৈছে। তেওঁৰ লগতে মোডী মন্ত্রীসভাৰ সম্প্রসাৰণত আজি অন্তৰ্ভুক্ত হোৱা ১৯ গৰাকী মন্ত্ৰীৰ আটাইকেইগৰাকীয়ে ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্রহণ কৰে। আনহাতে আজিৰ এই সম্প্রসাৰণত মোডী মন্ত্রীসভাৰ এগৰাকী ৰাজ্যিক মন্ত্রীক কেবিনেট মন্ত্রীলৈ পদোন্নতি দিয়া হয়। তেওঁ হ’ল বন আৰু পৰিবেশ দপ্তৰৰ স্বতন্ত্র দায়িত্বৰ ৰাজ্যিক মন্ত্রী প্রকাশ জাভেড়কাৰ। আজিৰ শপত গ্রহণ অনুষ্ঠানত ১৯ গৰাকী নতুন মন্ত্ৰীয়ে কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্রহণ কৰাৰ বিপৰীতে তেওঁ কেবিনেট মন্ত্ৰীৰূপে শপত গ্রহণ কৰে। আজিৰ এই সম্প্রসাৰণৰ সময়ত উত্তৰ প্রদেশকে ধৰি অহা বছৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’বলগা ৰাজ্যক বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। উত্তৰ প্ৰদেশৰ পৰা তিনিজন মন্ত্রীক এই সম্প্রসাৰণত অন্তর্ভুক্ত কৰাৰ লগে লগে মন্ত্রীসভাত উত্তৰ প্ৰদেশৰ মন্ত্রীৰ সংখ্যা হৈ পৰিছে দহজন। ৰাজ্যখনৰ জাত-পাতভিত্তিক ৰাজনীতিৰ প্রতি লক্ষ্য ৰাখি উক্ত সমীকৰণৰ ভিত্তিত উত্তৰ প্ৰদেশৰ তিনিগৰাকী নতুন মন্ত্ৰীক মন্ত্রীসভাত স্থান দিয়া হৈছে। তেওঁলোকৰ ভিতৰত আছে ব্রাহ্মণ সম্প্রদায়ৰ মহেন্দ্র কুমাৰ পাণ্ডে, দলিত তথা মহিলা সাংসদ কৃষ্ণ ৰাজ আৰু অন্যান্য পিচপৰা শ্রেণীৰ জনপ্রিয় মুখ অণুপ্রিয়া পেটেল। উল্লেখযোগ্য যে অণুপ্রিয়া পেটেল হৈছে আপনা দলৰ সদস্য আৰু মোডী মন্ত্রীসভাৰ কনিষ্ঠ মন্ত্ৰীসকলৰ অন্যতম। তাত্পর্যপূর্ণ যে অণুপ্রিয়াক তেওঁৰ মাতৃ কৃষ্ণা পেটেলে যোৱা বছৰ দলৰ পৰা বহিষ্কাৰ কৰিছিল। অণুপ্রিয়াৰ বিৰুদ্ধে দলবিৰোধী কাৰ্যৰ অভিযোগ তোলা হৈছিল। উত্তৰ প্রদেশ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখিয়েই তেওঁক মন্ত্রীসভাত অন্তর্ভুক্ত কৰা হয়। মধ্যপ্রদেশৰ পৰা মন্ত্ৰী হৈছে ফঞ্জন কুলস্তে, অনিল মাধৱ ডাভে আৰু বিশিষ্ট সাংবাদিক এম জে আকবৰ। গুজৰাটৰ পৰা মন্ত্রী কৰা হৈছে পুৰুষোত্তম ৰূপালা, যশৱন্ত সিং ভাভুৰে আৰু মনসুখভাই মাওবিয়াক। ৰাজস্থানৰ পৰা মন্ত্রী কৰা হৈছে অৰ্জুনৰাম মেঘৱাল, চি আৰ চৌধুৰী, বিজয় গোৱেল আৰু পি পি চৌধুৰীক। মহাৰাষ্ট্ৰৰ পৰা দুজন মন্ত্ৰীক মন্ত্রীসভাত স্থান দিয়া হৈছে। তেওঁলোক হ’ল সুভাষ ভামৰে আৰু আৰ পি আই দলৰ সভাপতি ৰামদাস আঠাৱালে। ইফালে পশ্চিমবংগৰ পৰা অন্তর্ভুক্ত কৰা হৈছে বিজেপি সাংসদ এছ এছ আলুৱালিয়াক ৰাজ্যখনৰ পৰা দুগৰাকী বিজেপি সাংসদ আছিল আৰু তাৰে এগৰাকী বাবুল সুপ্রিয়ক পূর্বতেই মন্ত্রীসভাত অন্তর্ভুক্ত কৰা হৈছিল। এই মন্ত্রীসভাত কর্ণাটকৰ পৰা স্থান দিয়া হৈছে ৰমেশ চণ্ডাপ্লা জিগাজিনাগিক। ইফালে উত্তৰাখণ্ডৰ পৰা মন্ত্রীসভাত স্থান দিয়া হৈছে অজয় তামতীক। 
পাঁচ মন্ত্রীক অব্যাহতিঃ মন্ত্রীসভাৰ সালসলনি তথা সম্প্রসাৰণৰ সময়ত পূৰ্বৰ পাঁচগৰাকী মন্ত্রীক নিজৰ নিজৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হয়। ৰাষ্ট্রপতিয়ে ইতিমধ্যে তেওঁলোকৰ পদত্যাগপত্র গ্রহণ কৰিছে। তেওঁলোক হ’ল জলসম্পদ দপ্তৰৰ ৰাজ্যিক মন্ত্রী শাৱৰ লাল জাট, কৃষি দপ্তৰৰ ৰাজ্যিক মন্ত্রী মোহনভাই কল্যাণজী ভাইকুন্দৰিয়া, পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যিক মন্ত্রী নিহালচান্দ, জনজাতি পৰিক্রমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী মনসুখভাই ধনজিভাই ভাচভা আৰু মানৱ সম্পদ উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্রী অধ্যাপক (ড°) ৰাম শংকৰ কাঠেৰিয়া। লক্ষণীয়ভাৱে আজিৰ এই শপত গ্রহণ অনুষ্ঠানত উপস্থিত নাছিল বিৰোধী দল কংগ্ৰেছৰ কোনো সদস্য। আনহাতে বিদেশ মন্ত্রী সুষমা স্বৰাজ আৰু দলৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিও এই অনুষ্ঠানত উপস্থিত নাছিল। বিদেশ মন্ত্রী চৰকাৰী কাৰ্যসূচীত ব্যস্ত থকাৰ বিপৰীতে লালকৃষ্ণ আদৱানি পাৰিবাৰিক কাৰণত দিল্লীৰ বাহিৰত আছিল। ইফালে আজি কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্রহণ কৰাৰ পিচত ৰাজেন গোহাঁয়ে নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে তেওঁ প্রথমবাৰ মন্ত্রিত্ব লাভ কৰিছে আৰু এইটো এটা নতুন অভিজ্ঞতা।
মন্ত্ৰীৰূপে শপত গ্রহণ কৰি তেওঁ এক শিহৰণ অনুভৱ কৰিছে বুলি উল্লেখ কৰি গোহাঁয়ে কয় যে মন্ত্রীৰ দায়িত্ব গ্রহণ কৰি এইক্ষেত্ৰত কেনেদৰে আগবাঢ়িব সেইটো তেওঁ চাব লাগিব। গোহাঁয়ে কয় যে প্রধানমন্ত্রীয়ে যি দায়িত্ব তেওঁক দিছে সেয়া তেওঁ গুৰুত্বসহকাৰে পালন কৰিব। তেওঁ আশা ব্যক্ত কৰে যে নতুন মন্ত্ৰীসকলক প্রধানমন্ত্ৰীয়ে নিশ্চিতভাৱে কোনো নির্দেশনা দিব আৰু এইক্ষেত্ৰত তেওঁ মাগ দর্শন কৰিব। উল্লেখযোগ্য যে ৰাজেন গোহাঁয়ে প্রস্তাৱিত এইমছ হাস্পতাল চাংসাৰিত স্থাপনৰ বিৰোধিতা কৰি নগাঁও জিলাৰ ৰহাত স্থাপন কৰাৰ দাবীত চলোৱা আন্দোলনৰ নেতৃত্ব দিছিল। এতিয়া তেওঁ কেন্দ্রীয় মন্ত্রীসভাত স্থান লাভৰ পিচত এই ইছু্যত তেওঁৰ স্থিতি কি হ’ব, সেয়া লক্ষণীয় হ’ব। আনহাতে মোডী মন্ত্রীসভাত অসমৰ জ্যেষ্ঠ সাংসদ ৰাজেন গোহাঁইক অন্তর্ভুক্ত কৰা বিষয়টোত প্রতিক্রিয়া ব্যক্ত কৰি অসম প্রদেশ কংগ্ৰেছৰ ভাৰপ্রাপ্ত সভাপতি ৰিপুণ বৰাই কয় যে তেওঁ এগৰাকী জ্যেষ্ঠ সাংসদ আৰু তেওঁক কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত কৰাটো ভাল হৈছে। কিন্তু তেওঁক কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰীৰ পৰিবর্তে কেবিনেট মন্ত্ৰীৰ মর্যাদা দিয়া উচিত আছিল বুলি উল্লেখ কৰি বৰাই কয় যে নৰেন্দ্র মোডী আৰু অমিত শ্বাহে অসম-প্রীতিৰ কথা কয় যদিও মন্ত্রীসভাৰ সম্প্রসাৰণত সেই প্রীতি দেখা নগ’ল। অসমৰ পৰা কমেও দুজন মন্ত্রীক দায়িত্ব দিয়া উচিত আছিল বুলি তেওঁ মন্তব্য কৰে। তাত্পর্যপূর্ণ যে প্রধানমন্ত্রী নৰেন্দ্র মোড়ীয়ে দুবছৰ পূর্বে দেশবাসীক সুশাসনৰ প্রতিশ্রুতি দি ঘোষণা কৰিছিল মিনিমাম গবর্নমেন্ট, মেক্সিমাম গৱনেন্স’। অর্থাত্ ক্ষুদ্রতম চৰকাৰ আৰু সৰ্বাধিক সুশাসন। কিন্তু দুবছৰ পিচতেই মন্ত্রীসভাৰ সালসলনি তথা সম্প্রসাৰণ ঘটাই নিজৰ প্রতিশ্রুতি আৰু শ্ল’গানৰ পৰাই তেওঁ নীৰৱে আঁতৰি গ’ল। অটল বিহাৰী বাজপেয়ীৰ পূৰ্বৰ এন ডি এ চৰকাৰৰ পিচত মোডীৰ মন্ত্রীসভাই হৈছে অন্যতম জাম্বো মন্ত্রীসভা। এইবাৰ লক্ষণীয়ভাৱে মোডীৰ মন্ত্রীসভাত স্থান লাভ কৰিছে উচ্চশিক্ষিত মন্ত্ৰীসকলে। নতুন এই মন্ত্ৰীসকলৰ ভিতৰত আছে আইনজীৱী, চিকিৎসক, পি এইচ ডি ডিগ্রীধাৰী আৰু দেশৰ আগশাৰীৰ সাংবাদিকো। ইয়াৰে ছজন মন্ত্ৰী হৈছে আইনজীবী। তেওঁলোক হ’ল পি পি চৌধুৰী, বিজয় গোৱেল, ফল্গুন সিং কুলস্তে, অৰ্জুন ৰাম মেঘৱাল, এছ এছ আলুৱালিয়া আৰু ৰাজেন গোহাঁই। আনহাতে নতুন মন্ত্রী সুভাষ ৰাম ৰাও ভামৰে হৈছে একমাত্র চিকিৎসক মন্ত্রী। তেওঁ কেন্সাৰৰ বিশেষজ্ঞ শল্য চিকিৎসক। স্নাতকোত্তৰ ডিগ্রীধাৰী মন্ত্ৰীসকল হৈছে কৃষ্ণ ৰাজ, অণুপ্রিয়া সিং পেটেল,চি আৰ চৌধুৰী আৰু অনিল ডাভে। এম জে আকবৰ সাংবাদিক। আনহাতে ৰমেশ জিগানজিনাগি, যশৱন্ত সিং ভাভৰ, পুৰুষোত্তম ৰূপালা আৰু মনসুখ মাণ্ডব্য হৈছে স্নাতক ডিগ্রীধাৰী। মহেন্দ্ৰ নাথ পাণ্ডে হৈছে মোড়ী মন্ত্রীসভাত একমাত্র পি এইচ ডি ডিগ্রীধাৰী।
আজি সন্ধিয়া নতুনকৈ অন্তর্ভুক্ত কেন্দ্রীয় মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰা হয়। নতুন মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণৰ লগতে আন কেইবাজনো কেবিনেট মন্ত্রীৰ দপ্তৰৰ সালসলনি ঘটোৱা হয়। পূৰ্বৰ বন আৰু পৰিবেশ মন্ত্র্যালয়ৰ স্বতন্ত্র মন্ত্রী প্রকাশ জাভেড়কাৰক কেবিনেট মন্ত্রী হিচাপে শপত গ্রহণ কৰোৱাৰ পাচত তেওঁক দায়িত্ব দিয়া হয় অতি গুৰুত্বপূর্ণ মানৱ সম্পদ বিকাশ মন্ত্র্যালয়ৰ। পূৰ্বৰ মানৱ কল্যাণ বিকাশ মন্ত্রী স্মৃতি ইৰাণীক দিয়া হয় বস্ত্র বিভাগ। পূর্বে বিত্ত মন্ত্রী অৰুণ জেটলিৰ দায়িত্বত থকা তথ্য আৰু সম্প্রচাৰ মন্ত্র্যালয়ৰ দায়িত্ব অতিৰিক্তৰূপে প্রদান কৰা হয় নগৰ উন্নয়ন মন্ত্রী ভেংকায়া নাইডুক। ডি ভি সদানন্দ গৌড়াক আইন মন্ত্র্যালয়ৰ পৰা অব্যাহতি দি তেওঁক পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ বিভাগৰ দায়িত্ব দি আইন বিভাগৰ দায়িত্ব দিয়া হয় ৰবিশংকৰ প্ৰসাদক। এম জে আকবৰক বৈদেশিক দপ্তৰৰ ৰাজ্য মন্ত্রী, অসমৰ সাংসদ ৰাজেন গোহাঁইক ৰে’ল ৰাজ্য মন্ত্রী হিচাপে দায়িত্ব দিয়া হৈছে। ভেংকায়া নাইডুৱে নতুনকৈ তথ্য-সম্প্রচাৰ মন্ত্র্যালয়ৰ দায়িত্ব লাভ কৰিলেও তেওঁ হেৰুৱায় সংসদীয় পৰিক্রমা বিভাগ। অনন্ত কুমাৰে সংসদীয় পৰিক্ৰমা আৰু অনিল মাধৱ ডাভেই লাভ কৰিছে গুৰুত্বপূর্ণ বনপৰিবেশ মন্ত্র্যালয়ৰ দায়িত্ব। আজিৰ সালসলনি অনুসৰি বিজয় গোৱেলে ক্রীড়াযুৱ কল্যাণ (ৰাজ্য), বাবুল সুপ্রিয়ই নগৰ উন্নয়ন (ৰাজ্য), ইন্দৰ সিঙক নগৰ উন্নয়ন (ৰাজ্য), অৰ্জুন মেঘৱালক বিত্ত (ৰাজ্য), জয়ন্ত সিন্‌হাক অসামৰিক বিমান পৰিবহণ (ৰাজ্য), সন্তোষ কুমাৰ গেংৱাৰক বিত্ত (ৰাজ্য), ফল্গুন সিং কুলাস্তেক স্বাস্থ্য পৰিয়াল কল্যাণ (ৰাজ্য), হংসৰাজ গংগাৰাজক গৃহ (ৰাজ্য), ৰমেশ চান্দাপা জিগাজিনাংগীক খোৱাপানী আৰু অনাময় (ৰাজ্য), অণুপ্রিয়া পেটেলক স্বাস্থ্যপৰিয়াল কল্যাণ (ৰাজ্য), অজয় টামটাক বস্তু (ৰাজ্য), এছ এছ আলুৱালিয়াক কৃষি-কৃষক কল্যাণ আৰু সংসদীয় পৰিক্ৰমা (ৰাজ্য), সঞ্জয় কুমাৰ বাল্যানক জলসম্পদ (ৰাজ্য) মন্ত্র্যালয়ৰ দায়িত্ব প্রদান কৰা হৈছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment