ৱেব ডেস্ক, ১০ আগষ্ট, ২০১৬ :
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোট চৰকাৰে অসমৰ ৫০ খন অসমীয়া মাধ্যমৰ বিদ্যালয়ক চি বি এছ ইলৈ হস্তান্তৰকৰণৰ তীব্র বিৰোধিতা কৰিছে অসম সাহিত্য সভাই। সভাই অসম চৰকাৰৰ এই প্রক্রিয়াই অসমীয়া মাধ্যমৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই আনিব বুলিও আশংকা প্রকাশ কৰিছে। কাকতলৈ প্রেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত সভাৰ সভাপতি ড° ধ্ৰুৱজ্যোতি বৰা, ভাৰপ্রাপ্ত উপ-সভাপতি ড° পৰাগ কুমাৰ ঠাকুৰ আৰু প্রধান সম্পাদক ড° পৰমানন্দ ৰাজবংশীয়ে কয়—ভিন্ন তিতা-মিঠা অভিজ্ঞতাৰে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ বাবে জন্মলগ্নৰে পৰা অহোপুৰুষাৰ্থ কৰি থকা অসম সাহিত্য সভাই পৰৱৰ্তী সময়ত সবল পদক্ষেপ গ্রহণ কৰি অসমীয়া মাধ্যমৰ সুৰক্ষাৰ লগতে অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ বাবেও অহৰহ কাম কৰি আহিছে। এনে সন্ধিক্ষণত অসমীয়া মাধ্যম তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ সুৰক্ষাৰ নিমিত্তে অসম সাহিত্য সভাৰ লগত নতুন মন্ত্রী-বিধায়কক স্মাৰকপত্ৰযোগে আগতীয়াকৈ অনুৰোধ জনোৱা হৈছিল। কিন্তু অসমীয়া মাধ্যম তথা মাতৃভাষা মাধ্যমক চূড়ান্তভাৱে বঞ্চনা কৰি চলিত বাজেট অধিৱেশনত অসম চৰকাৰে অসমীয়া মাধ্যমৰ ৫০ খন বিদ্যালয়ক চি বি এছ ইলৈ হস্তান্তৰকৰণৰ সিদ্ধান্তত অসম সাহিত্য সভাই তীব্র ক্ষোভ প্রকাশ কৰিছে। এই সন্দৰ্ভত যোৱা ৮ আগষ্টৰ নিশা গুৱাহাটীৰ ভগৱতী প্রসাদ বৰুৱা ভৱনত অনুষ্ঠিত কর্ণধাৰ সমিতিৰ এখন জৰুৰী বৈঠকত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি মিত্ৰজোট চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত অসমীয়া মাধ্যম আৰু মাতৃভাষা মাধ্যম সংকুচিত কৰাৰ এক আত্মঘাতী পদক্ষেপ হিচাপে অভিহিত কৰিছে। সভাৰ স্পষ্ট মত— ইংৰাজী-হিন্দী আদি ভাষাৰ আগ্রাসনৰ পৰা অসমীয়া ভাষা, অসমীয়া মাধ্যম তথা মাতৃভাষা মাধ্যমক উদ্ধাৰৰ বাবে কেৱল অসম সাহিত্য সভাৰ ওপৰতে দায়িত্ব অর্পণ নকৰি তাৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰেও কিছু চিন্তা-চৰ্চা কৰা উচিত। অনুবাদ কৰ্মৰ যোগেদি অসমীয়া মাধ্যমক সুৰক্ষিত কৰাৰ চিন্তা-চৰ্চা কৰিলে চি বি এছ ই পাঠ্যক্রমৰ আংশিক বিষয় গ্রহণৰ বাবে বিবেচনা কৰা হ’ব পাৰে, কিন্তু সমুদায় অসমীয়া মাধ্যমৰ বিদ্যালয়খনকেই চি বি এছইলৈ হস্তান্তৰ কৰাৰ সপক্ষত নাই অসম সাহিত্য সভা।
“NEonline.in” can give basic notion what about it !
We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism.
Our goal is to reach each and every corner of the whole country and becoming the voice of voice less.
Editor : S. A. Ahmed,
Executive Editor : Shakil Ahmed,
please send us a mail to post here, Email: neonlinenews@gmail.com
facebook
twitter
google+
fb share