জানুৱাৰীত দাখিল হ’ব সাধাৰণ বাজেট, বন্ধ হ’ব পৃথক ৰে’ল বাজেট


দেশত বন্ধ হ’ব ৩ লাখতকৈ অধিক ধনৰ নগদ লেনদেন
ৱেব ডেস্ক, ২২ আগষ্ট, ২০১৬ঃ
সংসদত বাজেট দাখিলৰ ক্ষেত্ৰত ব্রিটিছ যুগৰ পৰম্পৰা চিৰকালৰ বাবে বন্ধ কৰিবলৈ অগ্ৰসৰ হৈছে কেন্দ্ৰৰ নৰেন্দ্র মোডীৰ চৰকাৰ। প্রতি বছৰৰ ফেব্রুৱাৰী মাহৰ অন্তিম দিনা সংসদত সাধাৰণ বাজেট দাখিল কৰাৰ যি পৰম্পৰা ব্ৰিটিছ যুগৰে পৰা চলি আহিছে এইবাৰৰ পৰা সেই পৰম্পৰা ভংগ কৰি জানুৱাৰী মাহতেই বাজেট দাখিল কৰাৰ কথা বিবেচনা কৰি আছে মোডী চৰকাৰে। চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰাৰ ঘাই কাৰণ হৈছে যাতে বিত্তীয় বর্ষৰ অন্তিম দিন ৩১ মাৰ্চৰ পূর্বেই বাজেট সম্পৰ্কীয় সকলো কাম-কাজ সমাপ্ত কৰিব পাৰি আৰু পূর্বে মে’ মাহলৈকে বাজেটত ধার্য ধনৰ বাবে প্রতীক্ষা কৰি থকাৰ পৰিবর্তে প্রতিটো বিভাগে বহু আগতেই ধার্য ধন ব্যয় কৰাৰ সুবিধা লাভ কৰিব পাৰে। চৰকাৰৰ এটা সূত্ৰই কয় যে জানুৱাৰীৰ কোন সময়ত সংসদত বাজেট দাখিল কৰা হ’ব সেই বিষয়ে এতিয়াও কোনো তাৰিখ ধার্য কৰা হোৱা নাই যদিও জানুৱাৰীৰ অন্তিমতেই দিন ধার্য কৰা হ’ব। বিশেষকৈ গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হ'ব।
লক্ষণীয় যে ১৯৯৯ চনলৈকে ব্ৰিটিছ যুগৰে পৰা চলি অহা পৰম্পৰা অনুসৰি প্রতি বছৰৰ ফেব্রুৱাৰী মাহৰ অন্তিম দিনা সন্ধিয়া পাঁচ বজাত সংসদত বাজেট দাখিল কৰা হৈছিল। কিন্তু ঔপনিবেশিক যুগৰ সেই পৰম্পৰাৰ অৱসান ঘটাই পূৰ্বৰ অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে দিনৰ ১১ বজাত বাজেট দাখিলৰ নতুন প্রথা বলৱৎ কৰে। ব্ৰিটিছ যুগৰ আন এক পৰম্পৰাৰ অৱসান ঘটাই অহা বছৰৰ পৰা সংসদত পৃথকভাৱে ৰে’লৱে বাজেটো দাখিল কৰা নহ’ব। বৰং ৰে'লৱে বাজেটক কেন্দ্রীয় সাধাৰণ বাজেটতে সামৰি লোৱা হ’ব। অলপতে এই সম্পৰ্কীয় এক প্রস্তাৱ ৰে’ল মন্ত্রী সুৰেশ প্রভুৱে কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত দাখিল কৰে আৰু মন্ত্রীসভাই সেই প্রস্তাৱ অনুমোদনো কৰিছে। ফলত ভাৰতৰ সংসদীয় ইতিহাসত ২০১৬-১৭ বৰ্ষৰ ৰে’ল বাজেটখনেই হৈছে অন্তিমখন ৰে’ল বাজেট। দেশত বন্ধ হব ৩ লাখ টকাতকৈ অধিক ধনৰ নগদ লেনদেন ক’লা টকাৰ ৰমৰমীয়া বেহা ৰোধ কৰাৰ লক্ষ্যৰে কেন্দ্ৰৰ নৰেন্দ্র মোডীৰ চৰকাৰে এইবাৰ দেশত তিনি লাখতকৈ অধিক নগদ টকাৰ লেনদেন বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ক’লা টকাৰ তদন্তৰ বাবে সর্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে আগবঢ়োৱা চুপাৰিশ অনুসৰিয়েই কেন্দ্রীয় চৰকাৰে সর্বাধিক তিনি লাখ টকালৈকে নগদ টকাৰ লেনদেনৰ উধ্বসীমা বান্ধি দিয়াৰ সিদ্ধান্ত লৈছে।
চৰকাৰে এই সিদ্ধান্ত শীঘ্ৰেই কাৰ্যকৰী কৰিব বুলি আজি চৰকাৰৰ এগৰাকী শীর্ষ বিষয়াই জনায়। ইতিপূর্বে বিশেষ তদন্তকাৰী গোটে প্রত্যেক প্রতিষ্ঠানত সৰ্বাধিক ১৫ লাখ টকা নগদ হিচাপে ৰাখিব পৰা যাব বুলি যি পৰামর্শ চৰকাৰক দিছিল, বিভিন্ন বাণিজ্য সংস্থা আৰু কৰ্প’ৰেট প্রতিষ্ঠানবিলাকে তাৰ বিৰোধিতা কৰাত চৰকাৰে এতিয়াও তাক বাস্তৱায়িত কৰা নাই। বিশেষ তদন্তকাৰী গোটে দিয়া এই পৰামর্শ সন্দৰ্ভত বিভিন্ন মহলে উদ্বেগ প্রকাশ কৰি কৈছে যে ১৫ লাখ নগদ টকা ৰখাৰ এই উর্ধ্বসীমা বলৱৎ কৰিলে ব্যৱসায়ী মহল কৰ বিষয়াসকলৰ দ্বাৰা প্রচণ্ড হাৰাশাস্তিৰ সন্মুখীন হ’ব। চৰকাৰী সূত্রই আজি কয় যে নগদ ধনৰ উধ্বসীমা সর্বাধিক তিনি লাখ টকালৈকে বান্ধি দিয়াৰ উদ্দেশ্য হৈছে সকলো আর্থিক লেনদেন ঘাইকৈ কৰা। ফলত তেতিয়া ক’লা ধনৰ লেনদেন কৰাটো কঠিন হৈ পৰিব। দেশজুৰি হিচাপ বহির্ভূত তথা ক’লা ধনৰ বিৰুদ্ধে অভিযান চলোৱা সত্ত্বেও বহু বৃহৎ বৃহৎ লেনদেনৰ তদন্ত এতিয়াও কৰিবলগীয়া আছে। কাৰণ বহু ক্ষেত্ৰতেই ক’লা ধনৰ গৰাকীসকলে বৃহৎ পৰিমাণৰ নগদ টকাৰে অলংকাৰ, আনকি গাড়ীও ক্রয় কৰি চৰকাৰৰ চকুত ধূলি দিছে। কেন্দ্রীয় চৰকাৰে ক’লা টকাৰ বিৰুদ্ধে অভিযান হিচাপেই প্লাষ্টিকৰ টকা প্রচলনৰো পৰিকল্পনা কৰিছে। তদুপৰি চৰকাৰী বিভাগৰ সৈতে ধনৰ লেনদেনত চৰকাৰে পূর্বে বলৱৎ কৰা মাচুলো প্রত্যাহাৰ কৰিছে। বিশেষকৈ বিভিন্ন চৰকাৰী সেৱাৰ মাচুল পৰিশোধৰ ক্ষেত্ৰত অতিৰিক্ত এই লেনদেন মাচুল তুলি দিয়া হৈছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment