
নিৰৱে বহি থকা শিশুটোৱে নিজৰ মুখমণ্ডলত তেওঁৰ কোমল হাতেৰে স্পৰ্শ কৰে৷দেৱশিশুটিয়ে নিজৰ হাতখন সেমেকা যেন অনুভৱ কৰি তললৈ নমাই তেজৰ চেঁকুৰা প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰে৷
অমৰান দাকনিশঃ এটি শিশু, যিয়ে কন্দোৱালে সমগ্ৰ বিশ্বৰ বিবেকবান লোকক
ৰক্তাক্ত, ধূলিৰে ধূসৰিত ভীতিগ্ৰস্ত এটি শিশু এম্বুলেন্সৰ আসনত বহি আছে৷যেন কাৰোবাৰ অপেক্ষাত আছে৷ উৰুৰ ওপৰত কোমল হাতদুখন থৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে যেন কোনোবাই আহি তেওঁক শুশ্ৰুষা কৰিব৷ ক্ষন্তেক পিছতে নিৰৱে বহি থকা শিশুটোৱে নিজৰ মুখমণ্ডলত তেওঁৰ কোমল হাতেৰে স্পৰ্শ কৰে৷দেৱশিশুটিয়ে নিজৰ হাতখন সেমেকা যেন অনুভৱ কৰি তললৈ নমাই তেজৰ চেঁকুৰা প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰে৷

গৃহযুদ্ধত বিধ্বস্ত ছিৰিয়াত ৰুছ বিমান আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পোৱা এটা শিশুক উদ্ধাৰ কৰাৰ পিছত তোলা ভিডিঅ’ আৰু উক্ত ছৱিখনে সমগ্ৰ বিশ্বৰ বিবেকবান লোকক আবেগ বিহ্বল কৰি তুলে৷কেৱল এয়াই নহয়, এনে হৃদয় বিদাৰক দৃশ্যই বিবেকবান লোকক মৰ্মাহত কৰাৰ লগতে ৰাছিয়া আৰু মাৰ্কিন নেতৃত্বাধীন মিত্ৰজোটৰ প্ৰতি ক্ষুব্ধ কৰি তুলিছে৷ বিদ্ৰোহীৰ নিয়ন্ত্ৰণত থকা ছিৰিয়াৰ আলেপ্প’ত বিমান আক্ৰমণৰ পিছত এই শিশুটিক উদ্ধাৰ কৰে অসামৰিক প্ৰতিৰক্ষাৰ কৰ্মীয়ে৷ইয়াৰ পিছত ৰক্তৰঞ্জিত, ধূলিৰে ধূসৰিত শিশুটিক এখন এম্বুলেন্সৰ আসনত বহুৱাই দিয়া হয়৷ভয়াৰ্ত শিশুটিয়ে নিথৰ হৈ বহি থাকে৷ ক্ষন্তেক পিছতে নিজৰ মুখত হাত বোলাই হাতত তেজ দেখা পাই হতচকিত হৈ পৰে৷হাতত লগা তেজৰ চেঁকুৰাখিনি বহি থকা কমলা ৰঙৰ ছিটত মচি পেলোৱাৰ চেষ্টা চলাইছে৷আলেপ্প’ মিডিয়া চেণ্টাৰৰ এগৰাকী কৰ্মীয়ে কয় শিশুটি ইমানেই ভয় বিহ্বল হৈ আছিল যে উদ্ধাৰৰ সময়ত নিস্তেজ হৈ পৰিছিল৷ কোনোধৰণৰ কন্দা-কটা কৰা নাছিল৷অমৰাণক বিধ্বস্ত ভৱনৰ তলৰ পৰা গাঁত খান্দি উদ্ধাৰ কৰোতে এঘণ্টা সময় লাগে বুলিও কৰ্মীগৰাকীয়ে উল্লেখ কৰে৷পাঁচবছৰীয়া অমৰাণৰ পিতৃ-মাতৃও উক্ত বিমান আক্ৰমণত গুৰুতৰ বাবে আহত হৈছিল৷ছিৰিয়ান চেণ্টাৰ ফৰ পলিচী এণ্ড ৰিচাছৰ্ৰ মতে বিগত ৫ বছৰত গৃহ যুদ্ধত বিধস্ত ছিৰিয়াত ৪৭০,০০০ লোকৰ মৃত্যু হৈছে৷এম্বুলেন্সত অমৰাণৰ ফটো তোলা কেমেৰামেন মুস্তাফা আল শ্বাৰুকে কয়—ছৱিখনে আলেপ্প’ৰ নিত্য-নৈমিত্তক ঘটনা প্ৰৱাহৰ এক নিৰ্মম চিত্ৰ দাঙি ধৰিছে৷
উল্লেখ্য যে চলিত বছৰৰ আৰম্ভণীতে ভুমধ্যসাগৰত মৃত শিশু আয়লান কুৰ্দিৰ ছৱিয়ে সমগ্ৰ বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছিল৷

facebook
twitter
google+
fb share