হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা দুমুখীয়া জাতীয়তাবাদীসকললৈ মোৰ প্ৰশ্ন




হিন্দু বাংলাদেশীক বহিস্কাৰ নকৰি আমাৰ দেশৰ নাগৰিকত্ব প্ৰদান কৰি সংস্থাপন দিবলৈ সাহস কৰা দুমুখিয়া জাতীয়তাবাদীসকললৈ মোৰ প্ৰশ্ন-

১/আপোনালোকে হিন্দু বাংলাদেশীৰ হকে ১৫০০গৃহ নিৰ্মানৰ বিপৰীতে আমাৰ স্থানীয় বানপিড়িত সকলৰ হকে ১৫খনকৈ আশ্ৰম নিৰ্মান কৰি দিয়াৰ সিদ্ধান্ত লবলৈ কিয় সাহস কৰিব নোৱাৰিলে? 
আপোনালোকৰ হিন্দু বাংলাদেশীলৈ ইমান বেছি দৰদ যে নিৰ্বাচনৰ ফলাফল উল্লেখ কৰাৰ লগে লগেই তেওঁলোকৰ সুবিধাৰ্থে নিজৰ প্ৰতিশ্ৰুতি সলনি কৰিব পাৰিলে কিন্তু আমাৰ বানপিড়িতসকল ৪ ৫ দিন বানত ককবকাই থাকোতেও খবৰ লবলৈ আৰু সাহায্য আগবঢ়াবলৈ সময়ৰ অভাৱ হৈছিল আপোনালোকৰ।
আপোনালোকৰ বাবে অধিৱেশনখন ডাঙৰ আছিল নে বানত ককবকাই থকা দূৰ্ভগীয়া ৰাইজসকল?
ধাৰৰ বোজাৰ সমস্যা নেদেখালেই ভাল পাম যিহেতু ১৫০০গৃহ নিৰ্মানৰ তুলনাত ১৫খন আশ্ৰমৰ পৰিমাণ তেনেই নগণ্য।
২/নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুবছৰত যে ৭০কোটি টকা কেৱল পোচাক পৰিধানতেই ব্যয় কৰিলে তাৰ বিপৰীতে তেওঁ ৰাস্তা ঘাটত বাস কৰা কেইজনমান বস্ত্ৰহীন লোকক কেৱল ৭০হাজাৰ টকীয়া সস্তীয়া পোচাক দান দিবলৈ সাহস কৰিব পাৰিব নে?
৩/২০লাখ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বিপৰীতে ৰাস্তা-ঘাট, ট্ৰেইন স্তেচন, মন্দিৰ আদিৰ সন্মোখত বাস কৰা আমাৰ স্থানীয় অঘৰী, মগনীয়, মানসিক বিকাৰগ্ৰস্থ আৰু শাৰীৰিক বাধাগ্ৰস্থসকলৈ মাত্ৰ ২০খন আশ্ৰম, চিকিৎসালয়, বিদ্যালয় আদি স্বাধীনতা দিৱসৰ আগত স্থাপন কৰি সেইয়া তেওঁলোকলৈ স্বাধীনতা দিৱসৰ দিনা উপহাৰ স্বৰূপে দিবলৈ সাহস কৰিব পাৰিব নে?
৪/আপোনালোকে কৈছে অসম চৰকাৰে সেই বাংলাদেশীৰ বোজা বহন নকৰে। কিন্তু প্ৰশ্ন হ'ল আমি আপোনালোকক কেনেকৈ বিশ্বাসত লম যে আপোনালোকে সচাঁ‌ কথা কৈছে। নাগৰিকত্ব প্ৰদানৰ পিছত যদি আপোনালোক আকৌ সলনি হয়? আপোনালোকে ইমানবোৰ প্ৰতিশ্ৰুতি ভংগ কৰিলে যে এতিয়া আমি শত্ৰুক বিশ্বাস কৰিলেও আপোনালোকক বিশ্বাসত ল'ব নোৱাৰো।
আপোনালোকৰ ভংগ প্ৰতিশ্ৰুতিৰ মাত্ৰ চাৰিটা উদাহৰণ-
ক/১৬মে'ত টুপোলা বন্ধা বাংলাদেশী এতিয়া আমাৰ দেশৰ অধিকাৰী, হয়তো তেওঁলোকে এতিয়া আমাতকৈ বহু বেছি সা-সুবিধা আৰু অধিকাৰ লাভ কৰিছে।
খ/১০০দিন পাৰ হ'ল কলা ধন ঘুৰি নাহিল, পিছে মোদী ডাঙৰীয়াৰ মুৰটো দেখোন এতিয়াও ডিঙিতেই লাগি থাকিল।
গ/মোদী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বে তেওঁক প্ৰধান মন্ত্ৰী নহয় ৰক্ষক হিচাপে নিৰ্বাচন কৰিবলৈ কৈছিল, কিন্তু তেওঁ এতিয়া একপ্ৰকাৰৰ ৰক্ষক ৰূপি ভক্ষক।
ঘ/বিজেপি চৰকাৰ অহা পিছত কৃষকে আত্মহত্যা কৰিব লগা নহয় বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়াও বহুতো কৃষকে আত্মহত্যাৰ কৰিয়েই আছে।
মই এই উপস্থাপনটোত এই উদাহৰণসমূহ দিয়াৰ মাত্ৰ এটাই উদ্দেশ্য যে-
তেওঁলোকৰ সমৰ্থনকাৰীসকলে তেওঁলোকক সমৰ্থন কৰাৰ আগত অন্তত এবাৰ হলেও ভাবক যে সচাঁ‌ই তেওঁলোক বিশ্বাস আৰু সেই ক্ষমতাৰ যোগ্য নে।
তেওঁলোকে স্বচ্ছ ভাৰতৰ কথা কয় কিন্তু তেওঁলোকৰ নিজৰ মনটোৱেই যদি অজশ্ৰ জাবৰে ভৰা দেশখন স্বচ্ছ কৰাটো জানো সম্ভৱ ?

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment