ৱেব ডেস্ক, ২৫ আগষ্ট, ২০১৬ঃ
প্ৰাণসঞ্চাৰী মৌচুমীৰ ভৰপক সময়তো বৰষুণৰ অভাৱত আজিৰ দিনটোত ৰাজ্যত গৰমে ভংগ কৰিলে এঘাৰ বছৰীয়া অভিলেখ।যোৱা কেইবাদিনো ধৰি তাপমাত্রা বৃদ্ধি পাই আজিৰ দিনটোত ৰাজ্যৰ কেইবাখনো জিলাত তাপমাত্রাই অভিলেখ গঢ়িবলৈ সক্ষম হয়। যাৰ বাবে গৰমৰ প্রকোপত সমগ্ৰ ৰাজ্যবাসীয়ে আজি ত্ৰাহি মধুসূদন সুৱৰিবলৈ বাধ্য হয়। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজিৰ দিনটোত সর্বাধিক ৩৯.৯ ডিগ্রী চেলছিয়াছ তাপমাত্রা আছিল লখিমপুৰৰ। ইয়াৰ পিচতে দ্বিতীয় সর্বাধিক ৩৮.৪ ডিগ্রী চেলছিয়াছ তাপমাত্রা হয়গৈ গুৱাহাটী মহানগৰীত। ইয়াৰ পিচত অন্যান্য জিলাসমূহত তাপমাত্রা আছিল তেজপুৰত ৩৬.৭ ডিগ্রী চেলছিয়াছ, যোৰহাটত ৩৬.৪ ডিগ্রী চেলছিয়াছ, ধুবুৰীত ৩৬.৭ ডিগ্রী চেলছিয়াছ, ডিব্ৰুগড়ত ৩৭ ডিগ্রী চেলছিয়াছ আৰু শিলচৰত ৩৭.৪ ডিগ্রী চেলছিয়াছ। কিন্তু লখিমপুৰ আৰু গুৱাহাটীৰ তাপমাত্রাই আজি ১১ বছৰীয়া অভিলেখ ভংগ কৰে। বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি ২০০৬ চনৰ ১০ আগষ্টত লখিমপুৰ জিলাৰ সৰ্বাধিক তাপমাত্রা আছিল ৩৯ ডিগ্রী চেলছিয়াছ। কিন্তু ২০০৬ চনৰ এই তাপমাত্রা অতিক্ৰমি আজিৰ দিনটোত লখিমপুৰ জিলাত পাৰাস্তম্ভই স্পর্শ কৰেগৈ ৩৯.৯ ডিগ্রী চেলছিয়াছ। অনুৰূপভাৱে ২০০৬ চনৰ ১১ আগষ্টত গুৱাহাটীৰ তাপমাত্রা আছিল ৩৮ ডিগ্রী চেলছিয়াছ। কিন্তু আজিৰ দিনটোৰ গুৱাহাটীৰ তাপমাত্রাই ১১ বছৰীয়া অভিলেখ ভংগ কৰি ৩৮.৪ ডিগ্রী চেলছিয়াছ স্পর্শ কৰে।
অন্যান্য জিলাসমূহতো তাপমাত্রাই আজি জনতাক বাৰুকৈয়ে জলা-কলা খুৱাবলৈ সক্ষম হয়। উল্লেখ্য যে জুন, জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ হৈছে ‘মৌচুমীৰ সময়। এই সময়ছোৱাত পর্যাপ্ত বৰষুণৰ লগতে স্থানভেদে তাপমাত্রা ৩০ ডিগ্রী চেলছিয়াছৰ পৰা ৩২ ডিগ্রী চেলছিয়াছৰ মাজত থাকিব লাগে। কিন্তু অতি উদ্বেগজনকভাৱে যোৱা কেইবাদিনো ধৰি স্বাভাৱিকতকৈ তাপমাত্রা বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্রই জনোৱামতে বংগোপসাগৰত চক্রীয় ঘূর্ণি বতাহৰ সৃষ্টি হৈ সেয়া উত্তৰ-পূৰ্বাঞ্চলত প্রৱেশ কৰিলে পর্যাপ্ত বৰষুণৰ সৃষ্টি হয়। কিন্তু সেয়া নোহোৱাৰ বাবেই সম্প্রতি বৰষুণৰ অভাৱত ভুগিছে অসম। যাৰ বাবেই অহা তিনি দিনলৈ গৰমৰ উত্তাপ ৰাজ্যত অব্যাহত থাকিব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।
facebook
twitter
google+
fb share