বিজেপি চৰকাৰক বাকী-ফাঁকিৰ চৰকাৰ আখ্যা ৰিপুণ বৰাৰ

বিত্তীয় অনুমোদন নোহোৱাকৈ পথ দলঙৰ আধাৰশিলা স্থাপন কৰিছিল গাড়কাৰীয়ে

ৱেব ডেস্ক, ১৯ আগষ্ট ঃ
বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰ দুখন বাকী আৰু ফাকিত চলা চৰকাৰ বুলি মন্তব্য কৰিছে অসম প্রদেশ কংগ্ৰেছৰ ভাৰপ্রাপ্ত সভাপতি ৰিপুণ বৰাই। কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্রী নীতিন গাড়কাৰীয়ে কোনোধৰণৰ পুজিৰ অনুমোদন নোহোৱাকৈয়ে বিগত বিধানসভা নির্বাচনৰ আগে আগে দিচাংমুখ-টেকেলিফুটা পথ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আৰু নিমাতীঘাট-কমলাবাৰী সংযোগী ব্রহ্মপুত্ৰৰ ওপৰত দলঙৰ আধাৰশিলা স্থাপন কৰি অসমৰ জনগণক চৰম আভুৱা ভৰা বুলি অভিযোগ কৰি আজি অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য প্রদান কৰে প্রদেশ কংগ্ৰেছৰ ভাৰপ্রাপ্ত সভাপতিগৰাকীয়ে।
কেন্দ্রীয় চৰকাৰৰ আভুৱা ভৰা ৰাজনীতি উদঙাই প্রদেশ কংগ্ৰেছৰ ভাৰপ্রাপ্ত সভাপতিগৰাকীয়ে সংবাদমেলত কয় যে চৰকাৰৰ প্রচলিত নিয়ম অনুযায়ী যিকোনো আঁচনিৰ আধাৰশিলা বিত্তীয় অনুমোদন হোৱাৰ পিচতহে কৰা হয়। কিন্তু একমাত্র নির্বাচনৰ স্বার্থতে সর্বানন্দ সোণোৱালৰ প্ৰৰোচনাত কোনোধৰণৰ বিত্তীয় অনুমোদন নোহোৱাকৈয়ে উল্লিখিত পথ আৰু দলঙৰ আধাৰশিলা স্থাপন কৰি কেন্দ্রীয় মন্ত্রী নীতিন গাড়কাৰীয়ে মাজুলী আৰু শিৱসাগৰৰ জনগণৰ লগতে সামগ্রিকভাৱে অসমৰ জনগণক প্রতাৰণা কৰিলে। উল্লিখিত আঁচনিৰ আধাৰশিলা সন্দর্ভত যোৱা আঠ আগষ্টত ৰাজ্যসভাত নিজে উত্থাপন কৰা এক লিখিত প্রশ্নৰ প্ৰসংগ উত্থাপন কৰি আজি ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত প্রদেশ কংগ্ৰেছৰ ভাৰপ্রাপ্ত সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই কয়— মই সোধা লিখিত প্রশ্নৰ উত্তৰত কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ কেন্দ্রীয় ৰাজ্য মন্ত্ৰীয়ে জনায় যে দিচাংমুখ-টেকেলিফুটা সংযোগী পথ আৰু দলং আৰু নিমাতীঘাট-কমলাবাৰী সংযোগী ব্রহ্মপুত্ৰৰ ওপৰত দলঙৰ প্রজেক্ট ৰিপর্ট প্রস্তুত কৰিবলৈ অসমৰ গড়কাপ্তানি বিভাগকহে দায়িত্ব দিয়া হৈছে। তদুপৰি ইয়াৰ কাৰিকৰী সম্ভাৱনীয়তা, বিতং প্রকল্প প্রতিবেদন পৰীক্ষা কৰাৰ পিচত আৰু বন আৰু পৰিবেশ বিভাগৰ সেউজ সংকেত লোৱাৰ পিচতহে পুজিৰ অনুমোদন আৰু নির্মাণৰ কথা আহিব বুলিও কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে লিখিত উত্তৰটোত কয়। ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে এই আঁচনিৰ বাবে দুই ঠাইত আধাৰশিলা স্থাপন কৰি বিজেপি চৰকাৰে বিধানসভা নির্বাচনৰ আগত ৰাইজক এনেদৰে মিছা প্রলোভনেৰে প্ৰৰোচিত কৰিছিল। মাজুলীত নিজৰ বিজয় সুনিশ্চিত কৰাৰ লগতে প্রলোভনৰ ৰাজনীতিৰে ক্ষমতাত অধিষ্ঠিত হোৱাৰ স্বার্থতে সর্বানন্দ সোণোৱালে কেন্দ্রীয় মন্ত্ৰীগৰাকীক প্রৰোচিত কৰি এনেদৰে নিৰ্বাচনৰ আগত মাজুলী, শিৱসাগৰৰ লগতে অসমৰ জনগণক আভুৱা ভাৰিছিল। এনে প্রতাৰণা আৰু আভুৱা ভৰা ৰাজনীতিৰ বাবে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আৰু কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাড়কাৰীয়ে শিৱসাগৰ আৰু মাজুলীৰ লগতে অসমৰ জনগণৰ ওচৰত ক্ষমা খুজিব লাগে বুলিও ৰিপুণ বৰাই কয়। সাংবাদিকক ৰাজ্যসভাৰ এনে প্রশ্নোত্তৰৰ প্রতিলিপিও প্রদান কৰি প্রদেশ কংগ্ৰেছৰ ভাৰপ্রাপ্ত সভাপতিগৰাকীয়ে লগতে কয় যে মাজুলীৰ সত্ৰাধিকাৰসকলৰ আশীৰ্বাদত মাজুলীৰ পৰা বিপুল ভোটত জয়ী হৈ অহাৰ উপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা সর্বানন্দ সোণোৱালে এইদৰে সত্ৰাধিকাৰসকল আৰু মাজুলীৰ জনগণক বিশ্বাসঘাতকতা কৰিলে। আনহাতে সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত বিজেপি চৰকাৰ চৰম ব্যর্থ হোৱা বুলিও অভিযোগ কৰি আজিৰ সংবাদমেলত ৰিপুণ বৰাই কয় যে– কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ আমোলৰ মূল্যবৃদ্ধিক মূল ইছু কৰি আৰু ৰাইজক ভাল দিনৰ সপোন দেখুৱাই ক্ষমতা লাভ কৰা বিজেপি চৰকাৰৰ ২৩ মহীয়া শাসনকালত সকলো নিত্য ব্যৱহার্য সামগ্ৰী, লেখন সামগ্ৰী, গৃহ নিৰ্মাণ সামগ্ৰী, পেট্রলজাত সামগ্রী, শাক-পাচলি, ফল-মূল, ঔষধ আদিৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে আৰু জনসাধাৰণৰ জীৱন দুর্বিষহ হৈ পৰিছে। আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য ব্যাপকভাৱে হ্রাস পোৱাৰ পিচতো ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্রাস হোৱাৰ পৰিবর্তে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। যোৱা ২৩ মাহত স্বাধীনতাৰ পিচৰ সকলো অভিলেখ ভংগ কৰি খাদ্য-সামগ্ৰীৰ পাইকাৰী মূল্যৰ মুদ্রাস্ফীতি ১.৬২ শতাংশৰ পৰা ৩.৫৫ শতাংশলৈ বৃদ্ধি পাইছে। এই হাৰত যদি মুদ্রাস্ফীতি বৃদ্ধি পাবলৈ হয় তেনেহ’লে বিজেপি চৰকাৰৰ বাকী থকা তিনিবছৰীয়া কার্যকালত মুদ্রাস্ফীতি প্রায় ৮ শতাংশলৈ বৃদ্ধি পাব বুলিও তেওঁ কয়। ইয়াৰ বিপৰীতে চৰকাৰে মূল্য নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা লোৱা দূৰৈৰ কথা জনসাধাৰণৰ ক্রয়ক্ষমতা বৃদ্ধিৰ বাবেও কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ কৰে প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ইফালে অসম চৰকাৰে বিভিন্ন সামগ্ৰীৰ ওপৰত এক শতাংশ ভেট বৃদ্ধি কৰাৰ লগতে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ১৪ টকাকৈ ৰাজসাহায্য বঢ়াই দি আৰু পেট্ৰ’ল-ডিজেলৰ ওপৰত বিক্ৰী কৰ বৃদ্ধি কৰি অসমৰ জনগণক মাধমাৰ শোধাইছে বুলিও তেওঁ কয়। শেহতীয়াভাৱে ৰাজ্যত চিমেণ্টৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পোৱা কথালৈকো আঙুলিয়াই ৰিপুণ বৰাই অভিযোগ কৰামতে বিজেপিয়ে নির্বাচনত চিমেণ্ট গোষ্ঠীৰ পৰা বিপুল পৰিমাণৰ ধন লোৱাৰ বাবেই অসমত আকাশলংঘা হাৰত চিমেণ্টৰ মূল্যবৃদ্ধি ঘটিছে। দেশৰ অন্যান্য প্রান্তত প্রতি বেগত ৫-৬ টকাকৈ চিমেণ্টৰ দাম বঢ়াৰ বিপৰীতে অসমত ৩৫৪০ টকাকৈ দাম বাঢ়িছে চিমেণ্টৰ। ভেট বৃদ্ধিৰ ফলত সামগ্ৰীৰ দাম নাবাঢ়ে বুলি ৰাজ্যৰ বিত্ত মন্ত্ৰীয়ে কৈছিল যদিও তেওঁৰ কথা মিছা প্রমাণিত কৰি ভেট বৃদ্ধিৰ ফলত প্রায়ভাগ সামগ্ৰীৰে মূল্যবৃদ্ধি ঘটিছে৷ আনহাতে কেন্দ্রীয় চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কর্তন কৰা নাই বুলি কোৱাৰ লগতে কেন্দ্রীয় পুঁজি আবণ্টনৰ ধৰণ একেই আছে বুলি কৈ ৰাজ্যৰ বিত্ত মন্ত্ৰীয়ে পবিত্র সদনত আসৈ মতা বুলিও ৰিপুণ বৰাই কয়। প্রদেশ কংগ্ৰেছৰ ভাৰপ্রাপ্ত সভাপতিগৰাকীৰ মতে কেন্দ্রত কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত বিজেপিয়ে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে দেশজুৰি হুলস্থল কৰিছিল। কিন্তু কংগ্ৰেছৰ দিনত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্রতি বেৰেল তেলৰ মূল্য সর্বনিম্ন ১১৫ টকা আছিল যদিও বিজেপি ক্ষমতালৈ অহাৰ পিচত কিন্তু আন্তঃৰাষ্ট্রীয় বজাৰত তেলৰ প্রতি বেৰেলৰ মূল্য ৪৬ ডলাৰলৈ হ্রাস পালে। এইদৰে তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্য ৫৫ শতাংশ হ্রাস পোৱাৰ পিচত আচলতে ভাৰতত প্রতি লিটাৰ পেট্ৰ’লৰ মূল্য ৩৩.৩৪ টকা হ'ব লাগিছিল যদিও পেট্ৰ’লৰ মূল্য মাজে মাজে মাত্র দুই-চাৰি টকাহে কমলে বিজেপি চৰকাৰে। ২০১৪ বৰ্ষৰ পৰা এইপৰ্যন্ত বিজেপি চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক ৯ বাৰকৈ বৃদ্ধি কৰা বুলিও অভিযোগ কৰি ৰিপুণ বৰাই কয় যে এই চৰকাৰ আচলতে সর্বসাধাৰণ জনগণনৰ চৰকাৰ নহয়, বৃহৎ পুঁজিপতি গোষ্ঠীৰহে চৰকাৰ। ইফালে শিক্ষা মন্ত্রী হিমন্তবিশ্ব শৰ্মাই পর্যায়ক্রমে ছেবাৰ অধীনস্থ বিদ্যালয়সমূহ চি বি এছ ইৰ অধীনলৈ নিব বুলি অসমৰ জনগণৰ মাজত শেহতীয়াভাৱে দেখা দিয়া আশংকালৈ আঙুলিয়াই আজিৰ সংবাদমেলত ৰিপুণ বৰাই কয় যে ছেবা অসমৰ এক জাতীয় অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ অধীনস্থ বিদ্যালয়সমূহক পৰিকল্পিতভাৱে চি বি এছ ইৰ আধীনলৈ নি অনুষ্ঠানটোক দুর্বল কৰিবলৈ লোৱা যিকোনো প্রচেষ্টাৰ কংগ্রেছে বিৰোধিতা কৰি যাব। উল্লেখ্য, সংবাদমেলত প্রদেশ কংগ্ৰেছৰ মুখপাত্র কিশোৰ ভট্টাচার্য আৰু ড° দয়ানন্দ শৰ্মাও উপস্থিত থাকে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment