‘তহঁত বাংলাদেশী’ বুলি বিধায়কক অপমান, মন্দিয়াত দহ সহস্রাধিক ৰাইজৰ প্রতিবাদী সমদল

ক্ষমা খোজাৰ দাবী অসম ৰাজ্যিক জমিয়ত উলেমাৰ

এছ এ আহমেদ, ১৮ আগষ্ট :
অসমীয়া ভাষা-সাহিত্য সংস্কৃতি জীয়াই ৰখাৰ লগতে অসমৰ গ্ৰাম্য অর্থনীতি টনকীয়াল কৰাৰ ক্ষেত্ৰত অগ্রণী ভূমিকা গ্রহণ কৰা অসমৰ বংগমূলীয় মুছলমানসকলক বিভিন্ন সময়ত একাংশ তথাকথিত জাতীয়তাবাদী দল-সংগঠনে পথে-ঘাটে অপমানঅপদস্ত কৰাৰ লগতে লাঞ্চনা-বঞ্চনা কৰি হাৰাশাস্তি কৰি আহিছে। 


এইবেলি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ শেষৰটো দিন ১৩ আগষ্টত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক তই বাংলাদেশী আৰু তহত বাংলাদেশী বুলি শাসকীয় বিজেপি দলৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে তুচ্ছ-তাচ্ছিল্য কৰি বিধায়ক গৰাকীৰ লগতে অসমৰ সমগ্র মুছলমান জাতিটোকে অপমান কৰে। 

ইয়াৰ প্রতিক্রিয়া হিচাপে বিগত দিন কেইটাৰ দৰে আজিও অসমৰ বিভিন্ন স্থানত তীব্র প্রতিবাদ সাব্যস্ত হোৱাৰ সমান্তৰালকৈ সাম্প্রদায়িক তথা অসম সম্পর্কে নূন্যতমো জ্ঞান নথকা বিধায়ক ৰমাকান্ত দেউৰী আৰু বিধানসভাৰ মজিয়াত পক্ষপাতিত্বমূলক আচৰণ কৰা অসম বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক নিলম্বন কৰাৰ দাবী উত্থাপন হয়। আজি বাঘবৰ সমষ্টিৰ মন্দিয়াত শ্বেৰমান ফেন ক্লাব, কৃষক মুক্তি সংগ্রাম সমিতি, চৰ-চাপৰি সাহিত্য পৰিষদ, বাঘবৰ ক্লাব এণ্ড লাইব্ৰেৰী, বাঘবৰ এন এছ ইউ আই বাঘবৰ যুৱ কংগ্ৰেছ, ইউনিটি ক্লাব এণ্ড লাইব্রেৰীকে আদি কৰি ৰাজ্যখনৰ প্রায় ৩২ টা কৈ সংগঠনৰ নেতৃত্বত হাজাৰ হাজাৰ ৰাইজে ৰাজপথলৈ ওলাই আহি বিধায়ক ৰমাকান্ত দেউৰীৰ আৰু অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে। 


পুৱা ১১ বজাৰ পৰা প্রায় দহ সহস্রাধিক প্রতিবাদকাৰীৰ উপস্থিতিত বাঘবৰৰ মন্দিয়া বজাৰৰ পৰা মন্দিয়া ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়লৈ এক প্রতিবাদী সমদল ৰূপায়িত কৰাৰ লগতে উক্ত প্রতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰলৈ মুঠ তিনি দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্র প্রেৰণ কৰে। মৰিগাওঁৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰৰ বিৰুদ্ধে অনাগত ২৪ ঘন্টাৰ ভিতৰত অসম চৰকাৰক বিহিত ব্যৱস্থা গ্রহণ কৰাৰ বাবে দাবী উত্থাপন কৰাৰ লগতে ভূমিহীন কৃষকক মাটি পট্ট প্রদান কৰা, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ গৰাখহনীয়াৰ কবলত পৰা ৰাজ্যখনৰ প্রায় ১,৩০,০০০ লোকসকলক পুনৰ সংস্থাপন প্রদান কৰা, পুনৰ সংস্থাপন প্রদান নকৰা পর্যন্ত VGR, PGR আৰু খাচ মাটিত বসবাস কৰা লোকসকলৰ উচ্ছেদ বন্ধ কৰা আদি দাবী উত্থাপন কৰে। 
স্মাৰকপত্ৰখনৰ জৰিয়তে প্রতিবাদকাৰীসকলে অনাগত ২৪ ঘন্টাৰ ভিতৰত বিধায়ক ৰমাকান্ত দেউৰীক ৰাজহুৱা ক্ষমা খোজাৰ দাবী উত্থাপন কৰে। ২৪ ঘন্টাৰ ভিতৰত দেউৰীয়ে ক্ষমা নুখুজিলে পৰৱৰ্ত্তী সময়ত ইয়াতকৈ তীব্রতৰ আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলা হ’ব বুলিও সকীয়াই দিয়ে। উক্ত প্রতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্রদান কৰা স্মাৰকপত্ৰৰ প্রতিলিপি ভাৰতৰ ৰাষ্ট্রপতি, প্রধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্রীলৈ প্রেৰণ কৰে। 


ইফালে বিধায়ক শ্বেৰমান আলী আহমেদৰ লগতে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক তাচ্ছিল্য কৰি অসমখনক অশান্ত কৰাৰ বাবে কুটিল ষড়যন্ত্ৰ ৰচনা কৰা বিজেপি বিধায়ক ৰমাকান্ত দেউৰীক ৰাজহুৱা ভাবে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে অসম ৰাজ্যিক জমিয়ত উলেমাই। সংগঠনটােৰ সাধাৰণ সম্পাদক মোঃ আব্দুৰ ৰশিদ কাছিমি, সম্পাদক আব্দুছ ছামাদ আহমেদে কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত কয় যে—অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক ৰমাকান্ত দেউৰীক অশুভ তথা অসাংবিধানিক আচৰণৰ বাবে কোনো সকিয়নী আৰু ব্যৱস্থা নকৰি বিধায়ক শ্বেৰমান আলী আহমেদ আৰু এ কে ৰশিদ আলমক মাশ্বাল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া আৰু বিধায়ক শ্বেৰমান আলী আহমেদৰ পৰামৰ্শমূলক বক্তব্য সদনৰ কাৰ্যক্রমনিকাৰ পৰা বাদ দিয়া কার্যই অধ্যক্ষৰ পক্ষপাতিত্বমূলক আচৰণ স্পষ্ট ৰূপত প্রকাশ পাইছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment