স্বর্ণ হেৰুৱালেও অলিম্পিকত সোণালী অধ্যায় ৰচিলে পি ভি সিন্ধুৱে

ৱেব ডেস্ক, ১৯ আগষ্ট :

অলিম্পিকৰ বিশাল মঞ্চত স্বর্ণিল ইতিহাস গঢ়া নহ’ল ভাৰত নন্দিনীৰ। সামান্যৰ বাবে স্বর্ণপদকৰ পৰা বঞ্চিত পি ভি সিন্ধু। অন্তিম মুহুর্তলৈ যুঁজ দি হাৰিও জয় কৰিলে দেশবাসীৰ হৃদয়। অলিম্পিকৰ ইতিহাসত ভাৰতীয় বেডমিণ্টনৰ বর্ণিল ইতিহাসৰ সূচনা কৰিলে নিজামৰ চহৰৰ জীয়ৰীয়ে।


একেদৰে বিশ্ব বেডমিণ্টনতো জন্ম হ’ল সিন্ধু সভ্যতাৰ। ভাৰতৰ ক্রীড়া ইতিহাসত স্মৰণীয় হৈ ৰ’ব সিন্ধুৰ এই যুঁজ। কোনো আক্ষেপ নাই দেশবাসীৰ। এই পৰাজয়ো দেশবাসীৰ বাবে গৌৰৱ। সিন্ধুৱে আজি দেখুৱাই দিলে বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈৰ বিৰুদ্ধে ভাৰতীয়ই সাহসিকতাৰে যুঁজ দিবলৈ কুষ্ঠাবোধ নকৰে। সন্ধিয়াৰ পৰাই সমগ্র দেশ টেলিভিছনৰ সন্মুখত। বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈ স্পেইনৰ কেৰোলিনা মেৰিনক সহজে পৰাভূত কৰাটো প্রায় অসম্ভৱ। কিন্তু পি ভি সিন্ধুৱে যোৱা দুটা দিনত যি দুর্দান্ত প্রদর্শন কৰি আহিছে ভাৰতবাসীৰ হৃদয়ত জন্ম হৈছিল স্বর্ণজয়ৰ সপোন। মেৰিন দুর্দান্ত হব পাৰে কিন্তু অপ্রতিৰোধ্য নহয়। ডেনমার্ক অ’পেনৰ ফাইনেলত এই মেৰিনকে পৰাস্ত কৰিছিল সিন্ধুৱে। প্রথম ছেটত মন্থৰ আৰম্ভণিৰে পৰা পিচ পৰি ৰৈছিল সিন্ধু। এটা সময়ত ছটাকৈ পইণ্টৰ ব্যৱধান। ক'ৰ্টত সম্পূৰ্ণৰূপে আধিপত্য মেৰিনৰ। লাহে লাহে ক'ৰ্টত খোপনি পুতি সিন্ধুৱে ব্যৱধান কমাই গ’ল যদিও মেৰিনক অতিক্ৰমত ব্যৰ্থ। ছেটৰ শেহৰফালে দুর্দান্ত প্রত্যাৱৰ্তন ঘটাই প্রথমবাৰলৈ ২০-১৯ ৰ অগ্রগতি লোৱা সিন্ধুৱে ছেট দখল কৰিবলৈ ভুল নকৰিলে। প্রথমটো ছেট দখলৰ লগে লগে সকলোৱে আশা কৰিছিল যে এই গতি অব্যাহত থাকিব। মেৰিন সহজে হাৰমনাবিধৰ নহয়, তাতে স্বর্ণপদকৰ যুঁজ। এনে সুযোগ জীৱনত সদায়ে নাহে। দ্বিতীয়টাে ছেট সম্পূর্ণ একপক্ষীয়ভাৱে ২১-১২ পইণ্টত দখল কৰি মেচত সমতা আনে মেৰিনে। নির্ণায়ক ছেটত যুঁজ দিও উদ্ধাৰ নহ’ল সিন্ধু। মেৰিনৰ বুদ্ধিমত্তাৰ সন্মুখত মেচত উভতি অহাৰ কোনো সুযোগ নাছিল ভাৰত নন্দিনীৰ।
শেষত ১৫-২১ পইণ্টত পৰাস্ত। সামগ্রিকভাৱে ২১-১৯, ১২-২১, ১৫-২১ ছেটত পৰাজয়বৰণ কৰি ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগা হ’ল পি ভি সিন্ধু। প্রথমটো ছেট দখলৰ পিচত সিন্ধুৱে অপ্রত্যাশিতভাৱে কেইবাটাও ভুল শ্বট খেলাত মেৰিনে মেচখন নিজৰ হাতলৈ নিয়ে। হয়তো অনভিজ্ঞতা আৰু স্নায়ুৰ চাপে সিন্ধুক কাবু কৰি পেলাইছিল। শেষ ৰক্ষা নহ’লগৈ। অলিম্পিকৰ ফাইনেলত প্রৱেশ কৰি পি ভি সিন্ধুৱে প্ৰথমগৰাকী ভাৰতীয় হিচাপে কালিয়েই গঢ়িছিল ইতিহাস। সেই ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে অন্য এক গৌৰৱময় গাথা সন্নিৱিষ্ট কৰাৰ সুযোগ আছিল সিন্ধুৰ সন্মুখত। যিয়েই নহওক, অলিম্পিকৰ ইতিহাসত পোন প্রথমবাৰৰ বাবে এগৰাকী ভাৰতীয় মহিলাই জিনিলে ৰূপৰ পদক। ইয়াৰ আগলৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট আছিল ভাৰতীয় মহিলা। সিন্ধুৰ এই বৃহৎ সাফল্যৰ আঁৰত প্রশিক্ষক পুল্লেলা গোপীচান্দৰ অৱদান অপৰিসীম। যোৱা ১২ বছৰ ধৰি হায়দৰাবাদত অৱস্থিত গোপীচান্দ একাডেমীৰ ছাত্ৰী পি ভি সিন্ধু। সৰু কালতেই ৰত্নক সঠিকভাৱে চিনি পাইছিল গোপীচান্দে। অশেষ কষ্টৰ মাজেৰে গোপীচান্দে তৈয়াৰ কৰিছে সিন্ধুক। মাত্র একৈশ বছৰীয়া সিন্ধুৰ সন্মুখত এতিয়া বিশ্বজয়ৰ হাতবাউলি। এয়া আৰম্ভণি। হয়তো অচিৰেই বিশ্ব জয় কৰিব সিন্ধুৱে। ২০২০ টকিঅ’ অলিম্পিকত ৰিঅ'ৰ অসমাপ্ত সপোন পূৰণ কৰিব বুলিয়েই দেশবাসীৰ বিশ্বাস।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment