বিধায়ক শ্বেৰমানকেই নহয় সমগ্ৰ অসমৰ মুছলমানক অপমান কৰা ৰমাকান্তক ৰাজহুৱা ক্ষমা খোজাৰ দাবী আমছুৰ
গুৱাহাটী, ১৪ আগষ্ট, ২০১৬ঃযিসময়ত বাংলাদেশৰ পৰা অহা হিন্দু বাংলাদেশীসকলক বিজেপি চৰকাৰে ৰঙাদলিচা পাৰি দিছে সেই সময়তে মুছলমান মানেই বাংলাদেশীৰ ভূত দেখিছে বিধানসভাৰ নিৰ্বাচিত বিধায়কে৷ বিজেপিৰ মেৰু বিভাজনৰ ৰাজনীতিৰ অংশ হিচাপে কালি অসম বিধানসভাত এই কথা প্ৰতিপন্ন কৰি বাঘবৰ সমষ্টিৰ বিধায়ক শেৰমান আলী আহমেদক বাংলাদেশী বুলি আখ্যায়িত কৰাৰ লগতে সমগ্ৰ অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অপমান কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)য়ে৷
সংগঠনটোৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে এক প্ৰেছ বিবৃতিযোগে জনায় যে যোৱাকালি অসম বিধানসভাত বিধায়ক শ্বেৰমান আলী আহমেদসহ মুছলমান বিধায়কসকলক বাংলাদেশী বুলি জ্ঞানশূন্য বিধায়ক ৰমাকান্ত দেউৰীয়ে কৰা মন্তব্যক তীব্ৰ নিন্দা কৰাৰ লগতে ক্ষোভ প্ৰকাশ কৰি গৰিহণা দিছে৷
জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত তথা ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা
স্বীকৃতিপ্ৰাপ্ত বিধায়কক পবিত্ৰ বিধানসভাৰ মজিয়াত বাংলাদেশী আখ্যায়িত কৰি
বিধানসভাৰ গৰিমাত কলংক সানিলে বুলিও আমছুৱে মত প্ৰকাশ কৰিছে৷ বিধায়ক দেউৰীৰ এই বক্তব্যই
কেৱল মুছলমান বিধায়ককে নহয়, ৰাজ্যখনত সিঁচৰিত হৈ থকা সমগ্ৰ মুছলমান জাতিটোকে চৰম
অৱমাননা কৰিছে৷ তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিৰৱতাকো আমছুৱে তীব্ৰ ভাষাৰে গৰিহণা
দিয়াৰ লগতে প্ৰশ্ন উত্থাপন কৰিছে যে উক্ত বক্তব্য দেউৰীৰ নে মুখ্যমন্ত্ৰী
সোনোৱালৰ? এনেকুৱাও হ’ব পাৰে নেকি যে ৰাজ্যখনৰ মুৰব্বীৰ আসনত থাকি নিজে ক’ব নোৱাৰা
কথাটো দেউৰীৰ মুখেৰে কোৱাইছে? সেয়া কোনোপধ্যে সন্দেহৰ উৰ্ধ্বত নহয়৷

নিজৰ বক্তব্য আনৰ মুখেৰে কোৱাই মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পাব বিচাৰিছে নেকি বুলিও আমছুৱে প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীৰ পৰা এক স্পষ্টীকৰণ দাবী কৰিছে৷ বাংলাদেশীৰ নামত কোনো প্ৰকৃত ভাৰতীয় নাগৰিককে অপমান কৰাটো সহ্য কৰা নহ’ব বুলিও আমছুৱে সকিয়াই দিয়ে৷
ইয়াৰ লগতে পবিত্ৰ বিধানসভাৰ পবিত্ৰতা অক্ষুন্ন ৰাখিবলৈ বিধানসভাৰ অধ্যক্ষক দাবী জনায়৷ অসম আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত দেউৰীতকৈ অসমৰ মুছলমান সমাজ বহু ঊৰ্ধ্বত থকাৰ পিছতো ৰাজ্যখনৰ গৃহ বিভাগৰ দায়িত্বভাৰ চম্ভালি থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুছলমানসকলক যদি শত্ৰুজ্ঞান কৰে তেন্তে পৰোক্ষভাৱে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ পৰিৱৰ্তে প্ৰত্যক্ষভাৱে গুলীয়াই হত্যা কৰক, সেয়া আন্তৰিকতাৰে মানি ল’ব বুলিও স্পষ্টভাৱে কয় আমছুৱে৷
আনহাতে , উক্ত বক্তব্য আচলতে তেওঁৰ নিজা নে মুখ্যমন্ত্ৰী সোনোৱালৰ নে বিজেপিৰ সেয়া বিধায়ক ৰমাকান্ত দেউৰীয়ে স্পষ্ট কৰক আৰু ৰাজহুৱাভাৱে উঠাই লোৱাৰ লগতে ক্ষমা খোজক অন্যথাই আমছুৱে ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলিও একেটা বিবৃতিতে স্পষ্ট কৰি দিয়ে৷
facebook
twitter
google+
fb share