ছিমেন্টৰ পিছত এইবাৰ বালিৰ মূল্য বৃদ্ধি

৮০০-৯০০ টকাৰ প্রতি ঘনমিটাৰ বালিৰ দাম ১,৩০০-১,৪০০ টকালৈ বৃদ্ধিগ্রাহকৰ হাহাকাৰ : নির্বিকাৰ ‘পৰিবর্তনকামী’ চৰকাৰ

ৱেব ডেস্ক, ১৯ আগষ্টঃ 
নতুনকৈ পকীঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰা মধ্যবিত্ত অসমীয়াৰ বাবে এতিয়া সঁচাকৈয়ে দুঃসময় চলিছে। কাৰণ গুহ নির্মাণৰ বাবে প্রয়োজনীয় বালি-চিমেণ্টৰ মূল্যই এতিয়া বজাৰত জুই জুলাইছে। দুদিন পূর্বে নিশাৰ ভিতৰতে ৰাজ্যৰ বজাৰত কেইবাটাও ব্ৰেণ্ডৰ চিমেণ্টৰ মূল্য প্রতি বেগত চল্লিশ-পঞ্চাশ টকালৈ বৃদ্ধি পাইছে। চিমেণ্টৰ ব্যৱসায়ীসকলে একমাত্র নিজৰ মুনাফাৰ অংকত এইদৰে মূল্যবৃদ্ধি কৰাৰ পিচত স্বাভাৱিকতে গ্রাহকৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি হৈছে।
 কিন্তু একে সময়তে নৈৰ বুকু খান্দি উলিওৱা বালিক লৈ একাংশ ব্যৱসায়ীয়ে বিগত কেইমাহমান ধৰি মুনাফা লুটাৰ প্রতিযোগিতাত নামি পৰিছে। বিশেষকৈ সৰ্বানন্দ সোণোৱাল চৰকাৰে দায়িত্বভাৰ গ্ৰহণৰ পিচৰে পৰাই গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে বালিৰ মূল্য। নতুন চৰকাৰে কেবিনেট সিদ্ধান্তযোগে কেইবাখনো বন বিভাগৰ গেট বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ উপৰি বিভাগীয় মন্ত্ৰীগৰাকীয়েও বনজ সম্পদৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ বাবে তত্পৰ হোৱাৰ পিচতে বৃদ্ধি হয় প্রতি ট্রাক বালিৰ মূল্য। উল্লেখযোগ্য যে চৰকাৰখনে দায়িত্বভাৰ লোৱাৰ পিচতে কিছুদিন বালিৰ চালান বন্ধ ৰাখে। অৱশ্যে বন বিভাগে চালান বন্ধ ৰাখিলেও গুৱাহাটীত বালিৰ নাটনি হোৱা পৰিলক্ষিত নহ’ল। বৰং এই অৱস্থাৰ সুযোগ লৈ বালি ব্যৱসায়ীসকলে একেকোবে পূর্বতে ৮০০-৯০০ টকাত বিক্ৰী কৰা প্রতি ঘনমিটাৰ বালিৰ মূল্য ১,৩০০-১,৪০০ টকালৈ বৃদ্ধি কৰে। সেই যে বৃদ্ধি পালে, এতিয়ালৈকে বালিৰ মূল্য হ্রাস পোৱাৰ কোনো লক্ষণেই দেখা দিয়া নাই। বৰং দিনক দিনে অলপ অলপকৈ বালিৰ দাম বাঢ়ি আছে। বাৰিষা কাল পাৰ হোৱাৰ পিচত বালিৰ মূল্য বর্তমানতকৈও বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। বন বিভাগৰ সূত্রই জনোৱামতে গুৱাহাটীলৈ সম্প্রতি সোণাপুৰৰ বালিৰ আমদানি বন্ধ আছে। সোণাপুৰক পৰিবেশ স্পর্শকাতৰ মণ্ডল হিচাপে চিহ্নিত কৰাৰ বাবে এই অঞ্চলটোত সম্পূৰ্ণৰূপে বালিৰ খনন নিষিদ্ধ কৰিছেবন বিভাগে। ইয়াৰ পৰিবর্তে সম্প্রতি গুৱাহাটীলৈ ছয়গাঁও, কুকুৰমাৰা, লোহাৰঘাট আৰু মৰিগাঁৱৰ ঔজাবি তথা মেঘালয়ৰ বালিৰ আমদানি ঘটিছে। দক্ষিণ কামৰূপৰ বালি সৰবৰাহৰ ক্ষেত্ৰত বন বিভাগে চালান যোগান ধৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে। ইয়াৰ পিচতো কিন্তু গুৱাহাটীত বালিৰ দাম হাস পোৱাৰ কোনো উমঘাম নাই। বন বিভাগৰ সূত্রই জনোৱামতে প্রতি ঘনমিটাৰ বালিৰ পৰা বন বিভাগে ১৪০ টকা ৰাজহ সংগ্রহ কৰে। তদুপৰি ইয়াৰ ওপৰত আন কেতবোৰ বিভাগীয় কৰ আৰোপ কৰা হয়। ইয়াৰ পিচতো বালি ব্যবসায়ীয়ে প্রতি ঘনমিটাৰ বালিৰ মূল্য বৃদ্ধি কৰাৰ কাৰণ বন বিভাগৰ জ্ঞাত নহয় বুলি সূত্ৰটোৱে সদৰী কৰিছে। ইফালে বালি ব্যৱসায়ীয়ে জনোৱামতে তেওঁলোকে এখন চালানৰ বাবদ আদায় দিব লাগে ৪,২০০ টকা। এখন চালানৰ বিপৰীতে ব্যৱসায়ীসকলে এবাৰত দহ ঘনমিটাৰ বালি কঢ়িয়াব পাৰে। অৱশ্যে পূর্বতে বন বিভাগৰ সৈতে গোপন বুজাবুজি কৰি বালি ব্যৱসায়ীসকলে এখন চালানেৰে এদিনত পাঁচ-ছয় ট্রাক বালি কঢ়িয়াইছিল। কিন্তু এতিয়া এই চালানৰ ব্যৱস্থাটো বৈধ কৰাৰ ফলত গুৱাহাটীত বালিৰ মূল্য দুগুণপর্যন্ত বৃদ্ধি পাইছে। অর্থাত্ বৈধ প্রক্রিয়াৰে বালি কঢ়িয়ালে ব্যৱসায়ীসকলে বেছি মুনাফা ঘটিব নোৱৰা বাবেই শেহতীয়াকৈ প্রতি ঘন মিটাৰ বালিৰ মূল্য প্রায় দুগুণলৈ বৃদ্ধি কৰিছে। কিন্তু আশ্চৰ্যৰ বিষয় এয়ে যে প্রকৃতিপ্রদত্ত বালিৰ মূল্য কিদৰে হ্ৰাস কৰিব পাৰি, সেই সন্দৰ্ভত কিন্তু পৰিৱৰ্তনৰ শ্ল’গান দিয়া চৰকাৰ নিৰ্বিকাৰ হৈ আছে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment