ৰাইছিনা হিলত মহৰ ব্যাপক বংশ বিস্তাৰ: ৰাষ্ট্ৰপতি ভৱনলৈ দিল্লী পৌৰ পৰিষদৰ ৫২ খন জাননী

ৱেব ডেস্ক, ২১ আগষ্ট, ২০১৬ : 
মহৰ বংশবৃদ্ধি ৰোধৰ বাবে নতুন দিল্লী পৌৰ পৰিষদে ৰাষ্ট্রপতি ভৱনলৈ কমেও ৫২ খন জাননী জাৰি কৰিছে। চলিত বছৰৰ জানুৱাৰী মাহৰ পৰা বর্তমানলৈকে এই জননীসমূহ জাৰি কৰা হৈছে।


৩২০ একৰ এলেকাৰ ৰাষ্ট্রপতি ভৱন চৌহদৰ কেইবাটাও স্থানত থকা জলাশয়বোৰত আবদ্ধ পানীত মহে ব্যাপক হাৰত কণী পৰাৰ ফলত ৰাজধানী মহানগৰীখন সন্মুখীন হৈছে গুৰুতৰ সমস্যাৰ। ৰাষ্ট্রপতি ভৱন চৌহদৰ পৰা মহৰ বংশ বিস্তাৰৰ এই ঘটনা দৃষ্টিগোচৰ হোৱাৰ পিচতেই নতুন দিল্লী পৌৰ পৰিষদে (এন ডি এম চি) মহৰ বংশ বৃদ্ধি ৰোধৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাষ্ট্রপতি ভৱনলৈ জাননী জাৰি কৰে। এন ডি এম চিৰ এগৰাকী জ্যেষ্ঠ বিষয়াই আজি কয়— আমি ৰাষ্ট্রপতি ভৱন চৌহদৰ বিভিন্ন চৌহদ আৰু আবাসসমূহলৈ ৫২ খন জাননী জাৰি নলবােৰত মহৰবংশবৃদ্ধিবােধৰ বাবে যথোপযুক্তব্যৱস্থা গ্রহণ কৰা হয়। তেওঁ কয় যে ইতিমধ্যে এন ডি এম চিৰ পর্যবেক্ষক গোটে ৰাষ্ট্রপতি ভৱন চৌহদ পৰিদৰ্শন কৰি পানী আবদ্ধ হৈ থকা কেতবোৰ ঠাইত মহৰ পোৱালি দেখা পাইছে। এই পর্যবেক্ষক গোটত আছিল ৰাষ্ট্রপতি ভৱনৰ অনাময় আৰু উদ্যান শস্য বিভাগ, কেন্দ্রীয় গড়কাপ্তানি বিভাগৰ অধীনস্থ অসামৰিক অভিযান্ত্রিক গোট আৰু এন ডি এম চিৰ স্বাস্থ্য বিভাগৰ মেলেৰিয়া শাখাৰ বিষয়াবর্গ। দিল্লীৰ বিভিন্ন অঞ্চলত ডেংগি ৰোগৰ বিস্তাৰ লাভ কৰাৰ পৰিপ্রেক্ষিততে ৰাষ্ট্রপতি ভৱনলৈ পৌৰ পৰিষদে জননীসমূহ প্ৰেৰণ কৰে। যোৱা বছৰো ৰাষ্ট্রপতি ভৱন চৌহদত ব্যাপক হাৰত মহৰ বংশ বৃদ্ধি ঘটাত এন ডি এম চিয়ে কমেও ১২৫ খন জাননী জাৰি কৰিছিল। ৰাষ্ট্রপতি ভৱনৰ উপৰি এন ডি এম চিয়ে চফদৰজং হাস্পতাল, দিল্লী গলফ ক্লাব, শিৱাজী ষ্টেডিয়াম, আকাশবাণী ভৱন আদিকে ধৰি ১৪৬ টা ভৱনলৈ এইবাৰ মুঠ ৩,৩৩৭ খন জাননী জাৰি কৰিছে।





About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment