জন্মভূমিতেই বিদেশীৰ অপবাদ লৈ গৃহবন্দী মায়ঙৰ সংখ্যালঘু পৰিয়াল



বিধায়ক পীযুষ হাজৰিকাৰ নেতৃত্বত ঘৃণাৰ ৰাজনীতি


ৱেব ডেস্ক, ১৮ আগষ্ট :
মৰিগাঁও জিলাৰ মায়ণ্ডত একাংশ সন্দেহজনক বাংলাদেশী লোকে বাহৰ পাতি মাটি-ভেটি খিলঞ্জীয়া লোকক আক্রমণ কৰা বুলি এক বাতৰিে ৰাজ্যখনত চাঞ্চলৰ সৃষ্টি কৰি থকাৰ সময়তে ঘটনা সংক্রান্তত আমাৰ হাতত পৰিছে এই ঘটনাৰ এক ভয়াবহ তথ্য। 

Related photo

নদীৰ খহনীয়াত নিজ ভেটি-মাটিৰ পৰা উচ্ছেদিত হোৱা সংখ্যালঘু মুছলমান লোকসকলকেই মায়াঙত অবৈধ বাংলাদেশী বুলি অমানীয় নির্যাতন চলাই থকা হৈছে যদিও ঘটনা সম্পৰ্কত পোহৰলৈ আহিছে বিপৰীত চিত্র। অঞ্চলটোত বাস কৰি থকা সংখ্যালঘু মুছলমান পৰিয়ালসমূহৰ ওপৰত নিৰ্জাতন ইমানেই চৰম পৰ্যায় পাইছেগৈ যে মৰিগাঁও জিলাৰ মায়ং এলেকাত বাস কৰি থকা এই সংখ্যালঘু মুছলমান পৰিয়ালৰ লোকসকলে অবৈধ বাংলাদেশীৰ অপবাদ মূৰ পাতি লৈ নিজ গৃহতেই বন্দীদশাত সময় অতিক্রম কৰিবলৈ বাধা হৈছে। অথচ এই লোকসকলৰ খবৰ লবলৈ ৰাজ্যখনত শাসক দলৰ কথা বাদেই বিৰোধী কংগ্ৰেছ অথবা সংখ্যালঘু ত্ৰাণকৰ্তা বুলি দাবী কৰি অহা এ আই ইউ ডি এফ দলৰো কোনো নেতাই আহৰি নোপোলাটো এক আশ্চৰ্যৰ বিষয় হৈ পৰিছে। 

তথ্য অনুসৰি ১৯৯৬-৯৭ চনত নদীৰ প্রবল খহনীয়াত ভেটি-মাটিৰ পৰা উচ্ছেদিত হোৱা একাংশ লোকক লৈয়ে যে জাগীৰোডৰ বিজেপি দলৰ বিধায়ক পীযূষ হাজৰিকাই এক অশুভ ৰাজনীতি আৰম্ভ কৰিছে তাৰ কিছুমান বিস্ফোৰক অভিযোগ প্রাপ্ত হৈছে। 

অভিযোগ অনুযায়ী ব্ৰহ্মপুত্ৰৰ প্রবল খহনীয়াত নিজ ভেটি মাটিৰ পৰা উচ্ছেদিত হোৱা দৰং আৰু অবিভক্ত নগাঁও জিলাৰ এই নিৰীহ পৰিয়ালকলৈ বিজেপিৰ সমর্থনপুষ্ট এটা মহলে এই ঘূণাৰ ৰাজনীতি আৰম্ভ কৰিছে। 

প্রাপ্ত তথ্য অনুযায়ী অসম গণ পৰিষদ চৰকাৰৰ শাসন কালত ১৯৯৬-৯৭ চনত সেই সময়ৰ নগাঁও আৰু বৰ্তমান মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তর্গত পাভকাটি গাঁও পঞ্চায়তৰ অন্তর্গত কঠালগুৰি গাৱৰ আৰু দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিৰ অন্তর্গত গাজবাৰী গাৱৰ ৪০-৪৫ টা পৰিয়ালে মায়াঙৰ তামৰা গাঁৱৰ সংলগ্ন এলেকাত বাস কৰিবলৈ আৰম্ভ কৰে। হাতীমূৰা গাঁৱৰ পাৰ্শ্বৱর্তী জলসিঞ্চন বিভাগৰ এটা নলাৰ দুয়ো কাষে থকা চৰকাৰী খাচ ভূমিত এই লোকসকলে বসতি স্থাপন কৰাৰ বাবে চৰ্ত হিচাপে উক্ত হাতীমূৰীয়া গাঁৱৰ একাংশ লোকৰ পৰা পঞ্চাশ হাজাৰৰ পৰা এক লাখ টকাকৈ প্রতি বিঘা মাটিত আগতীয়াকৈ আদায় দিবলগীয়া হৈছিল। অর্থাত্ চৰকাৰী ভূমি স্থানীয় একাংশ লোকে দখল কৰি ৰখাৰ পৰিণতিতেই উক্ত দখলদাৰী লোকসকলক ভূমিৰ দখলীস্বত্ব এৰাৰ প্রতিদান হিচাপে এই নদীভংগ লোকসকলে দিবলগীয়া হৈছিল ধন৷

এই লোকসকল অঞ্চলটোত বাস কৰাৰ ক্ষেত্ৰত হাতীমূৰীয়া গাৱৰ বয়োবৃদ্ধ লোকসকলৰ আজিও পত্তি নাই বুলি পাকে প্ৰকাৰে স্বীকাৰ কৰিব বিচাৰিলেও বিধায়ক পীযুষ হাজৰিকাৰ আশিসধন্য হাতীমূৰীয়া গাৱৰ ক্লাবৰ একাংশ কর্মকতাৰ ভয়ত মুখ খুলিবলৈ সাহস নোপোৱা হৈছে। 

উল্লেখ্য যে ২০১৬ চনৰ বিধানসভা নির্বাচনৰ পূর্বে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা পীযুষ হাজৰিকাই হাতীমূৰীয়া গাঁৱত নির্বাচনী সভাত মুকলিভাৱে ঘোষণা কৰিছিল যে তেওঁ বিধায়ক হিচাপে নির্বাচিত হোৱাৰ এসপ্তাহৰ ভিতৰতেই হাতীমূৰীয়াস্থিত জলসিঞ্চন নলাৰ ওচৰ-পাজৰে বাস কৰা সংখ্যালঘু মুছলমান লোকসকলক উচ্ছেদ কৰা হ'ব। পীযুষ হাজৰিকাই দিয়া ভক্ত প্রতিশ্রুতিৰ আঁত ধৰিয়েই সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে শপতগ্রহণ কৰাৰ তিনিদিন পিছতেই হাতী জলসিঞ্চন নলাৰ সমীপবর্তী এলেকাত বাস কৰা সংখ্যালঘু মুছলমান লোকসকলৰ একমাত্র যাতায়াতল ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰে হাতীমূৰীয়া ক্লাবৰ কর্মকর্তা যুৱকসকলে। 

ফলত উক্ত লোকসকল বহিঃ বিশ্বৰ সৈতে সম্পূর্ণ যোগাযোগ বিচ্ছিন্ন কৰি এক বন্দী দশাত দিন যাপন কৰিবলগীয়া হৈছে। গাঁওখনত সম্প্রতি দুই শতাধিক পৰিয়ালে বাস কৰি আছে যদিও ইয়াৰে প্রায় অর্ধেক বঙালী হিন্দু পৰিয়াল আৰু অর্ধেক সংখ্যালঘু মুছলমান পৰিয়াল। অথচ লোকসকলৰ ভিতৰত একমাএ সংখ্যালঘু মুছলমান লোকসকলৰ বাধা আৰোপ কৰা হৈছে। এই পৰিস্থিতিৰ মাজত অঞ্চলটোত এক উত্তেজনাপূর্ণ পৰিৱেশ চলি আহিছে যদিও সংখ্যালঘু মুছলমান পৰিয়ালকেইটাই এইক্ষেত্ৰত কি কৰিব তাল কোনো ওৱাদিহ নোপোৱা হৈছে। জীৱনৰ চৰম শংকৰ মাজত বাস কৰি থকা এই পৰিয়ালসমূহে ন্যায় বিচাৰি হাহাকাৰ কৰিব লগা হৈছে৷ তেওঁলোকৰ যাতায়াতৰ একমাত্র পথটো বেৰ দি স্থায়ীভাৱে বন্ধ কৰি দিয়ে। 
এনে ঘটনাৰ প্রতিবাদ কৰিবলৈ কিছু লোক ওলাই আহে যদিও তেওঁলোকে কোনো স্থানীয় লোকক আক্রমণ নকৰাৰ পিছতো উক্ত লোকসকলক আক্রমণকাৰীৰ অপবাদ জাপি দি ব্যাপক প্রচাৰ আৰম্ভ কৰা হৈছে। উল্লেখ্য যে এইবেৰদিয়াৰ ফলত সংখ্যালঘু মুছলমান পৰিয়ালসমূহৰ স্থলপথেৰে যাতায়াতৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। কিয়নোনলী এলেকাটোবাদ দিলে বাকী দিশকেইটা ব্ৰহ্মপুত্ৰৰ বিশাল জলপৃষ্ঠৰে আগুৰি আছে। 
দৰং জিলা গৃহহীন হোৱা লোকসকলক ওভতাই নিয়াৰ প্রতিশ্রুতি প্রদান কৰাৰ কথা উক্ত বিপন্ন পৰিয়ালসমূহক জানিবলৈ দিছে যদিও কিমান দিনৰ ভিতৰত তেওঁলোকক ওভতাই নিয়া হ’ব তাৰ কোনো নিশ্চয়তা প্রদান কৰা নাই। 

আনহাতে, মৰিগাঁও জিলাৰ খহনীয়াগ্রস্ত হৈ উক্ত নলী-নাদৰ পাৰত বাস কৰা লোকসকলক ১০নং বালিমুখৰ চৰকাৰী ভূমিত সংস্থাপিত কৰাৰ প্রস্তাৱ দিছে যদিও উক্ত অঞ্চলটো ইমানেই পিতনি সদৃশ যে বছৰটোৰ বাৰ মাহেই পানী আবদ্ধ হৈ থাকে। ফলত ১০নং বালিমুখৰচৰকাৰী ভূমিত এই পৰিয়ালসমূহ বাস কৰাটো কোনোপধ্যেই সম্ভৱ নহয়। ফলত এই লোকসকলৰ ভবিষ্যত্ চৰম অনিশ্চয়তাৰ মাজত সোমাই ভোট সময়ত এই নিৰীহ লোকসকলক লৈ চৰম ৰাজনীতি কৰা কংগ্ৰেছ আৰু এ আইইউ ডি এফৰ দলে সমস্যাটোক লৈ ৰহস্যজনক নীৰৱতা অতি লক্ষণীয় হৈ পৰিছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment