
স্বাস্থ্য বিভাগক অধিক সক্ৰিয় আৰু জনমুখী কৰি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে বিভাগটোত ২,৬৪৯ টি বিভিন্ন পৰ্য্যায়ৰ পদত নিযুক্তি প্রদানৰ সিদ্ধান্ত লৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম)ৰ যোগেদি এই পদসমূহত নিযুক্তি প্রদান কৰা হ'ব। স্বাস্থ্য, বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্রী হিমন্তবিশ্ব শৰ্মাই আজি এই পদসমূহত বাবে বিজ্ঞাপন প্রকাশকে ধৰি যাৱতীয় প্রক্রিয়া আৰম্ভ কৰাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিছে। নিযুক্তি প্রদান কৰিবলগীয়া এই পদসমূহৰ ভিতৰত আছে বিশেষজ্ঞ চিকিৎসকৰ ৩০৭ টা পদ। একেদৰে ৯৩ টা স্বাস্থ্য বিষয়া (এম বি বি এছ), ১০৫ টা আয়ুৰ্বেদিক স্বাস্থ্য বিষয়া, ১৪ টা হোমিঅ’পেথিক স্বাস্থ্য বিষয়া আৰু ৫৬ টা দন্ত চিকিৎসকৰ পদো চলিত বৰ্ষৰ ভিতৰত পূৰণ কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে নির্দেশ দিছে।

৯০০ টা ষ্টাফ নাৰ্ছ আৰু ৫০০ টা এ এন এমৰ পদো পূৰণ কৰিবলৈ স্বাস্থ্য মন্ত্ৰীয়ে নির্দেশনা জাৰি কৰিছে। একেদৰে লেবৰেটৰী টেকনিচিয়ানৰ ৮৬ টা, ফার্মাচিস্তৰ ২৩৩ টা আৰু ৰেডিঅ'গ্ৰাফাৰৰ ৪ টা পদ পূৰণৰ বাবেও মন্ত্ৰীগৰাকীয়ে নির্দেশ দিছে। এই পদসমূহৰ লগতে আন ৩৫১ টা বিভিন্ন পর্যায়ৰ কাৰিকৰী-অকাৰিকৰী পদতো চলিত বৰ্ষৰ ভিতৰতে নিযুক্তি প্রদান কৰিবলৈ স্বাস্থ্য মন্ত্ৰীয়ে নির্দেশ জাৰি কৰিছে।
facebook
twitter
google+
fb share