ক্লাবৰ নামত ২ লাখ টকাৰ আর্থিক সাহায়্য ঘোষণা
বৰপেটা, ১৪ আগষ্ট, ২০১৬ :
‘এতিয়া সম্বর্ধনা গ্রহণ কৰাৰ নহয়, কাম কৰাৰহে সময় – এই মন্তব্য অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। আজি বৰপেটাৰোডৰ ইছলামিক ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত আয়োজিত এক বিশেষ সম্বর্ধনা অনুষ্ঠানত উপস্থিত হৈ বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে ভাষণ প্রসঙ্গত এই মন্তব্য প্রকাশ কৰাৰ লগতে উত্তৰ বৰপেটাৰোডৰ প্ৰতিটো সমস্যা গুৰুত্ব সহকাৰে সমাধান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি আশ্বাস প্রদান কৰে।
বহু প্রত্যাশিত বৰপেটাৰোডৰ উত্তৰ পূৱ সীমান্ত ৰেলপথৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী উৰণীয়া সেতু নির্মানৰ কাম অচিৰেই আৰম্ভ হ’ব বুলি তেওঁ উল্লেখ কৰে। ৰাইজৰ হিতৰ বাবে দীর্ঘদিনীয়া সমস্যাটো সমাধানৰ সময়োপযোগী এই কাম কৰিব নোৱাৰিলে অধ্যক্ষগৰাকীয়ে আৰু জনপ্রতিনিধি হৈ থকাৰ কোনো সার্থকতা নাথাকিব বুলিও অভিমত ব্যক্ত কৰে। শিক্ষক তথা সাংবাদিক মহম্মদ শিকদাৰে আঁতধৰা তথা ইছলামিক ক্লাব এণ্ড লাইব্ৰেৰীৰ সভাপতি আবুবক্কৰ ছিদ্দিকৰ সভাপতিত্বত আৰু সম্পাদক আব্দুৰ ৰশিদ আহমেদৰ উদ্দেশ্য ব্যাখাৰে অনুষ্ঠিত হোৱা সভাখনত প্রায় কুৰিগৰাকী ছাত্ৰীয়ে আৰম্ভনী গীত পৰিৱেশন কৰে।
ক্লাবৰ প্রাক্তন সভাপতিদ্বয় আব্দুছ ছামাদ আহমেদ আৰু আয়নাল হকে আদৰণি ভাষণ প্রদান কৰে।
ক্লাবৰ প্রাক্তন সম্পাদক আনোৱাৰ হুছেইনে পৰিচালনা কৰা সম্বর্ধনা অনুষ্ঠানৰ জৰিয়তে বিধানসভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসক ইছলামিক ক্লাব এণ্ড লাইব্ৰেৰীৰ তৰফৰ পৰা বিশেষ সম্বর্ধনা জ্ঞাপন কৰাৰ লগতে বৰপেটাৰোড জামে মছজিদ পৰিচালনা সমিতি, বৰপেটাৰোড ঈদগাহ পৰিচালনা সমিতি, মিফতাহুল উলুম মাদ্রাছা, বৰপেটাৰোড বীজভাণ্ডাৰ সন্থা, পাইকাৰী সক্তি ব্যৱসায়ী সন্থা, বৰপেটাৰোড-খৈৰাবাৰী কবৰস্থান পৰিচালনা সমিতি, উত্তৰ আঠিয়াবাৰী-জাখলিবিলৰ পথাৰ কবৰস্থান পৰিচালনা সমিতি, ৰিফা ৱেলফেয়াৰ এছোছিয়েচন, হজৰত আয়েশা ছিদ্দিকা বানাত মাদ্রাছা পৰিচালনা সমিতিৰ লগতে বিলাসীপাৰা নৱমিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা সু-সম্বর্ধনা জ্ঞাপন কৰে।
উল্লেখ্য যে স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অনুষ্ঠানটোত পৰিবেশিত আৰম্ভনী গীতৰ জৰিয়তে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্রীতি আৰু সমন্বয়ৰ বার্তা প্রেৰণৰ চেষ্টা কৰা গীতিকাৰ তথা বিষয় শিক্ষক লালমামুদ আহমেদক এখন ফুলাম গামোছাৰে সম্বর্ধনা জ্ঞাপন কৰাৰ লগতে উক্ত গীতৰ বাবে ভূয়সী প্রশংসা কৰে।
প্রনিধানযোগ্য যে সম্বর্ধনা অনুষ্ঠানৰ আয়োজক বৰপেটাৰোড ইছলামিক ক্লাব এণ্ড লাইব্রেৰীৰৰ তৰফৰ পৰা বৰপেটাৰোডৰ উত্তৰপাৰৰ স্থানীয় বিভিন্ন গুৰুতৰ সমস্যাৰ সমাধান কল্পে ছয় দফীয়া দাবী সম্বলিত এখনি স্মাৰকপত্র বিধানসভাৰ অধ্যক্ষ গৰাকীক অৰ্পন কৰে।
ক্লাবটােৰ জনহিতকৰ কামকাজৰ ফলপ্রসূ উত্তৰণৰ বাবে বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে দুই লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াব বুলিও ঘোষণা কৰে।

facebook
twitter
google+
fb share