১১ আগষ্টৰ কাণ্ডঃকটন কলেজৰ তদন্তৰ প্ৰতিবেদত দোষী সাব্যস্ত ১২ ছাত্ৰ

ৱেব ডেস্ক, ১৮ আগষ্ট, ২০১৬ঃ 
অটো-টেক্সিচালক আৰু কটন কলেজৰ ছাত্ৰৰ মাজত ১১ আগষ্টত হোৱা মাৰপিটৰ কমিটীয়ে প্রতিবেদন দাখিল কৰে। কটন কলেজৰ অধ্যক্ষা ড° নীৰদা দেৱীৰ হাতত দুজনীয়া তদন্ত কমিটীৰ সদস্য ক্রমে অধ্যাপক নাৰায়ণ তালুকদাৰ আৰু ৰাজীৱ ভূঞাই যোৱা দিনকেইটাত সমগ্র ঘটনা পৰীক্ষা-নিৰীক্ষা কৰি প্রতিবেদন দাখিল কৰে। সেই প্রতিবেদনত ১২জনকৈ ছাত্র জড়িত থকা বুলি উল্লেখ কৰিছে। তদন্ত কমিটীয়ে সেই দিনাৰ ঘটনাৰ ভিডিঅ’ ফুটেজ আৰক্ষীৰপৰা সংগ্রহ কৰি এইকেইজন ছাত্ৰক চিনাক্ত কৰে। চিনাক্ত কৰা ছাত্রকেইজনৰ ভিতৰত কটন কলেজৰ স্নাতক মহলাৰ ৭জন আৰু কটন কলেজ বিশ্ববিদ্যালয়ৰ ৪জন ছাত্র। অৱশ্যে এজনক এতিয়াও কটন কলেজ অথবা কটন কলেজ বিশ্ববিদ্যালয়ৰ ছাত্র হয়নে নহয়, সেইটো নিশ্চিত কৰিব পৰা নাই। ইপিনে, দুজনীয়া তদন্ত কমিটীয়ে অধ্যক্ষক দাখিল কৰা প্রতিবেদনক কেন্দ্ৰ কৰি কটন কলেজ অনুশাসন কমিটী আজি এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। আজি দিনৰ ১২.৩০ বজাৰ পৰা ৫.৩০ বজালৈ পাঁচ ঘণ্টাজোৰা অনুশাসন কমিটীৰ বৈঠকে প্রতিবেদনত উল্লেখ কৰা ১১জন ছাত্রই ১১ আগষ্টৰ মাৰপিটৰ সৈতে জড়িত থকা বুলি সিদ্ধান্ত গ্রহণ কৰে। অনুশাসন কমিটীয়ে এনে সিদ্ধান্ত লোৱাৰ পাছত অৱশ্যে আন এক সমস্যাৰ সন্মুখীন হৈছে। কিয়নো তদন্ত কমিটী অথবা অনুশাসন কমিটী কেৱল কটন কলেজৰ পৰাহে গঠন কৰা হৈছিল। যিহেতু সেইদিনাৰ ঘটনাৰ সৈতে ৪জনকৈ কটন কলেজ বিশ্ববিদ্যালয়ৰ ছাত্র জড়িত হৈ থকাটো নিশ্চিত কৰা হৈছে। এনে পৰিস্থিতিত সেইকেইজন ছাত্ৰৰ ওপৰত কেনে ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব, সেই সিদ্ধান্ত একমাত্র কটন কলেজ বিশ্ববিদ্যালয়েহে ল’ব পাৰিব। সেয়ে অনুশাসন কটন কলেজ বিশ্ববিদ্যালয়ৰ ছাত্রকেইজনৰ ওপৰত বিশ্ববিদ্যালয় কর্তৃপক্ষই কেনে ধৰণৰ ব্যৱস্থা গ্রহণ কৰিব, তাৰ বাবে দুদিনৰ সময় লয়। সেই অনুসৰি দোষী সাব্যস্ত হোৱা ছাত্রকেইজনৰ ওপৰত ২০ আগষ্টত ব্যৱস্থা গ্রহণ কৰা হ'ব।
উল্লেখ্য যে সাধাৰণতে কটন কলেজৰ হোষ্টেলৰ আৱাসী ছাত্র এনে ধৰণৰ ঘটনাৰ সৈতে জড়িত হ’লে তেওঁলোকক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হয়। সেই দিশৰ পৰা ছাত্রকেইজনক হোষ্টেলৰ পৰা বহিস্কাৰ কৰাৰে সম্ভাৱনা প্রকট। অৱশ্যে অনুশাসন কমিটী যদিহে অধিক কঠোৰ হয়, তেনেহ’লে ছাত্রকেইজনক এটা ছিমেষ্টাৰৰ পৰা অর্থাৎ ছমাহৰ বাবে কলেজৰ পৰা বহিষ্কাৰ কৰিব পাৰে। এই সিদ্ধান্ত সম্পূৰ্ণৰূপে অনুশাসন কমিটীৰ ওপৰত নিৰ্ভৰ কৰিব। ইপিনে, ১১ আগষ্টৰ ঘটনাৰ প্রতিবাদ সাব্যস্ত কৰাৰ নামত ১২ আগষ্টত উবেৰৰ একাংশ টেক্সিচালকে কটন কলেজত প্রৱেশ কৰি শিল-ইটা দলিওৱাৰ লগতে এক অপ্রতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। তদুপৰি ১১ আগষ্টৰ ঘটনাৰ নিশাও একাংশ টেক্সিচালকে কটন কলেজৰ এম এন ডি পি হোষ্টেলত আক্রমণ চলায়। দুয়োটা ঘটনাটেই কলেজ আৰু হোষ্টেলৰ ব্যাপক ক্ষতি হয়। ইপিনে, ১২ আগষ্টত চলোৱা আক্রমণৰ পৰিপ্রেক্ষিতত কলেজ কর্তৃপক্ষই উবেৰ টেক্সিচালকৰ বিৰুদ্ধে থানাত এখন এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে সম্প্রতি ঘটনা সম্পর্কত তদন্ত চলাই থকাৰ লগতে প্রশাসনে গঠন কৰি দিয়া তদন্ত আয়োগেও সমগ্র ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। প্রশাসনে গঠন কৰি দিয়া তদন্ত আয়োগে দাখিল কৰিবলগীয়া প্রতিবেদনৰ ভিত্তিত সমগ্র ঘটনাটোৰ সৈতে জড়িত থকাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি প্রশাসনৰ ফালৰ পৰা জানিব পৰা গৈছে। ইপিনে, কটন কলেজত সংঘটিত এই ঘটনাৰ পাছতে ছাত্ৰসকলক নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে উজনি অসম ভ্ৰমণত ব্যস্ত থকা শিক্ষামন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কটন কলেজৰ শিক্ষার্থীয়ে ইউনিফর্ম পৰিধান কৰাটাে বাধ্যতামূলক কৰা হ’ব বুলি ঘোষণা কৰে। তেওঁ ইতিমধ্যে ৰাজ্যৰ আন আন মহাবিদ্যালয়ৰ দৰে কটন কলেজতো শিক্ষার্থীয়ে ইউনিফর্ম পৰিধান কৰাটাে বাধ্যতামূলক কৰিবলৈ কলেজৰ অধ্যক্ষক নির্দেশ দিয়া বুলি আজি যোৰহাটত সদৰী কৰে। যোৰহাট মেডিকেল কলেজৰ এক বিশেষ অনুষ্ঠানৰ অন্তত আজি সাংবাদিকৰ আগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে সাতামপুৰুষীয়া পৰম্পৰাক এতিয়া খামুচি ধৰি থাকিলে নহ’ব। আন মহাবিদ্যালয়ে যদি ইউনিফর্ম পৰিধান কৰিব পাৰে, তেন্তে কটনতো বাধ্যতামূলক হ’ব লাগে ইউনিফর্ম। একেদৰেই ১১ আগষ্টৰ নিশা একাংশ উবেৰ চালকৰ লগত সংঘাতত লিপ্ত হোৱা একাংশ কটনিয়ানে উপাযুক্ত শাস্তি পাব বুলি দোহাৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। আনহাতে কটনত ১২ আগষ্টত একাংশ উবেৰ চালকে পুনৰ ওলোটাই আক্রমণ কৰা কার্যকে তীব্র সমালোচনা কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে এইক্ষেত্রত কলেজ আক্রমণকাৰীসকলেও উপযুক্ত শাস্তি পাব বুলি ঘোষণা কৰে। উল্লেখ্য যে কটন কলেজ হোষ্টেলত আঁৰ-বেৰ নথকাৰ বাবে প্রয়ে এনে ধৰণৰ সৰু-বৰ ঘটনা সংঘটিত হৈ আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কটন কলেজৰ আশেপাশে থকা অটো আস্থান, বাছ আস্থান আদি উঠাই দিয়া হ’ব বুলি কয়। ইফালে, শিক্ষামন্ত্ৰীগৰাকীয়ে ইউনিফর্ম বাধ্যতামূলক কৰাৰ পাছতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে কটন কলেজৰ ভিতৰত। শিক্ষামন্ত্ৰীৰ এই নির্দেশক কোনোপধ্যে মানি ল’ব বিচৰা নাই কটন কলেজ একতা সভাই। একেদৰেই কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভায়ো আপত্তি দর্শাইছে শিক্ষামন্ত্রৰ নির্দেশনাত। কটন কলেজ একতা সভাৰ সাধাৰণ সম্পাদক অম্লানজ্যোতি দেউৰীয়ে কয় যে ২০০৭ চনতো কটন কলেজত ওলাইছিল ইউনিফৰ্মৰ প্ৰসংগ। কিন্তু সেইবাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত অনুষ্ঠিত বৈঠকত নাকচ হৈছিল ইউনিফর্ম। সেয়ে এইবাৰো ইউনিফৰ্মৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে একতা সভাই। একতা সভাই এইক্ষেত্ৰত যুক্তি দাঙি ধৰি কয় যে নিশা ইউনিফর্ম পৰিধান কৰি ৰেল ষ্টেচনলৈ নাযায় শিক্ষার্থী। তাৰ পৰিৱৰ্তে হোষ্টেলত থকা আৱাসীসকলক পর্যাপ্ত সুবিধা দিয়াৰ বাবে শিক্ষা বিভাগলৈ আহ্বান জনায় সাধাৰণ সম্পাদকজনে। অৱশ্যে একতা সভাৰ এনে স্থিতিৰ বিপৰীতে আজি অনুষ্ঠিত কটন কলেজ অনুশাসন কমিটীয়ে শিক্ষামন্ত্রৰ নির্দেশ অনুসৰি কটন কলেজৰ ইউনিফর্ম বাধ্যতামূলক হ’ব বুলি সিদ্ধান্ত গ্রহণ কৰে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment