ৱেব ডেস্ক, ১০ আগষ্ট, ২০১৬ :

নিজৰ চৰকাৰী বাসভৱনতে আত্মহননৰ পথ বাছি লোৱা অৰুণাচল প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী - কালিখা পুলৰ মৃতদেহৰ কাষত আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৬০ পৃষ্ঠাৰ এক দীঘলীয়া আত্মহত্যা-টোকা তথা ছুই ছাইড নোট আৰক্ষীপ্রধান এছ নিচিয়ান্দমে আজি জনায় যে প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লিখি যোৱা টোকাটোৰ পৰা তেওঁৰ আত্মহননৰ বহু ৰহস্য উদঘাটিত হব। পৰা আৰক্ষী বিৰত আছে। টোকাটো আৰু কোঠাটোত উদ্ধাৰ কৰা অন্যান্য নথিপত্র আৰু ম’বাইল ফোন আৰক্ষীয়ে ছীল কৰিছে আৰু দণ্ডাধীশৰ সন্মুখত খোলা হ’ব বুলি আৰক্ষীপ্রধানে উল্লেখ কৰে। ইপিনে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন এতিয়াও আৰক্ষীৰ হাতত পৰিবলৈ বাকী। প্রকৃততে তেওঁৰ ছুইছইড নোটত কি বিষয় সন্নিৱিষ্ট হৈছে তাক লৈ ইটানগৰত ব্যাপক জল্পনা-কল্পনা আৰম্ভ হৈছে। সতীৰ্থৰ বিশ্বাসঘাতকতাৰ বিষয়টোৱে টোকাত স্থান পোৱাটো নিশ্চিত যদিও বিগতকেইদিনত তেওঁ সন্মুখীন হোৱা আর্থিক সংকটেও তেওঁক আত্মহননৰ দিশে ঠেলি দিয়াৰ কথা উল্লেখ হ’লেও আচৰিত হ’বলগীয়া নাই। মুখ্যমন্ত্ৰীৰ আসন এৰিবলৈ বাধ্য হোৱাৰ এমাহৰ ভিতৰতে পুলে তেওঁৰ তিনিটা ঘৰ বিক্ৰী কৰিবলৈও বাধ্য হৈছিল আৰু উচ্চতম ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে দিয়া ৰায়ৰ পুনৰীক্ষণৰ বাবে ধন যোগাৰ কৰিব নোৱাৰি হতাশাত ভুগিছিল। আনকি তেওঁ এইক্ষেত্ৰত বিজেপিৰ নেতা সুধাংশু মিটালক এই বিষয়ে জনাইছিল আৰু মঙলবাৰে তেওঁ দিল্লীলৈ যোৱাৰো কথা আছিল। এই কথা অৱশ্যে আজি নিশ্চিত কৰিছে মিটালেও। আনকি ১১ গৰাকী বিজেপি বিধায়কৰ সমর্থনত পুনৰ বিদ্রোহৰ বাবে পুল সাজু হৈছিল বুলিও জল্পনা-কল্পনা আৰম্ভ হৈছিল। কিন্তু ৰাজনৈতিক অংক-পংকক এহাতে হেচুকি থৈ এই জীৱনৰে মায়া এৰি গ’ল পুলে দুৰ্ভগীয়া মঙলবাৰৰ পুৱা। হেলিকপ্টাৰেৰে জন্ম গাঁওখনলৈ নিয়া হল কালিখা পুলৰ মৃতদেহ মুখ্যমন্ত্রীৰ বাসভৱনতে প্রাক্তন মুখ্যমন্ত্রী কালিখা পুলৰ আত্মহননক সহজভাৱে গ্রহণ কৰিব পৰা নাই অৰুণাচলবাসীয়ে। সতীর্থৰ চৰম বিশ্বাসঘাতকতাই যে কালিখপুলৰ আত্মহত্যাৰ কাৰণ সেই কথা আজি স্পষ্ট হ’ল আৰু তেওঁৰ মৃতদেহত এপাহি ফুলো আগবঢ়াবলৈ নাহিল