অধক্ষ ৰঞ্জিৎ দাসক অপসাৰণৰ দাবী আমছুৰ সভাপতি আজিজুৰ ৰহমানৰ





বিধানসভাত সংখ্যালঘু বিধায়কক বাংলাদেশী আখ্য প্ৰসংগ


ৱেব ডেস্ক, ১৭ আগষ্ট, ২০১৬ঃ
অসম বিধানসভাৰ মজিয়াত যোৱা ১৩ আগষ্টত সংখ্যালঘু সম্প্রদায়ৰ বিধায়ক শ্বেৰমান আলীক বিজেপি বিধায়ক ৰমাকান্তদেউৰীয়েবাংলাদেশী আখ্যাদিয়াৰ বিৰুদ্ধে ৰাজ্যজুৰিব্যাপক প্রতিবাদ অব্যাহত আছে।বিধায়কৰমাকান্তদেউৰীৰ চৰম সাম্প্রদায়িক মন্তব্য আৰু অধ্যক্ষ ৰঞ্জিৎ দাসৰ পক্ষপাতমূলক আৰু সাম্প্রদায়িক আচৰণৰ বিৰুদ্ধে আমছুৱে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে। বুধবাৰে লখিমপুৰৰ বঙালমৰাত ছাত্র সংগঠনটোৱে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। আমছুৰ শশ প্রতিবাদকাৰীয়ে বিধায়ক ৰমাকান্ত দেউৰী আৰু অধ্যক্ষ ৰঞ্জিৎ দাসৰ প্রতিকৃতিত জোতা-চেণ্ডেলৰ মালা ওলমাই ৰাজপথত প্রতিকৃতিদাহ কৰে।
প্রতিবাদকাৰীসকলে দীর্ঘ সময় ধৰি লালুক-বিহপুৰীয়া সংযোগী পথ অৱৰোধ কৰি ৰমাকান্ত দেউৰী মুদাবাদ, অধ্যক্ষ ৰঞ্জিৎ দাস মুদাবাদ, বিজেপি মুদাবাদ আদি বিভিন্ন শ্ল’গান দিয়ে। প্রতিবাদস্থলীত আমছুৰ কেন্দ্রীয় সভাপতি আজিজুৰ ৰহমানে বিধানসভাৰ মজিয়াত এগৰাকী সংখ্যালঘু বিধায়কক বাংলাদেশী আখ্যা দিয়াটোৱে গোটেই সংখ্যালঘু জাতিক অপমান কৰা বুলি মন্তব্য কৰি বিধানসভাৰ অধ্যক্ষগৰাকীক শীঘ্ৰে অপৰসাৰণৰ দাবী জনায়। লগতে বিধায়ক ৰমাকান্ত দেউৰীক শীঘ্ৰে বিনাচৰ্তে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰে। ইয়াৰ অন্যথা ৰাজ্যজুৰি আমছুৱে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। আমছুৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ কয় যে বান আৰু গৰাখহনীয়াত সর্বহাৰা হোৱা লোকক লৈ বিজেপি চৰকাৰে নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে। এনে  সর্বহাৰা লোকক উচ্ছেদ কৰাৰ পূর্বে চৰকাৰে পুনৰ সংস্থাপনৰ দাবী জনায়৷ অন্যথা এনে চৰকাৰী মানৱতাহীন উচ্ছেদ অভিযানক আমছুৱে সর্বস্তৰত বাধা প্রদান কৰিব। ইয়াৰ ফলত উদ্ভৱ হোৱা যিকোনো পৰিস্থিতিৰ বাবে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ দায়ী থাকিব বুলি আমছুৰ সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে। উল্লেখ্য যে আজিৰ প্রতিবাদী কাৰ্যসূচীত লখিমপুৰ জিলা আমছুৰ সভাপতি ৰাজু ৰহমান, উপ-সভাপতি আমিনুৰ ৰহমানকে ধৰি বহু সংখ্যক নেতা কর্মী উপস্থিত থাকে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment