ৱেব ডেস্ক, ২২ আগষ্ট, ২০১৬ঃ
ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কৰ ফাঁকি ৰোধৰ বাবে কৰা প্ৰয়াস এক প্ৰহসনত পৰিণত হৈছে৷ আন্তঃৰাজ্যিক চেকগেটসমূহত নিৰীক্ষণ অধিক কট্কটীয়া কৰাৰ লগতে ফ্লাইং স্কোৱাডৰ জৰিয়তে অসমত প্ৰৱেশ কৰাৰ পিছতো সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ ওপৰত জোৰদাৰ নিৰীক্ষণ অব্যাহত ৰাখিছে৷ কিন্তু সকলো কঠোৰতা গ্ৰহণ কৰাৰ পিছতো গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যৰ বজাৰত হ্ৰাস পোৱা নাই চোৰাং আৰু ভেজাল সামগ্ৰীৰ ব্যৱসায়৷ কৰ ফাঁকি দিয়া এনে সামগ্ৰী অসমত প্ৰৱেশত বাধা দিয়াত ব্যৰ্থ হোৱা কৰ বিভাগে ৰাজ্যৰ বজাৰতো কোনো নিয়ন্ত্ৰণ আনিব পৰা নাই৷ বাধাহীনভাৱে দিনৰ পোহৰতে কেঁচা ৰচিদৰ জৰিয়তে অব্যাহত আছে চোৰাং সামগ্ৰীৰ ৰমৰমীয়া বেপাৰ৷ চোৰাং সামগ্ৰীৰ ভিতৰত ইলেক্ট্ৰনিক সামগ্ৰীৰ বেপাৰে অধিক অংশ দখল কৰি আছে৷ গুৱাহাটীকে ধৰি ৰাজ্যত এনে এখন ইলেক্ট্ৰনিক সামগ্ৰীৰ দোকান নাই য’ত চোৰাংকৈ ৰাজ্যত প্ৰৱেশ কৰা সস্তীয়া সামগ্ৰী বিক্রী নহয়৷ চোৰাং ইলেক্ট্ৰনিক সামগ্ৰীৰ সমগ্ৰ বজাৰ নিয়ন্ত্ৰণ হৈ আছে গুৱাহাটীৰ লাখটকীয়া অঞ্চলৰপৰা৷ অঞ্চলটোত থকা ইলেক্ট্ৰনিক সামগ্ৰীৰ দুখন বৃহৎ বজাৰৰপৰা ৰাজ্যজুৰি সামগ্ৰীসমূহ বিতৰণ কৰা হয়৷ নিয়ম অনুসৰি ভাৰতত উৎপাদিত প্ৰায় আটাইবোৰ সামগ্ৰীৰ বাবদ কেন্দ্ৰীয় চৰকাৰক আবকাৰী কৰ দিব লাগে৷ কোনো সামগ্ৰী এখন ৰাজ্যৰপৰা আন এখন ৰাজ্যত বিক্রী কৰিলে কেন্দ্ৰীয় চৰকাৰক কেন্দ্ৰীয় বিক্রী কৰ আদায় দিব লাগে৷ সামগ্ৰীসমূহ অসমৰ বজাৰত বিক্রীৰ সময়ত ৰাজ্য চৰকাৰক মূল্য সংযোজিত কৰ অৰ্থাৎ ভেট দিবলগীয়া হয়৷ তদুপৰি অসমত প্ৰৱেশৰ সময়ত সামগ্ৰী কঢ়িওৱা ট্ৰাকে প্ৰৱেশ কৰ আৰু পৰিবহণ কৰ আদায় দিবলগীয়া হয়৷

এই সকলো কৰ যোগ কৰিলে প্ৰায়বোৰ ইলেক্ট্ৰনিক সামগ্ৰীয়ে উৎপাদন মূল্যৰ ওপৰত ৩০-৪০ শতাংশপৰ্যন্ত কৰ আদায় দিবলগীয়া হয়৷ সেয়ে কৰ আদায় দি অনা সামগ্ৰীতকৈ কৰ ফাঁকি দি অনা সামগ্ৰীৰ বজাৰ দৰ প্ৰায় আধা হৈ পৰে৷ যিহেতু কৰ ফাঁকি দিয়া সামগ্ৰী চৰকাৰীভাৱে নথিভুক্ত নহয় সেয়ে এনে সামগ্ৰীৰ ভাৰতীয় মানক ব্যুৰ’ৰ অনুমোদন নাথাকে৷ গুণগত মান উন্নত নোহোৱাৰ পিছতো মূল্য কম হোৱা বাবে চোৰাং সামগ্ৰীৰ চাহিদা বহুত৷ ৰাজ্যৰ কৰ বিভাগৰ এক সূত্ৰৰ মতে লাখকটীয়াৰ চোৰাং ইলেক্ট্ৰনিক সামগ্ৰীৰ বজাৰখনত বছৰি আনুমানিক প্ৰায় এহাজাৰ কোটি টকাৰ ব্যৱসায় হয়৷ কিন্তু ইয়াৰ সামান্য পৰিমাণৰ ধনো ৰাজকোষলৈ নাযায়৷ কাৰণ লাখটকীয়াৰ এই বজাৰৰপৰা প্ৰায়বোৰ সামগ্ৰী খুচুৰা বা পাইকাৰীভাৱে ক্রয় কৰাৰ সময়ত কোনো পকা ৰচিদ দিয়া নহয়৷ পকা ৰচিদ নিদিয়াৰ অৰ্থই হৈছে কৰ ফাঁকি৷ গুৱাহাটীৰ মাজমজিয়াত এনেদৰে কৰ ফাঁকি মুকলিকৈ চলি থকাৰ পিছতো ৰহস্যজনকভাৱে কৰ বিভাগৰ এই বজাৰক লৈ তৎপৰতা দেখা নাযায়৷ কৰ বিভাগে উৎসতে কৰ ফাঁকি ৰোধৰ ব্যৱস্থা প্ৰৱৰ্তনত গুৰুত্ব দি চোৰাং সামগ্ৰীৰ বেপাৰ বন্ধ কৰাৰ উদ্যোগ লোৱা বুলি প্ৰকাশ কৰিছে৷ কিন্তু কাৰ্যক্ষেত্ৰত ফলপ্ৰসূ হোৱা নাই৷ নিয়ম অনুসৰি কোনো সামগ্ৰী অসমত প্ৰৱেশ কৰাৰ সময়ত আন্তঃৰাজ্যিক চেকগেটত কৰ বিভাগৰপৰা ইতিমধ্যে ইছ্যু কৰা ‘ডেলিভাৰী নোট’ৰ কপি দেখুৱাব লাগে৷ এই ডেলিভাৰী নোটত ট্ৰাকত থকা সামগ্ৰীৰ সবিশেষ থাকে৷ ডেলিভাৰী নোট নোহোৱাকৈ বা ভুৱা ডেলিভাৰী নোট বনাই গেটসমূহেৰে সামগ্ৰী অসমত প্ৰৱেশ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া৷ নতুন চৰকাৰে দায়িত্ব গ্ৰহণ কৰি এনে অনিয়ম ৰোধৰ উদ্যোগ লোৱাৰ বাবে বাৰম্বাৰ প্ৰচাৰ কৰিছে৷ যদি এই কথা সত্য হয় তেনেহ’লে ৰাজ্যৰ বজাৰত কেঁচা ৰচিদত সামগ্ৰী বিক্রী কৰা বা ৰচিদবিহীনভাৱে কম দৰত নিম্নমানৰ সামগ্ৰী বেচা-কিনা বন্ধ হ’ব লাগিছিল৷ কিন্তু ইলেক্ট্ৰনিক সামগ্ৰীৰ চোৰাং বেহাৰ উদাহৰণে প্ৰমাণ কৰিছে ৰাজ্যত কৰ ফাঁকি অব্যাহত থকাৰ কথা৷ এনে অৱস্থাত প্ৰ উত্থাপন হৈছে একাংশ অসাধু কৰ বিষয়াৰ ছত্ৰছায়াত এতিয়া অব্যাহত আছে নেকি সামগ্ৰীৰ চোৰাং সৰবৰাহৰ গোপন ফন্দি? যদি এই কথা সঁচা হয় তেনেহ’লে চৰকাৰৰ কৰ ফাঁকি ৰোধেৰে ৰাজহ বৃদ্ধি কৰাৰ পদক্ষেপ এক প্ৰহসনৰ বাহিৰে একো নহয়৷
facebook
twitter
google+
fb share