সাহস গোটাব নোৱৰা তেওঁৰে একালৰ অনুগত তথা মুখ্যমন্ত্রী পেমা খাণ্ডু, উপ-মুখ্যমন্ত্রী চাওনা মেইন তথা অন্যান্য বিধায়কসকল। ইটানগৰত চৰম বিশ্বাসঘাতকতাই তেওঁৰ প্ৰাণ ল’লেও, শীর্ষ জনপ্রতিনিধিৰ অৱজ্ঞাৰ পাত্ৰ হ’লেও তেওঁক নাপাহৰে অৰুণাচলবাসীয়ে। আজি অৱশেষত নিজৰ শৈশৱৰ গাঁওখনলৈ উলটি গ’ল কালিখা পুল নামৰ মানুহজনৰ নিথৰ দেহটো। হেজাৰ হেজাৰ জনতাই পুৱাৰে পৰা হায়ুলিয়ঙত থকা কালিখা পুলৰ বাসভৱনৰ সমীপত ভিৰ কৰিছিলহি তেওঁলোকৰ প্রিয় নেতাজনৰ মুখখন শেষবাৰৰ বাবে প্রত্যক্ষ কৰিবলৈ। ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি ৰখা কফিনৰ ভিতৰত শুৱাই ৰখা তেওঁলোকৰ প্রিয় নেতাজনে আজি কাকো সম্বোধন কৰা নাই। আনকালে হোৱা হ’লে কালিখ’ পুলে তেওঁৰ হায়ুলিয়ং সমষ্টিৰ প্রত্যেকজন লোককে নাম ধৰি মাতি ভাল-বেয়াৰ খবৰ ল’লেহেঁতেন। সমষ্টিৰ প্রায় আঠ হেজাৰ লোকৰ অধিকাংশৰে নাম জনা কালিখ’ পুলে এনেদৰে বিদায় ল’ব বুলি তেওঁলোকে বিশ্বাসেই কৰিব পৰা নাছিল। আজি পুৱা প্রায় সাত বজাত ইটানগৰৰ নিতি বিহাৰত থকা মুখ্যমন্ত্রীৰ বাসভৱনৰ পৰা পুলৰ মৃতদেহ গাড়ীত উঠাই ৰাজভৱনৰ হেলিপেডলৈ নিয়া হয়।

মুখ্যমন্ত্ৰীৰ বাসভৱনতে অৰুণাচল প্রদেশ আৰক্ষীয়ে ৰাজ্যিক মর্যাদাৰে পুলক শেষ বিদায় দিয়ে। এখন বিশেষ হেলিকপ্টাৰেৰে কালিখা পুলৰ নশ্বৰ দেহ ৰাজভৱনৰ পৰা প্রথমে পাচিঘাটলৈ নিয়া হয় আৰু তাৰ পৰা লোহিত জিলাৰ সদৰ তেজুলৈ নিয়া হয়। তেজুৰ পৰা হেলিকপ্টাৰেৰে আনজাও জিলাৰ হাৱাইলৈ নিয়া হয় আৰু তাৰ পৰা গাড়ীৰে হায়ুলিয়ঙৰ নিজ বাসগৃহলৈ নিয়া হয়। পাচিঘাট আৰু তেজুত হেজাৰ হেজাৰ লোকে কালিখা পুলৰ প্রতি শেষ শ্রদ্ধা নিবেদন কৰে। আনহাতেইটানগৰত কংগ্ৰেছৰ কেন্দ্রীয় কমিটীৰ সাধাৰণ সম্পাদক ডাঃ জয়কুমাৰ, লোকসভাৰ সাংসদ নিনং ইৰিং, প্রাক্তন মুখ্যমন্ত্রী গেগং আপাং, দুই কংগ্রেহী বিধায়ক ৱাংলিন ল’ৱাংডং আৰু কামেং ড'ল', অসমৰ বিহপুৰীয়া সমষ্টিৰ প্রাক্তন বিধায়ক ভূপেন বৰা আৰু কেইবাজনো বিজেপিৰ বিধায়কে কালিখা পুলক হেলিপেডত শেষ বিদায় জনায়। আনহাতে কালিখা পুলৰ মৃতদেহৰ লগত ইটানগৰৰ পৰা তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ লগতে তেজুৰ বিজেপিৰ বিধায়ক ডাঃ মহেশ চাই হায়ুলিয়ঙলৈ লগতে যায়। বিয়লি তেওঁৰ শেষকৃত্য