বনকৰ্মীলৈ পদক ঘোষণা, পৰ্যবেক্ষণ কৰিলে পুনঃসংস্থাপন কেন্দ্ৰ, সুধাকণ্ঠৰ কুঠৰীস্থিত পঁজা

ৱেব ডেস্ক, ২৫ আগষ্ট, ২০১৬ঃ
জাতি, মাটি, ভেটিৰ হকে পৰিৱৰ্তনৰ শ্লোগানেৰে ৰাজ্যত প্ৰতিষ্ঠা কৰা নতুন চৰকাৰখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কাজিৰঙাত উপস্থিত হৈ গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণঁ প্ৰস্তাৱ৷ আজি কাজিৰঙাৰ কঁহৰাস্থিত বন বিভাগৰ শতবর্ষ উদযাপন কেন্দ্ৰৰ কক্ষত কৃষিমন্ত্রী অতুল বৰা আৰু জলসম্পদ মন্ত্রী কেশৱ মহন্তক লগত লৈ মুখ্যমন্ত্রী সোণোৱালে গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষক, উপায়ুক্তসকল আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ স’তে কৰা এক গুৰুত্বপূর্ণ ৰুদ্ধদ্বাৰ বৈঠকত প্রস্তাৱসমূহ গ্রহণ কৰে। জলসম্পদ মন্ত্রী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই বৈঠকত গ্রহণ কৰা প্রস্তাৱসমূহ সন্দর্ভত সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, কাজিৰঙা ৰাষ্ট্রীয় উদ্যান তথা বন্যপ্রাণীৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক বন বিভাগত মকৰল কৰাৰ প্রস্তাৱ গ্ৰহণ কৰা হয়। উল্লেখ্য যে কাজিৰঙাৰ বন্যপ্রাণীৰ সুৰক্ষাৰ বাবে স্থানীয় যুৱকক নিযুক্তি দিবলৈ বিভিন্ন দল-সংগঠনে দীর্ঘদিন ধৰি দাবী জনাই অহাৰ পৰিপ্রেক্ষিতত নতুন চৰকাৰখনে এনে প্রস্তাৱ গ্ৰহণ কৰাটোৱে তাৎপর্য বহন কৰিছে। দ্বিতীয়তে মন্ত্রী মহন্তই প্রকাশ কৰা মতে, বিশ্ব পর্যটকৰ অন্যতম আকর্ষণ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান পর্যটকৰ বাবে পূৰ্বৰ ৬ মাহৰ পৰিৱর্তে ৮ মাহ খোলা ৰখাৰ প্রস্তাৱ গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে পূর্বতে ৰাষ্ট্রীয় উদ্যানখন ১ নৱেম্বৰৰ পৰা ৩০ এপ্ৰিললৈ ৬ মাহ পর্যটকৰ বাবে খোলা আছিল। এতিয়া তাৰ পৰিৱর্তে পর্যটনত অধিক গুৰুত্ব প্রদান কৰি প্রতি পর্যটন বর্ষতে ১ অক্টোবৰৰ পৰা ৩১ মে'লৈকে ৮ মাহ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান পর্যটকৰ বাবে খোলা ৰখাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তদুপৰি বৈঠকত বন্যপ্রাণী সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকাৰে পাৰদৰ্শিতা দেখুওৱা আৰক্ষীকে ধৰি বন বিভাগৰ বিষয়া-কর্মক মুখ্যমন্ত্রৰ পদকেৰে সন্মানিত কৰাৰ এক উৎসাহমূলক প্রস্তাৱ গ্ৰহণ কৰা হয় বুলি সদৰী কৰে মন্ত্রী কেশৱ মহন্তই। উল্লেখ্য যে কালি নিশা মন্ত্রী কেশৱ মহন্তক লগত লৈ কাজিৰঙাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল। নিশাটো কাজিৰঙাৰ কঁহৰাস্থিত বন বিভাগৰ অতিথিশালাত কটোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকী আজি পুৱা বোকাখাতৰ বৰজুৰিত থকা বন্যপ্রাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্রত উপস্থিত হৈ বিগত বানত উদ্ধাৰ হোৱা মাতৃহাৰা গড় পোৱালিকেইটা দর্শন কৰে আৰু দুগ্ধপান কৰোৱায়। বন্যপ্রাণীৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্রহণ কৰাৰ লগতে সংস্থাপন কেন্দ্ৰটো সংবর্ধন কৰাৰ আশ্বাস প্রদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তদুপৰি সম্প্রতি লালন-পালন হৈ থকা গড় পোৱালিকেইটাৰ বাবে চৰকাৰে দায়িত্ব পালন কৰাৰ আশ্বাস প্রদান কৰে। ইয়াৰ পাছতে কঁহৰাত অনুষ্ঠিত ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত কঁহৰাৰ বন বিভাগৰ অতিথিশালাত দিনৰ আহাৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকী কলিয়াবৰ মহকুমাৰ কুঠৰীত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গৃহত উপস্থিত হয়। উল্লেখ্য যে ১৩ বিঘা ভূমিৰ লগতে উক্ত ঠাইত আছে সুধাকণ্ঠগৰাকীৰ এটা বিশেষ পজা, যিটো পজাত উজাগৰী নিশা কটাই হাজৰিকাই ৰচনা কৰিছিল বহু কালজয়ী গীত। জানিব পৰা মতে, বিশেষ অসুবিধাত জীৱিতকালত সুধাকণ্ঠই উক্ত মাটিটুকুৰা বিক্ৰী কৰিছিল। আজি মুখ্যমন্ত্ৰীগৰাকী উক্ত স্থানত উপস্থিত হৈ সুধাকণ্ঠৰ মাটিটুকুৰাৰ লগতে সেই বিশেষ পজটো চৰকাৰীভাৱে সংৰক্ষণ কৰাৰ এক পদক্ষেপ গ্রহণ কৰাৰ কথা বিবেচনা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্রদান কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী গুৱাহাটীলৈ বুলি ৰাওনা হয়।
facebook
twitter
google+
fb share