ৱেব ডেস্ক, ১০ আগষ্ট, ২০১৬ :

দিন যোৱাৰ লগে লগে ক্ৰমাত্ ৰহস্যৰ আৱর্তত সোমাই পৰিছে কোকৰাঝাৰ জিলাৰ বালাজান তিনিআলিত সংঘটিত নৰসংহাৰৰ ঘটনা। ছদিন অতিক্রম কৰাৰ পিচতো আৰক্ষীৰ তদন্তৰ লেহেমীয়া গতিয়ে জনসাধাৰণক আশ্বস্ত কৰিব নোৱৰাৰ লগতে এইক্ষেত্ৰত দিন যোৱাৰ লগে লগে চৰকাৰ, আৰক্ষী প্রশাসনৰ ভূমিকাই বিভিন্ন প্রশ্নৰ উদ্রেক কৰিছে। যোৱা ৫ আগষ্টতে সন্ত্রাসবাদীয়ে নৰসংহাৰ চলাই ১৪ গৰাকীকৈ নিৰীহ লোকক হত্যা কৰা ঘটনাত কোন জড়িত হৈ আছিল সেই সন্দৰ্ভত চৰকাৰে আজিও সঠিক তথ্য প্রকাশ কৰিব নোৱৰা বিষয়টোৱে সমগ্র ঘটনাটোকে ৰহস্যঘন কৰি তুলিছে। লক্ষণীয় যে ঘটনা সংঘটিত হোৱাৰ দিনাই ৰাজ্য চৰকাৰে উক্ত ঘটনাত এন ডি এফ বি (ছ) জড়িত বুলি দাবী কৰাৰ বিপৰীতে লোকসভাত য় গৃহ মন্ত্রী ৰাজনাথ সিঙে উক্ত ঘটনাত কোন সংগঠন জড়িত সেয়া এতিয়াও স্পষ্ট হোৱা নাই বুলি উল্লেখ কৰিছে। ইফালে মঞ্জয় ওৰফে মাওদাং বুলি দাবী কৰা ঘাতকজনকে পিতৃ-মাতৃয়ে চিনাক্ত কৰিব নোৱৰাত আৰক্ষীয়ে এতিয়া নিহত ঘাতকজন মঞ্জয় বুলি সন্দেহহে কৰা হৈছে বুলি ক’বলৈ বাধ্য হৈছে। এনে পৰিস্থিতিতে উক্ত ঘটনাত এচামে এন ডি এফ বি আৰু আন এচামে বিভিন্ন মাধ্যমৰ জৰিয়তে জেহাদীৰ হাত থকা বুলি প্রচাৰ চলোৱা কাৰ্যই বি টি এ ডিৰ জিলাকেইখনৰ লোকসকলক শংকিত কৰি মন কৰিবলগীয়া যে উক্ত ঘটনাই অতিক্রম কৰাৰ পিচতো আৰক্ষীৰ তদন্ত প্রক্রিয়াই বিশেষ অগ্রগতি লাভ কৰা নাই।
ঘটনাৰ পিচতে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান মুকেশ সহায়ে উক্ত ঘটনাৰ পলায়ন কৰা আন সন্ত্রাসবাদীকেইটাকো আটক কৰিবলৈ সক্ষম হোৱা নাই। ইফালে উক্ত তদন্ত প্রক্রিয়াৰ সৈতে উক্ত ঘটনাৰ বিশেষভাৱে সাক্ষী হৈ ৰোৱা বালাজান তিনিআলি বজাৰৰ ব্যৱসায়ীসকলকো আৰক্ষীয়ে জড়িত কৰা নাই বুলি একাংশ ব্যৱসায়ীৰ পৰা জানিব পৰা গৈছে। উক্ত নৰসংহাৰৰ ঘটনাই সমগ্র দেশ কপাই যোৱাৰ পিচতো স্বাভাৱিকতে আৰক্ষীৰ এনে লেহেমীয়া তদন্ত প্রক্রিয়াক লৈ বিভিন্নজনে সন্দেহ ব্যক্ত কৰিছে। দৰাচলতে উক্ত ঘটনাৰ লগত কোনোবা উগ্রপন্থী সংগঠন জড়িত নে ইয়াৰ আঁৰত কোনো অদৃশ্য ৰাজনৈতিক শক্তি জড়িত হৈ আছে? প্রকৃত তথ্য উদঘাটন হোৱাৰ ভয়ত চৰকাৰে কোনো ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাক তদন্তৰ দায়িত্ব দিয়াৰ পৰা বিৰত থকাৰ লগতে ঘটনাত এন ডি এফ বিয়ে জড়িত বুলি কৈ কিবা সত্য গোপন কৰিব বিচাৰিছে নেকি? দিন যোৱাৰ লগে লগে স্বাভাৱিকতে এনেধৰণৰ প্রশ্নই এতিয়াই কোকৰাঝাৰবাসীৰ মনত উদয় হ’বলৈ ধৰিছে।
জনসাধাৰণে এই তদন্ত প্রক্রিয়া ক্ষিপ্ৰ কৰাৰ বাবে দাবী উত্থাপন কৰিছে। ইফালে আৰক্ষীয়ে উল্লেখ কৰি অহা অভিযান সন্দৰ্ভতো জনসাধাৰণে সন্দেহ ব্যক্ত কৰিছে। মন কৰিবলগীয়া যে আৰক্ষীয়ে এন ডি এফ বিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ বাবেই আৰক্ষীৰ দৃষ্টি উক্ত অভিযানৰ পৰা আঁতৰ কৰাৰ বাবে এন ডি এফ বিয়ে বালাজান তিনিআলিত নৰসংহাৰ সংঘটিত কৰা বুলি ঘটনাৰ দিনাই বি টি এ ডিৰ আইনশৃংখলাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান ড° এল আৰ বিষ্ণৱে দাবী কৰি অভিযান অব্যাহত আছে বুলি সদৰী কৰিছিল। সেইদৰে ইউনিফাইড কমাণ্ড তথা মুখ্যমন্ত্রীৰে বৈঠক অনুষ্ঠিত হোৱাৰ পিচতে অভিযান অধিক তীব্রতৰ কৰাৰো ইংগিত দিছিল। কিন্তু যিবোৰ স্থানত আৰক্ষী প্রশাসনে অভিযান চলোৱা বুলি দাবী কৰি আহিছে উক্ত স্থানৰ জনসাধাৰণেই আকৌ বিপৰীত ভাষ্য প্রদান কৰিছে। উল্লেখযোগ্য যে উগ্রপন্থীৰ সন্ধানত আৰক্ষীয়ে ভাৰতভূটান সীমান্তৰ আমগুৰি থানাৰ অন্তর্গত মালিভিটাত অভিযান চলোৱাৰ কথা উল্লেখ কৰিছে যদিও মালিভিটাবাসীয়ে কোনো সেনা-আৰক্ষী প্রত্যক্ষ কৰা নাই বুলিহে জানিবলৈ দিছে।
এই কার্যই দৰাচলতে আৰক্ষী-সেনাৰ অভিযানক লৈও সন্দেহৰ সৃষ্টি কৰিছে। মন কৰিবলগীয়া যে ইয়াৰ পূর্বে চিৰাঙৰ ছাত্রী প্রিয়া বসুমতাৰীৰ হত্যাকাণ্ডৰ পিচতে উগ্রপন্থী নির্মুলৰ বাবে ইউনিফাইড কমাণ্ডোৱে অপাৰেচন অল আউট আৰম্ভ কৰিছিল। কিন্তু ইয়াৰ পিচতো উগ্রপন্থীয়ে ঘন অৰণ্যত নহয়, কোকৰাঝাৰ সদৰৰ পৰা মাত্র ১০ কিলোমিটাৰ কৰি থৈ যোৱা ঘটনাই আৰক্ষী-নিৰাপত্তাৰক্ষীৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে। ইফালে বালাজান তিনিআলিৰ ঘটনাত কোন জড়িত সেই সন্দৰ্ভত ৰাজ্য তথা কেন্দ্র চৰকাৰৰ সামঞ্জস্যহীন বক্তব্য তথা এতিয়ালৈকে স্পষ্ট কৰিব নোৱৰাত বি টি এ ডিৰ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ বিশেষকৈ দুর্গম অঞ্চলৰ লোকসকল শংকিত হৈ পৰিছে। উক্ত ঘটনাত জড়িতক লৈ বিপৰীতমুখী প্রচাৰৰ পৰিপ্রেক্ষিতত উক্ত অঞ্চলসমূহৰ বড়ো, মুছলমান তথা অন্যান্য জনগোষ্ঠীৰ লোকসকল জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত দিন কটাবলগীয়া হৈছে বুলি বিভিন্নজনে জানিবলৈ দিছে।

এনে পৰিস্থিতিত চিৰাং জিলাৰ বিশেষকৈ আমগুৰি থানাৰ অন্তর্গত ভবানীপুৰ, পর্বতবৰা, আমগুৰি আদি বজাৰলৈ উক্ত অঞ্চলৰ ক্ষুদ্র ব্যৱসায়ী তথা গ্রাহকসকলেও মুকলিকৈ ওলাই আহিবলৈ শংকবোধ কৰিছে। কিয়নো একাংশ গঞাই কোৱা অনুসৰি এটা চামে অহৰহ বি টি এ ডিক পুনৰ গোষ্ঠী সংঘৰ্ষৰে অশান্ত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। এনে পৰিস্থিতিত বি টি এ ডিত ২০১২ ৰ সংঘটিত ঘটনালানিৰ পুনৰাবৃত্তি হোৱাৰ আশংকাত এওঁলোকে বিনিদ্র ৰজনী কটাবলগীয়া হৈছে বি টি এ ডিলৈ অতিৰিক্ত চাৰিটা নিৰাপত্তাৰক্ষীৰ কোম্পানী দিয়া বুলি চৰকাৰে প্রকাশ কৰিছে যদিও উক্ত অঞ্চলসমূহত নিৰাপত্তাৰক্ষীৰ অনুপস্থিতিয়ে নিৰাপত্তাৰ ক্ষেত্ৰত এতিয়ালৈকে এইসকল লোকক আশ্বস্ত কৰিব পৰা নাই বুলি তেওঁলোকে জানিবলৈ দিছে। মন কৰিবলগীয়া যে উক্ত ঘটনাৰ পিচৰে পৰা কোকৰাঝাৰ-চিৰাং জিলাৰ প্রায়সমূহ বজাৰেই সেৰেঙা হৈ পৰিছে। এতিয়া চৰকাৰ তথা আৰক্ষী প্রশাসনে ঘটনাৰ তদন্ত কিদৰে আগবঢ়াই নিয়ে তথা জনসাধাৰণক কিদৰে আশ্বস্ত কৰে সেয়াহে ডাঙৰ প্রশ্ন হৈ পৰিছে।
facebook
twitter
google+
fb share