ৱেব ডেস্ক, ৬ আগষ্ট, ২০১৬ :
কোকৰাঝাৰত কালি উগ্রপন্থীৰ আক্রমণত মুঠ ১৪ জন নিৰীহ লোক আৰু এজন এনডিএফবি(ছ) উগ্ৰপন্থী নিহত হোৱাৰ লগতে কুৰিজনতকৈ অধিক লোক আহত হোৱাৰ পিচতে চিৰাং জিলাত এন ডি এফ বি(ছ)ৰ এজন দুর্ধর্ষ সদস্যক নিৰাপত্তাৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। চিৰাং জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে জনোৱামতে আজি জিলাখনৰ আমগুৰি থানাৰ অন্তর্গত পার্বতীপুৰৰ পৰা আমিৰাজ বসুমতাৰী (৪২) নামৰ এজন এন ডি এফ বি (ছ) সদস্যক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্রেপ্তাৰ কৰা সদস্যজনৰ পৰা এটা গ্রেনেডো জব্দ কৰা হয়। আৰক্ষী অধীক্ষকজনে প্রকাশ কৰামতে ধৃত আমিৰাজৰ যোৱা ২৪ জুলাইত কোকৰাঝাৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত পুংখা বসুমতাৰীৰ সৈতে সু-সম্পর্ক আছিল। বিসংগতিপূৰ্ণ বিবৃতিৰ জৰিয়তে এনডিএফবি (ছ) য়ে কোকৰাঝাৰৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ নকৰিলেও উগ্ৰপ্ন্থী সংগঠনটোৰ এই সদস্যজন ধৰা পৰা বিষয়টোৰ পৰা উক্ত হত্যাকাণ্ডৰ লগতে আৰু অধিক আক্ৰমণৰ ঘটনা সংঘটিত কৰিব পাৰে বুলি শংকা ব্যক্ত কৰা হৈছে৷
facebook
twitter
google+
fb share