হাগ্রামা-হিমন্ত-প্রমীলাইহে জানিব হত্যালীলাৰ কাৰণ : এন ডি এফ বি (ছ)ৰ সচিব ফেৰেংগাৰ দাবী



১২ জুলাইতে সংগঠনৰ পৰা অব্যাহতি দিছিল মঞ্জয়কতিনি দিন পূর্বে গ্রেপ্তাৰৰ খবৰ পাইছিল মাতৃয়ে


কোকৰাঝাৰ, ৬ আগষ্ট, ২০১৬ : 
কোকৰাঝাৰৰ বালাজানত ৫ আগষ্টত দিন দুপৰতে নৰসংহাৰ চলাই নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী হোৱা এন ডি এফ বি (ছ)ৰ দুর্ধর্ষ উগ্রপন্থী মঞ্জয় ইছলাৰী ওৰফে বি মাডান সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য। আৰক্ষীয়ে নিহত উগ্রপন্থীটোৰ পৰিচয় উদ্ধাৰ কৰিছে যদিও এইপৰ্যন্ত তেওঁৰ পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই।
ফলত আৰক্ষীয়ে দুর্ধর্ষ সন্ত্রাসবাদীটোৰ ডি এন এ পৰীক্ষাযোগে পৰিচয় নিশ্চিত কৰাৰ ব্যৱস্থা কৰিছে। বালাজান বজাৰত নিৰীহৰ তেজেৰে ফাকু খেলা মঞ্জয় ইছলাৰী ওৰফে বি মাডান এন ডি এফ বি (ছ)ৰ গোসাইগাঁৱৰ কমাণ্ডাৰ বুলি আৰক্ষীয়ে প্রকাশ কৰিছে। নিহত উগ্রপন্থীটোৰ ঘৰ গোসাইগাঁৱৰ দুই নং পাখিৰীগুড়ি গাঁৱত। উগ্রপন্থীটোৰ মৃতদেহ চিনাক্তকৰণৰ বাবে আৰক্ষীয়ে তেওঁৰ পিতৃমাতৃক থানালৈ আনিছে যদিও মৃতদেহটো চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই বৃদ্ধ পিতৃ-মাতৃ। কাৰণ প্রায় দহ-বাৰ বছৰ পূর্বে মঞ্জয় ইছলাৰীয়ে ঘৰ-গাঁও ত্যাগ কৰি এন ডি এফ বি (ছ)ত যোগদান কৰিছিল। মঞ্জয় ইছলাৰী আছিল সেনা-আৰক্ষীৰ মষ্ট ৱাণ্টেডৰ তালিকাত। উগ্রপন্থীটোৰ সন্ধানত প্রায়ে সেনা-আৰক্ষীয়ে পাখিৰীগুড়িৰ ঘৰত অভিযান চলাইছিল। আজি সাংবাদিকৰ কেমেৰাত মঞ্জয় ইছলাৰীৰ ফটো চাই বৃদ্ধা মাতৃ কান্দোনত ভাগি পৰে। অৱশ্যে দহ-বাৰ বছৰ পূর্বে ঘৰ এৰি যোৱা উগ্রপন্থী পুত্ৰক তেওঁ চিনাক্ত কৰিব পৰা নাই। ইয়াৰ বিপৰীতে তেওঁ সাংবাদিকক কয় যে তিনিদিনমান পূর্বে আৰক্ষীয়ে মঞ্জয়ক গ্রেপ্তাৰ কৰা বুলি হেনো তেওঁলোকে ক’ৰবাৰ পৰা খবৰ পাইছিল। এনে সময়তে উগ্রপন্থী মঞ্জয়ে বালাজান হত্যা কৰা ঘটনাই গোসাঁইগাঁৱৰ দুই নং পাখিৰীগুড়ি গাঁৱৰ ৰাইজক আচৰিত কৰিছে। স্থানীয় গাঁওবাসীয়ে সাংবাদিকক জনোৱামতে তেওঁলোকে বিগত দহ বছৰ ধৰি মঞ্জয় ইছলাৰীক অঞ্চলটোত দেখা নাছিল। অৱশ্যে উগ্রপন্থীটোৰ সন্ধানত গাঁওখনত চলিছিল সেনাআৰক্ষীৰ তালাচী। ইফালে নিহত উগ্রপন্থী মঞ্জয় ইছলাৰী সন্দৰ্ভত এন ডি এফ বি (ছ)ৰ সচিব বি ফেৰেংগাই আজি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। সাংবাদিকৰ আগত যে যোৱা এঘাৰ মে’ত সেনা-আৰক্ষীয়ে ৰিপু সংৰক্ষিত বনাঞ্চলত এন ডি এফ বিৰ শিবিৰ উত্খাত কৰিছিল। এই ঘটনাত এন ডি এফ বিৰ সদস্য এজন নিহত হৈছিল। তেতিয়াৰে পৰাই সেই শিবিৰটোত থকা মঞ্জয় ইছলাৰীয়ে সংগঠনৰ সৈতে কোনো যোগাযোগ কৰা নাছিল। দুমাহ ধৰি সম্পর্ক নৰখা বাবে এন ডি এফ বিয়ে (ছ) মঞ্জয় ইছলাৰীক যোৱা বাৰ জুলাইত সংগঠনৰ পৰা অব্যাহতি দিছিল। এনে পৰিস্থিতিত উগ্রপন্থীটোৱে বালাজানত গণহত্যা সংঘটিত কৰা ঘটনাৰ আঁৰত তৃতীয় পক্ষৰ ষড়যন্ত্র থকা বুলি ফেৰেংগই দাবী কৰিছে। মঞ্জয় ইছলাৰীয়ে কৰা গণহত্যাৰ কাৰণ হাগ্রামা মহিলাৰী, হিমন্তবিশ্ব শৰ্মা আৰু প্রমীলাৰাণী ব্ৰহ্মই জানিব বুলি মন্তব্য কৰি উগ্রপন্থী নেতাজনে কয় যে হাগ্রামা মহিলাৰীয়ে গাদী ৰক্ষাৰ বাবে ভাতৃঘাতী সংঘর্ষ লগাব বিচাৰিছে। কালিৰ গণহত্যাৰ কেইমূহুর্তমান পিচতেই এই ঘটনাৰ সৈতে এন ডি এফ বি (ছ) জড়িত বুলি হাগ্রামাই দাবী কৰিছিল বুলিও তেওঁ উল্লেখ কৰিছে। অৱশ্যে কালিৰ ঘটনাত মঞ্জয় ইছলাৰী ধৰাশায়ী হ’ল যদিও উগ্রপন্থীটোৰ আনকেইজন সংগী কিদৰে পলায়ন কৰিবলৈ সক্ষম হ’ল সেয়া চর্চাৰ বিষয় হৈ পৰিছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment