বি এডৰ অত্যাধিক মাচুল হ্ৰাসৰ দাবীত পুণৰ সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি: শিক্ষামন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ বাবে এসপ্তাহৰ সময়সীমা

আশ্ৰাফুল ইছলাম, গুৱাহাটী, ২৫ আগষ্টঃ
অসমত বি এড পাঠ্যক্ৰমৰ অত্যাধিক মাচুল হ্ৰাস কৰাৰ দাবীৰ লগতে ইয়াৰ লগত জড়িত আনুষংগিক সমস্যা সমূহ সমাধানৰ দাবীত পুনৰ সৰব হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। এই প্ৰসংগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে গান্ধীবস্তিস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰে এক সংবাদমেল আৰু সদৰী কৰে কেতবোৰ গুৰুতৰ অভিযোগ। উল্লেখ্য যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বি এডৰ মাচুল হ্ৰাস আৰু ইয়াৰ লগত জড়িত আনুষংগিক সমস্যা সমূহ সমাধানৰ দাবীত বিগত দুটা বৰ্ষতে ভালে কেইটা কাৰ্যসূচী ইতিমধ্যেই ৰূপায়িত কৰিছে। ইয়াৰে ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত কাহিলীপাৰাস্থিত উচ্চ শিক্ষা সঞ্চালকালয়ত প্ৰতিবাদী কাৰ্যসূচী, ২০১৬ চনৰ ১৩ জুলাই তাৰিখে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট আৰু গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ২৫ জুলাইৰ পৰা আৰম্ভ কৰা আমৰণ অনশনৰ পাঁচটা দিন উল্লেখযোগ্য। 
উল্লেখ কৰা কাৰ্যসূচী সমূহৰ পাছতো আশাপ্ৰদ ফলাফল নোপোৱাত তীব্ৰ বিক্ষোভেৰে অনুষ্ঠিত কৰা সংবাদমেলত অংশগ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল, কাৰ্যকৰী সভাপতি আশ্বৰাফুল ইছলাম আৰু গুৱাহাটী বিশ্ববিদ্যালয় সমিতিৰ সম্পাদক বাবুল হুছেইনে কয় যে- শিক্ষাৰ অধিকাৰ আইন,২০০৯ অনুযায়ী সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বৰ্তমান অসমতো শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বি এডৰ অৰ্হতা বাধ্যতামূলক কৰা হৈছে। কিন্তু অসম চৰকাৰ আৰু ইয়াৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীসকলৰ চাহিদা পূৰণ কৰিব পৰাকৈ বি এডৰ শিক্ষা আহৰণৰ বাবে প্ৰয়োজনীয় শিক্ষানুষ্ঠানৰ লগতে্ অন্যান্য আন্তগাঁথনিৰ সুবিধা সৃষ্টিৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সমগ্ৰ অসমত বি এড পাঠ্যক্ৰম গ্ৰহণৰ শিক্ষানুষ্ঠানৰ সংখ্যা মাত্ৰ ৬২ খন আৰু সৰ্বমুঠ আসনৰ সংখ্যা মাথোঁ ৫৩২০খন। ইয়াৰে মাত্ৰ ৯ খনহে চৰকাৰী শিক্ষানুষ্ঠান আৰু ইয়াৰ আসনৰ সংখ্যা হৈছে মাত্ৰ ৭৭০খন। লগতে বাকী ৫৩খন শিক্ষানুষ্ঠান অপ্ৰাদেশীকৃত আৰু ব্যক্তিগত মালিকানাধীন আৰু ইয়াৰ আসনৰ সংখ্যা ৪৫৫০খন। উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ বি এড পাঠ্যক্ৰমৰ শিক্ষানুষ্ঠানৰ সংখ্যা হৈছে ৩৬খন, ইয়াৰে ৬খন শিক্ষানুষ্ঠান চৰকাৰী আৰু বাকী ৩০খন অপ্ৰাদেশীকৃত। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বি এড ডিগ্ৰী বাধ্যতামূলক হোৱা বাবে, বি এড শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত বি এড মহাবিদ্যালয় আৰু আন্তঃগাঁথনি নথকাৰ সুযোগ গ্ৰহণ কৰি অপ্ৰাদেশীকৃত বি এড মহাবিদ্যালয় সমূহৰ কৰ্তৃপক্ষই মইমতালিৰে সম্পূৰ্ণ অবৈধভাৱে নামভৰ্তি মাচুল অভাৱনীয়ভাৱে বৃদ্ধি কৰি বি এড শিক্ষাক সম্পূৰ্ণৰূপে ব্যৱসায়লৈ ৰূপান্তৰিত কৰা পৰিলক্ষিত হৈছে।সম্প্ৰতি ৰাজ্যখনৰ চৰকাৰী বি এড মহাবিদ্যালয় সমূহত নামভৰ্তি মাচুল ৯০০০-১২০০০ টকা হোৱাৰ বিপৰীতে বিভিন্ন অপ্ৰাদেশীকৃত বি এড মহাবিদ্যালয় সমূহত এই মাচুলৰ পৰিমাণ ৪৫০০০-৬০০০০ টকা পৰ্যন্ত বছৰি সংগ্ৰহ কৰা দেখা যায়। অন্যহাতে ব্যাক্তিগত মালিকানাধীন বি এড অনুষ্ঠান সমূহে এই মাত্ৰাকো চেৰ পেলাই কেৱল লাখ-লাখ টকাৰ বাবদ ডিগ্ৰী বিক্ৰী কৰা হে দেখা যায়। ইপিনে বৰ্তমান বি এডৰ পাঠ্যক্ৰম পূৰ্বৰ এবছৰৰ পৰা দুবছৰলৈ বৃদ্ধি কৰা হৈছে যদিও হ্ৰাস কৰা হোৱা নাই নামভৰ্তি মাচুলৰ পৰিমাণ।গতিকে বৰ্তমান বি এডৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে কেৱল নাম ভৰ্তিৰ বাবদত একোজন ছাত্ৰ-ছাত্ৰীয়ে লক্ষাধিক টকা ব্যয় কৰিবলগীয়া হয়। গতিক শিক্ষক নিযুক্তি লাভৰ বাবে বাধ্যতামূলক অৰ্হতা বি এড শিক্ষাগ্ৰহণৰ বাবে ৮৫ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে অপ্ৰাদেশীকৃত বি এড মহাবিদ্যালয় সমূহৰ ওপৰতেই নিৰ্ভৰশীল। কিন্তু সাধাৰণ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলে অপ্ৰাদেশীকৃত বি এড মহাবিদ্যালয় সমূহত কেৱল নামভৰ্তি মাচুলৰ বাবেই লক্ষাধিক টকা ব্যয় কৰি এই শিক্ষা গ্ৰহণ কৰাটো কেতিয়াও সম্ভৱ নহয়। গতিকে সম্পূৰ্ণ মেধা আৰু যোগ্যতা থকাৰ পিছতো কেৱল মাত্ৰ এই অত্যাধিক মাচুলৰ বাবে আজি ৰাজ্যখনৰ হাজাৰ-হাজাৰ সাধাৰণ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলে বি এড শিক্ষাগ্ৰহণ কৰিব নোৱাৰি শিক্ষক নিযুক্তি লাভৰ পৰাও বঞ্চিত হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বাধ্যতামূলক কৰা অতি গুৰুত্বপূৰ্ণ এই বি এড শিক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ সঠিক নীতি আৰু আন্তঃগাঁথনিৰ অভাৱৰ লগতে অপ্ৰাদেশীকৃত বি এড মহাবিদ্যালয় সমূহৰ নামভৰ্তি মাচুলৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ নকৰাৰ বাবেই সমস্যাটো গভীৰৰ পৰা গভীৰতম হৈ পৰিছে। উল্লেখযোগ্য যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিনৰে পৰা চলাই অহা বি এড কেন্দ্ৰীক আন্দোলনখনৰ মূল দাবী সমূহ ক্ৰমে-অপ্ৰাদেশীকৃত আৰু ব্যাক্তিগত খণ্ডৰ বি এড মহাবিদ্যালয় সমূহক নিয়ন্ত্ৰণ কৰি নামভৰ্তি মাচুল ১০০০০ টকালৈ হ্ৰাস কৰাৰ লগতে চৰকাৰী বি এড মহাবিদ্যালয় সমূহতো নামভৰ্তি মাচুল ৫০০০ টকালৈ হ্ৰাস কৰা, সকলো বি এড মহাবিদ্যালয় সমূহত আসনৰ সংখ্যা বৃদ্ধি কৰা, অপ্ৰাদেশীকৃত বি এড মহাবিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰা, সমগ্ৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলৰ চাহিদা পূৰণ কৰিব পৰাকৈ সকলো জিলাতে নতুনকৈ প্ৰয়োজনীয় বি এড মহাবিদ্যালয় স্থাপনৰ লগতে আন্তঃগাঁথনিৰ সৃষ্টি কৰা, গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ লগতে ৰাজ্যখনৰ সকলো বিশ্ববিদ্যালয় চৌহদতেই বি এড মহাবিদ্যালয় স্থাপন কৰা, চৰকাৰী বি এড মহাবিদ্যালয় সমূহত শিক্ষক সকলৰ উপৰিও সাধাৰণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবেও আসন সংৰক্ষণ কৰা ইত্যাদি। মনকৰিবলগীয়া যে এই দাবী সমূহৰ সমাধানৰ দাবীত জিলা উপায়ুক্ত, গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আদিৰ জৰিয়তে বিভিন্ন সময়ত মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, সংশ্লিষ্ট বিভাগীয় কাৰ্যালয় আদিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হোৱাৰ বাহিৰেও চলিত বৰ্ষৰ ২৭ জুলাই তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটী বিশ্ববিদ্যালয় আগমনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্বৰাফুল ইছলাম, গুৱাহাটী বিশ্ববিদ্যালয় সমিতিৰ বাবুল হুছেইনকে আদি কৰি এক সঁজাতী দলে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি বিষয়টোৰ গুৰুত্ব বুজাই কোৱাৰ ওপৰিও স্মাৰকপত্ৰও প্ৰদান কৰে যদিও মুখ্যমন্ত্ৰী গৰাকীৰ গা-এৰা আৰু বিশ্ববিদ্যালয়লৈ দ্বায়িত্বটো ঠেলি দিয়া ধৰণৰ কৰ্মকাণ্ডত স্তম্ভিত কৰিছিল ছাত্ৰ মুক্তিৰ নেতৃত্বক। ইপিনে চলিত বৰ্ষৰ ২৫ জুলাইৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ৰূপায়ণ কৰা আমৰণ অনশন কাৰ্যসূচীটোৰ পঞ্চম দিনত বি এড মহাবিদ্যালয় সমূহৰ অধ্যক্ষৰে আলোচনাৰ বাবে সাময়িক ভাৱে স্থগিত ৰখা হৈছিল। সেইমৰ্মে ৩০ জুলাই তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদৰ সভাকক্ষত ছাত্ৰ মুক্তিৰ প্ৰতিনিধিৰে অনুষ্ঠিত হয় এখনি আলোচনা। আলোচনাটোত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হৈ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্বৰাফুল ইছলাম আৰু বিশ্ববিদ্যালয় সমিতিৰ হৈ বাবুল হুছেইনে অংশ লোৱাৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ ৩৫খন বি এড মহাবিদ্যালয়ৰ পৰা ২৭ জন অধ্যক্ষ-প্ৰতিনিধি,আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড° সুৰেশ কুমাৰ নাথ, ৰেক্টৰ ড° হৰি প্ৰসাদ শৰ্মা, মহাবিদ্যালয় উন্নয়ন পৰিষদৰ সঞ্চালক ড° বিশ্বজিত শৰ্মা যুটীয়া পঞ্জীয়ক ড° ৰমণ বৰ্মনে উপস্থিত আছিল । অন্যাহাতে আলোচনাত হোৱা সিদ্ধান্ত অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ অপ্ৰাদেশীকৃত বি এড মহাবিদ্যালয় সমূহৰ অধ্যক্ষ সকলে বৰ্তমানৰ বি এড পাঠ্যক্ৰমৰ অত্যাধিক মাচুল গাঁথনি পুনৰ পৰীক্ষা কৰি নতুনকৈ সংশোধিত মাচুল গাঁথনি সম্পৰ্কে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ১০ আগষ্ট তাৰিখে প্ৰতিবেদন দাখিল কৰিছে।আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই প্ৰতিবেদনখনৰ লগতে নিজাববীয়াকৈ এক প্ৰতিবেদন প্ৰস্তুত কৰি অত্যাধিক মাচুল হ্ৰাস কৰাৰ বাবে চৰকাৰীভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাই অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ ১২ আগষ্ট তাৰিখে প্ৰেৰণ কৰে। উল্লেখ্য যে সদৌ অসম বি এড মহাবিদ্যালয় সমূহৰ অধ্যক্ষ আৰু শিক্ষক সন্থাই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সংশোধিত মাচুল গাঁথনি সম্পৰ্কে দাখিল কৰা প্ৰতিবেদনত অপ্ৰদেশীকৃত বি এড মহাবিদ্যালয় সমূহত মাচুল হ্ৰাস কৰাৰ অপাৰগতা প্ৰকাশ কৰি মাচুল বৃদ্ধিৰ মূল কাৰণ এন চি টি ইৰ ২০১৪ চনৰ ব্যায়-বহুল নীতি-নিৰ্দেশনা আৰু ৰাজ্য চৰকাৰে কলেজ সমূহক কোনোধৰণৰ আৰ্থিক অনুদান আগনবঢ়োৱা বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এন চি টি ইৰ শেহতীয়া নীতি-নিৰ্দেশনা সমূহ বাস্তৱায়িত কৰি কলেজ এখন চলাই নিবলৈ লাখ-লাখ টকাৰ প্ৰয়োজন হোৱা হেতুকে অপ্ৰাদেশীকৃত মহাবিদ্যালয় সমূহে বৰ্ধিত মাচুল সংগ্ৰহ কৰিবলৈ বাধ্য হৈছে বুলি প্ৰকাশ কৰে, কিয়নো এই অপ্ৰাদেশীকৃত বি এড মহাবিদ্যালয় সমূহত চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ আৰ্থিক সাহায্য আগবঢ়োৱা হোৱা নাই। কিন্তু অতু দুৰ্ভাগ্যজনক ভাৱে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে প্ৰতিবেদন লাভৰ এপষেক উকলি যোৱাৰ পাছতো মন্ত্ৰীৰ ফালৰ পৰা কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ কৰা নাই। ইপিনে ইতিমধ্যেই এই বৰ্ষৰ বি এড পাঠ্যক্ৰমৰ বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। আৰু বিভিন্ন মহাবিদ্যালয়ে পূৰ্বৰ দৰেই অত্যাধিক মাচুল বৃদ্ধি অব্যাহত ৰাখি ৩১ আগষ্টৰ ভিতৰত নামভৰ্তীৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ নিৰ্দেশনা দিছে। ছাত্ৰ মুক্তিৰ আন্দোলনৰ ফলস্বৰূপে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শিক্ষামন্ত্ৰীলৈকে প্ৰেৰণ কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি মন্ত্ৰী গৰাকীয়ে অত্যাধিক মাচুল হ্ৰাসৰ বাবে কিবা এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাপালি থকা হাজাৰ-হাজাৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। সেয়ে আজিৰ এই সংবাদমেলখনৰ জৰিয়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই তাৎক্ষণিক কাৰ্যকৰী হোৱাকৈ মূলত দুটা দাবী উত্থাপন কৰে। প্ৰথম দাবীত বি এড মহাবিদ্যালয় সমূহৰ নামভৰ্তীৰ সময়সীমা ১৫ ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰা আৰু ইতিমধ্যেই এই দাবী জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। দ্বিতীয় তাৎক্ষণিক দাবী প্ৰসংগত ছাত্ৰ মুক্তিৰ নেতৃত্বই কয় যে - শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইবেলি মহাবিদ্যালয় সমূহত নামভৰ্তি মাচুল বিনামূলীয়া কৰি সকলোৰে পৰা বাহ:বাহ: লৈ থকাৰ সময়তে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলে যেতিয়া উচ্চশিক্ষা সাং কৰি এই অত্যাধিক মাচুলৰ বাবে বি এড ডিগ্ৰী লব নোৱাৰি শিক্ষক হিচাপে নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকাটো উনুকিয়াই শিক্ষামন্ত্ৰীয়ে যদি সঁচাকৈয়ে দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিব বিচাৰে তেন্তে বি এডৰ অত্যাধিক মাচুল এসপ্তাহৰ সময় সীমাৰ ভিতৰত হ্ৰাস কৰাৰ ব্যৱস্থা কৰিব লাগে, অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত সময়ত ৰাজ্যখনৰ বঞ্চিত হাজাৰ-হাজাৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক সংগঠিত কৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment