ৱেব ডেস্ক, ৬ আগষ্ট, ২০১৬ :
কোকৰাঝাৰত ৫ আগষ্টত উগ্রপন্থীয়ে চলোৱা নৰসংহাৰৰ দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে সদৌ অসম ছাত্র সস্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ অহা আছু নেতাগৰাকীয়ে সাংবাদিকেৰে হোৱা বার্তালাপত কয় যে কালিৰ কোকৰাঝাৰৰ নৃশংস ঘটনাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ নিৰাপত্তাৰ দুৰ্বল স্বৰূপ উদঙাই দিলে। স্বাধীনতা দিৱসৰ পূর্বে শংকাময় পৰিস্থিতিত দিন কটোৱা অসমৰ সাধাৰণ জনতাক নিৰাপত্তা প্রদানত চৰকাৰ সম্পূৰ্ণৰূপে ব্যর্থ হৈছে বুলি ড° ভট্টাচাৰ্যই মন্তব্য কৰে। ইপিনে হিন্দু-বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্রদানৰ কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰি আছু নেতাগৰাকীয়ে অবৈধ হিন্দুবাংলাদেশীৰ বোজা অসমে কেতিয়াও ল'ব নোৱাৰে বুলি স্পষ্ট কৰি দি ইয়াৰ বিৰুদ্ধে আছুৰ সংগ্রাম অব্যাহত থাকিব বুলি চৰকাৰক সকীয়াই দিয়ে।
facebook
twitter
google+
fb share