সম্পন্ন হয়। উল্লেখ্য যে অৰুণাচল প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী কালিখা পুলৰ মৃত্যুৱে আজি দ্বিতীয় দিনাও ৰাজ্যখনক শোকৰ সাগৰত ডুবাই ৰাখিছে। জনতাৰ মুখ্যমন্ত্রী নামেৰে অভিহিত কালিখা পুলৰ অকাল বিয়োগক এতিয়াও অৰুণাচলবাসীয়ে সহজভাৱে ল'ব পৰা নাই। যোগাসন কৰা কোঠাৰ চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰা প্রাক্তন মুখ্যমন্ত্রীজনৰ ৰহস্যজনক মৃত্যুৰ বাবে তেওঁক সতীর্থ বিধায়কসকলে কৰা বিশ্বাসঘাতকতাকে কাৰণ বুলি বহু লোকে ধাৰণা কৰিছে। মাত্র চাৰি মাহৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত থকা কালিখা পুলে কম সময়ৰ ভিতৰতে নিজকে এজন পৰিশ্রমী আৰু সৰ্বসাধাৰণৰ হকে কাম কৰা ব্যক্তি বুলি ৰাইজ পতিয়ন গৈছিল। তেনে এজন ব্যক্তিক ক্ষমতাৰ লালসাত পেমা খাণ্ড আৰু চাওনা মেইনে বিশ্বাসঘাতকতা কৰাৰ বাবে স্বাভাৱিকতে অৰুণাচলৰ সৰ্বসাধাৰণ ৰাইজে নিজৰ ক্ষোভ উজাৰিছে ক্ষমতাবলিয়া অৰুণাচলৰ মন্ত্রী-বিধায়কৰ ওপৰত। কালিখা পুলক কৰা বিশ্বাসঘাতকতাৰ বাবেই ৰাইজে কালি উগ্র মূর্তি ধাৰণ কৰি দুজনকৈ মন্ত্রীৰ বাসভৱন ভাঙি চুৰমাৰ কৰি দিয়াৰ লগতে চল্লিশখনৰো অধিক গাড়ীৰ আইন ভাঙি পেলাইছিল। শোক আৰু ক্ষোভৰ সংমিশ্রণত যুযুধান ৰূপ লোৱা ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ কালি কেইবাজনো বিধায়ক তথা মন্ত্ৰীয়ে ঘণ্টাৰ পাচত ঘণ্টা ধৰি মুখ্যমন্ত্রীৰ কাৰ্যালয়ত আত্মগোপন কৰি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। কালিখা পুলক বিশ্বাসঘাতকতা কৰা বিধায়কসকল আজি দ্বিতীয় দিনাও আত্মগোপন কৰি থাকিবলৈ বাধ্য হয়। আনকি প্রাক্তন মুখ্যমন্ত্রী নাবাম টুকীয়ে কালিখা পুলৰ মৃতদেহত এপাহ ফুল দিবলৈ বুলি নিজ বাসভৱনৰ পৰা ওলাই আহিবলৈ সাহস গোটাব নোৱাৰিলে। একে অৱস্থা হ’ল উপ-মুখ্যমন্ত্রী চাওনা মেইনৰো। নিশাটোৰ ভিতৰতে কালিখা পুলৰ সংগ ত্যাগ কৰি পেমা খাণ্ডক মুখ্যমন্ত্রী পতাত হাত উজান দিয়া পুলৰ সংগীসকলে একালৰ সতীর্থ বিধায়কজনক অন্তিম শ্রদ্ধা নজনালে। নিজৰ কৃতকর্মত লজ্জিত হৈয়েই এনেদৰে কালিখা পুলৰ পৰা আঁতৰি ফুৰা কার্য অৰুণাচলৰ ক্ষমতালোভী মন্ত্রী-বিধায়কৰ প্রকৃত ছবিখন বাৰুকৈয়ে উন্মোচিত কৰিলে।
facebook
twitter
google+
fb share