আইছিছৰ কায়দাৰে আলফাৰ ভিডিঅ’

এক কোটি টকা মুক্তিপণ দাবীঃতিনিচুকীয়াৰ যুৱক অপহৰণক লৈ চাঞ্চল্যকৰ তথ্য

ৱেব ডেস্ক, ২২ আগষ্ট, ২০১৬ঃ
প্রথমবাৰৰ বাবে সম্পূর্ণ তালিবানী-আইছিছৰ কায়দাৰে অপহৃতৰ ভিডিঅ’ ফুটেজ প্ৰেৰণ কৰিলে আলফা (স্বা)ই। নিষিদ্ধঘোষিত সংগঠনটোৰ এই ভিডিঅ’ ফুটেজ সংবাদ মাধ্যমযোগে ৰাজহুৱা হোৱাৰ লগে লগে ৰাজ্যৰ সৰ্বত্র ব্যাপক আলোড়ন উদ্ভৱ হৈছে। চাঞ্চল্য সৃষ্টিকাৰী ভিডিঅ’ ফুটেজটোত দেখা গৈছে যোৱা ১ আগষ্টত আলফা (স্বা)ই চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামপুং বনাঞ্চলৰ পৰা অপহৰণ কৰা তিনিচুকীয়া জিলা পৰিষদৰ উপ-সভাপতি ৰত্নেশ্বৰ মৰাণৰ কনিষ্ঠ পুত্র কুলদীপ মৰাণক। এটা সেউজীয়া টি-ছাৰ্ট পৰিহিত কুলদীপে আঁঠুকাঢ়ি থকাৰ বিপৰীতে যুৱকজনক ঘেৰি আছে মুখ ঢাকি ৰখা পাঁচজনকৈ সশস্ত্র যুৱকে ভিডিঅ’ ফুটেজটোত অপহৃত কুলদীপে তেওঁৰ মুক্তিৰ বাবে পৰিয়ালৰ লগতে শদিয়াৰ বিধায়ক বলীন চেতিয়া আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক কাতৰ আহ্বান জনাইছে। অপহৰণকাৰী আলফা (স্বা)ই হাবিয়ে-বননিয়ে চোঁচৰাই লৈ ফুৰাৰ কথা উল্লেখ কৰি কুলদীপে কয়— কেতিয়াবা ক্ৰছ ফায়াৰিঙত মোৰ জীৱনটো গুচি যাব পাৰে। এতিয়া মোৰ স্বাস্থ্যৰ অৱস্থা অতি বেয়া। দেউতা-মা আৰু পত্নীলৈ খুব মনত পৰিছে। মোক অতি সোনকালে মোকোলাই নিয়াৰ ব্যৱস্থা কৰক। উল্লেখ্য যে তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তর্গত হাইখাটি গন্ধেগুৰি গাঁৱৰ বাসিন্দা ৰত্নেশ্বৰ মৰাণৰ কনিষ্ঠ পুত্র কুলদীপক যোৱা ১ আগষ্টৰ দিনা হাতীক দানা খুৱাই থকা অৱস্থাত নামপুং বনাঞ্চলৰ পৰা আলফা (স্বা)ৰ এটা দলে অপহৰণ কৰিছিল। পৰৱৰ্তী সময়ত নিষিদ্ধঘোষিত সংগঠনটোৱে কুলদীপৰ মুক্তিৰ বিনিময়ত পৰিয়ালক ১ কোটি টকা দাবী কৰে। মুক্তিপণৰ এই ধনৰাশি শদিয়া সমষ্টিৰ বিজেপি বিধায়ক বলীন চেতিয়াৰ পৰা ল’বলৈও এটা এছ এম এছ প্ৰেৰণ কৰিছিল। অন্যথা কুলদীপৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিছিল আলফা (স্বা)ই। মুক্তিপণ আদায় দিয়াৰ অস্তিম সময়সীমা যোৱা ১২ আগষ্ট নির্ধাৰণ কৰি দিছিল যদিও পৰিয়ালৰ লোকে দাবী কৰা ধনৰাশি আদায় দিবলৈ সমর্থ হোৱা নাছিল। তাৰ মাজতে যোৱা ৮ আগষ্টত অৰুণাচল প্ৰদেশৰ নামপুং আৰক্ষী থানাত পৰিয়ালৰ লোকে এক গোচৰ ৰুজু কৰে। কুলদীপৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৮৭/৩৪ আৰু আৰ ডব্লিউ ছেকচন ১০-১৩ ইউ এ পি এৰ অধীনত ৬০/২০১৬ নম্বৰত এটা গোচৰ ৰুজু কৰে। কিন্তু ২১ দিন অতিক্রম কৰাৰ পাছতো আজিপৰ্যন্ত আৰক্ষী-প্রশাসনে কোনো ধৰণৰ শুংসূত্র উলিয়াবলৈ সক্ষম নহ’ল কুলদীপৰ।
তাৰ মাজতে আজি প্ৰেৰণ কৰা ভিডিঅ’ ফুটেজটোৱে অপহৃতৰ পৰিয়ালটোক অধিক উদ্বিগ্ন কৰি তুলিছে। পৰিয়ালৰ লোকে ভিডিঅ’ ফুটেজটো প্রত্যক্ষ কৰি শোকত ভাগি পৰে। পিতৃ ৰত্নেশ্বৰ মৰাণৰ লগতে মাতৃ আৰু পত্নীয়ে আলফা (স্বা)ক বিনাচর্তে কুলদীপক মুকলি কৰি দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে। লগতে বিষয়টো সন্দৰ্ভত আলফা (স্বা)ক পৰিয়ালৰে যোগাযোগ কৰিবলৈও কৈছে তেওঁলোকে। কুলদীপৰ পৰিয়ালে প্রয়োজনত নিজা মাটি-বাৰী আৰু সা-সম্পত্তি বিক্ৰী কৰি হ’লেও সামর্থ্য অনুসৰি ধনৰাশি আদায় দিবলৈ সাজু বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। তদুপৰি ২১ দিন অতিক্রম কৰাৰ পাছতো কুলদীপক উদ্ধাৰ কৰিব নোৱাৰাত আৰক্ষী-প্রশাসনৰ ওপৰত আস্থা হেৰুৱাই পেলোৱা বুলি মন্তব্য কৰে পৰিয়ালে। কুলদীপৰ পিতৃ তথা তিনিচুকীয়া জিলা পৰিষদৰ উপ-সভাপতি ৰত্নেশ্বৰ মৰাণৰ পৰা বিধায়ক বলীন চেতিয়াৰে থকা সম্পর্ক সন্দর্ভত সাংবাদিকে জানিব বিচৰাত তেওঁ কয়— একালৰ সতীর্থ বিধায়ক বলীন চেতিয়াৰ সৈতে বর্তমান মোৰ কোনো ৰাজনৈতিক আৰু ব্যৱসায়িক সম্পর্ক নাই। মই বর্তমান বিজেপিত যোগদান কৰা নাই। এনেস্থলত বিধায়ক চেতিয়াৰ পৰা ধন লোৱাৰ কোনো যুক্তি থাকিব নোৱাৰে। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ৰত্নেশ্বৰ মৰাণ আৰু বলীন চেতিয়াৰ মাজত পূর্বে থকা সু-সম্পর্ক সর্বজনবিদিত। ইফালে, অপহৰণকাৰীৰ আশ্রয়স্থান নির্ণয় কৰিব নোৱাৰ বাবেই কুলদীপক উদ্ধাৰত বিলম্ব হোৱা বুলি কোৱা হৈছে অসম আৰক্ষীৰ তৰফৰ পৰা। সংবাদ মাধ্যমৰ আগত অসম আৰক্ষীৰ শীর্ষ বিষয়াই বর্তমানেও কুলদীপ সুৰক্ষিত হৈ থকাৰ কথা উল্লেখ কৰি তেওঁক উদ্ধাৰৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰি থকা হৈছে বুলি দাবী কৰে। ইপিনে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মানৱীয়তাৰ খাতিৰতে কুলদীপক মুকলি কৰি দিবলৈ আহ্বান জনাইছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment