ৱেব ডেস্ক, ১৭ আগষ্ট, ২০১৬ঃ
উত্তৰ-পূৱৰ ৰাজ্য অসম আৰু মণিপুৰসহ চাৰিখন ৰাজ্যত নতুনকৈ ৰাজ্যপাল নিযুক্তি দিছে৷ আজি ৰাষ্ট্ৰপতি কাৰ্য্যলয়ৰ পৰা প্ৰকাশ কৰা বিবৃতি মতে, বিজেপি শাসিত অসমত ৰাজ্যপাল হিচাপে নিযুক্তি দিছে নাগপুৰৰ প্ৰাক্তণ সাংসদ বানৱাৰিলাল পুৰোহিতক। অতিৰিক্ত দায়িত্বত থকা নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচার্যৰ স্থানত অসমৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্রহণ কৰিব বানৱাৰিলাল পুৰোহিতে। উত্তৰ-পূবৰে আন এখন ৰাজ্য কংগ্ৰেছশাসিত মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছে সদ্যপ্রাক্তন মন্ত্রী নাজমা হেপতুল্লাক। বিগত মাহত মোদী কেবিনেটৰ পৰা পদত্যাগ কৰা সংখ্যালঘু দপ্তৰৰ প্রাক্তন মন্ত্রী ৭৬ বছৰীয়া নাজমা হেপতুল্লাক ৰাজ্যপাল হিচাপে নিযুক্তি দিছে। লক্ষণীয় যে মেঘালয়ৰ ৰাজ্যপাল ভি চানমুগানাথনে মণিপুৰৰ অতিৰিক্ত ৰাজ্যপাল হিচাপে দায়িত্ব গ্রহণ কৰি আছিল। মন কৰিবলগীয়া যে ২০১৪ চনৰ মে’ৰ পৰা মণিপুৰৰ ৰাজ্যপাল সঘনে সালসলনি হৈ থকাৰ পৰিপ্রেক্ষিতত উক্ত সময়ছোৱাৰ পাছত পঞ্চমগৰাকী ৰাজ্যপাল হিচাপে হেপতুল্লাই দায়িত্ব গ্রহণ কৰিব। বিজেপিৰ নীতি অনুযায়ী ৭৫ বছৰৰ উর্ধ্বৰ লোকক মন্ত্রীসভাত অন্তৰ্ভুক্ত নকৰা প্রক্রিয়া মতেই মোদী কেবিনেটৰ পৰা পদত্যাগ কৰা নাজমা হেপতুল্লাই দিল্লীৰ পৰা অতি দূৰৈৰ অৰ্থাৎ ১,৭০০ কিলোমিটাৰ নিলগৰ মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াত অসন্তুষ্ট হৈছে। দিল্লীৰ আশে-পাশে থকা ৰাজ্যত ৰাজ্যপাল হিচাপে দায়িত্ব চম্ভালিবলৈ আগ্রহ প্রকাশ কৰা নাজমা হেপতুল্লাক দূৰৈৰ মণিপুৰত কি কাৰণত নিযুক্তি দিলে, তাক প্রকাশ নকৰিলেও ক্ষুণ্ণ হৈছে প্রাক্তন মন্ত্ৰীগৰাকী। আনহাতে বিধানসভা নির্বাচন সমাগত পঞ্জাবত ৰাজ্যপাল হিচাপে নিযুক্তি দিছে ৬৮ বছৰীয়া বিজেপিৰ ৰাজস্থানৰ প্রাক্তন সাংসদ ভি পি সিং বাদন ৰেক। ইপিনে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত উপ-ৰাজ্যপাল হিচাপে নিযুক্তি দিছে বিজেপিৰ নতুন দিল্লীৰ নেতা তথা প্রাক্তন মন্ত্রী জগদীশ মুখীক। আন্দামাননিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেন্ট জেনেৰেল (অৱসৰপ্রাপ্ত) এ কে সিঙৰ স্থানত বিজেপি নেতা জগদীশ মুখীক নতুনকৈ দায়িত্ব অৰ্পণ কৰা হৈছে।

আজি ৰাষ্ট্রপতি কাৰ্যালয়ে অসমৰ ৰাজ্যপাল হিচাপে বিজেপি নেতা বাৱাৰিলাল পুৰোহিতক নিযুক্তি দিয়া হৈছে বুলি আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে। নাগপুৰৰ তিনিবাৰৰ সাংসদ পুৰোহিতে দুবাৰ কংগ্ৰেছৰ হৈ আৰু এবাৰ বিজেপিৰ হৈ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮৪ত অষ্টম লোকসভাৰ কংগ্ৰেছৰ সাংসদ হিচাপে জয়লাভ কৰাৰ লগতে ১৯৮৯ চনতো কংগ্ৰেছৰে নাগপুৰৰ সাংসদ হিচাপে নির্বাচিত হৈছিল। পিছলৈ অযোধাত ৰামমন্দিৰ নিৰ্মাণ আন্দোলন আৰম্ভ হোৱাত ভাৰতীয় জনতা পাটীত যোগদান কৰি ১৯৯১ চনত দলৰ হৈ নাগপুৰৰ পৰা প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হয় যদিও কংগ্ৰেছৰ দত্ত মেঘেৰ হাতত পৰাজিত হয়। পৰৱৰ্তী ১৯৯৬ চনত বিজেপিৰ প্রার্থী হিচাপে একাদশ লোকসভাত সাংসদ হিচাপে প্রতিনিধিত্ব কৰে। পুনৰ ২০০৯ চনত বিজেপিৰ প্রার্থী হিচাপে নির্বাচনত অৱতীর্ণ হয় যদিও কংগ্ৰেছৰ বিলাস মুত্তেমৱাৰৰ হাতত পৰাজিত হয়। তিনিবাৰৰ প্রাক্তন সাংসদ বাৱাৰিলাল পুৰোহিত ১৯৮০ চনত প্রকাশ কৰা নাগপুৰৰ দৈনিক বাতৰিকাকত দ্য হিটাভাৰাৰ স্বত্বাধিকাৰী।ইয়াৰ উপৰি নাগপুৰত চলাই থকা ভাৰতীয় বিদ্যাভৱন স্কুলৰ অধ্যক্ষ হিচাপে কাৰ্যনির্বাহ কৰি আছে।
facebook
twitter
google+
fb share