বিধায়ক শ্বেৰমানক বাংলাদেশী আখ্যা ৰাজ্য ব্যাপি প্ৰতিবাদ : বিজেপি, কংগ্ৰেছ, এআইইউডিএফক স্থিতি স্পষ্ট কৰাৰ দাবী আমছুৰ

এছ এ আহমেদ, ১৭ আগষ্ট, ২০১৬ : 




অসম বিধানসভাৰ বাজেট অধিৱেশনৰ শেষৰটো দিন অৰ্থাত্ ১৩ আগষ্টত অসম বিধানসভাত বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক বাংলাদেশী বুলি ইতিকিং কৰা ঘটনাৰ পিছতেই সমগ্ৰ অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ অসমৰ বিভিন্ন প্ৰন্তত বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন হোৱা পৰিলক্ষিত হৈছে৷ 


১৬ আগষ্টত চিৰাং জিলাৰ সদৰ সংলগ্ন বৰতালোৱাত বি টি এ ডি নাগৰিক অধিকাৰ মঞ্চই, চৰ চাপৰি সাহিত্য পৰিষদৰ জনীয়া আঞ্চলিক সমিতি , নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ অসম , সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিযদ, বৰপেটা জিলা কমিটিয়ে যৌথ ভাৱে জনীয়াত বিধায়ক ৰমাকান্ত দেউৰীৰ পুত্তলিকা দাহ কৰে৷


বিধায়ক ৰমাকান্ত দেউৰীৰ চৰম সাম্প্ৰদায়িক মন্তব্য আৰু অধ্যক্ষ ৰঞ্জিত্ দাসৰ পক্ষপাতমূলক আৰু সাম্প্ৰদায়িক আচৰনৰ বিৰুদ্ধে আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বুধবাৰে লখিমপুৰৰ বঙালমৰাত ছাত্ৰ সংগঠনটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আমছুৰ শ-শ প্ৰতিবাদকাৰীয়ে বিধায়ক ৰমাকান্ত দেউৰী আৰু অধ্যক্ষ ৰঞ্জিত দাসৰ প্ৰতিকৃতিত জোতা-চেণ্ডেলৰ মালা ওলমাই ৰাজপথত প্ৰতিকৃতি দাহ কৰে ৷ প্ৰতিবাদকাৰী সকলে দীৰ্ঘ সময় ধৰি লালুক-বিহপুৰীয়া সংযোগী পথ অৱৰোধ কৰি "ৰমাকান্ত দেউৰী মুৰ্দাবাদ, অধ্যক্ষ ৰঞ্জিত্ দাস মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ" আদি বিভিন্ন শ্লোগান দিয়ে ৷ প্ৰতিবাদস্থলীত আমছুৰ কেন্দ্ৰীয় সভাপতি আজিজুৰ ৰহমানে বিধানসভাৰ মজিয়াত এগৰাকী সংখ্যালঘু বিধায়কক বাংলাদেশী আখ্যা দিয়াটোৱে গোটেই সংখ্যালঘু জাতিক অপমান কৰা বুলি আখ্যা দি বিধান সভাৰ অধ্যক্ষ গৰাকীক শীঘ্ৰে অপসৰনৰ দাবী জনায় ৷ বিধায়ক ৰমাকান্ত দেউৰীক শীঘ্ৰে বীনাচৰ্তে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনোৱাৰ লগতে ইয়াৰ অন্যথা ৰাজ্যজুৰি আমছুৱে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

যিসময়ত বাংলাদেশৰ পৰা অহা হিন্দু বাংলাদেশীসকলক বিজেপি চৰকাৰে ৰঙাদলিচা পাৰি দিছে সেই সময়তে মুছলমান মানেই বাংলাদেশীৰ ভূত দেখাৰ সমান্তৰালকৈ বিধানসভাত নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিধায়ক শ্বেৰমান আলী আহমেদক বাংলাদেশী আখ্যা দিয়াৰ লগতে সমগ্ৰ অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অপমান কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ পক্ষপাতমূলক আঁচৰণ আৰু বিৰোধী দলৰ নিৰ্লিপ্ত ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে৷ 

আজি সংগঠনটোৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে সাংবাদিকৰ আগত বিধায়ক ৰমাকান্ত দেউৰীয়ে কৰা মন্তব্যক তীব্ৰ নিন্দা কৰাৰ লগতে ক্ষোভ প্ৰকাশ কৰি কয় যে— ‘জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত তথা ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিধায়কক পবিত্ৰ বিধানসভাৰ মজিয়াত বাংলাদেশী আখ্যায়িত কৰি বিধানসভাৰ গৰিমাত কলংক সানিলে, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নিৰৱ ভূমিকাই এটা কথা স্পষ্ট কৰে যে তেওঁলোক ৰমাকান্ত দেউৰীৰ লগত একমত৷’

তেওঁ লগতে বিধানসভাৰ প্ৰধান বিৰোধী দল তথা শ্বেৰমান আলী আহমেদে নিৰ্বাচনত অৱত্তীৰ্ণ হোৱা কংগ্ৰেছ দলৰ ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে—‘কংগ্ৰেছ দলে এই সংক্ৰান্তত নিৰৱতা অৱলম্বন কৰি তেওঁলোকো যে অসম ধৰ্মীয় সংখ্যালঘুসকলৰ প্ৰতি বিজেপিৰে একে স্থিতিত আছে সেই কথা প্ৰতিপন্ন কৰিলে৷’ তেওঁ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ৰিপুন বৰা, এ আই ইউ ডি এফ ৰ সভাপতি বদৰুদ্দিন আজমলক নিজৰ স্থিতি ৪৮ ঘন্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰ বাবে প্ৰত্যাহ্বান জনায়৷ অন্যথা অনাগত সময়ত ইয়াৰ পৰিণাম প্ৰতিটো ৰাজনৈতিক দলে ভূগিব লাগিব বুলি সকীয়াই দিয়াৰ লগতে সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত এইবোৰ ৰাজনৈতিক দলৰ বিৰুদ্ধে বৃহত্ জনমত গঢ়ি তুলি এই অঞ্চলবোৰত প্ৰৱেশ নিষিদ্ধ কৰা হ’ব বুলিও কঠোৰ সকীয়নী প্ৰদান কৰে আমছুৰ সাধাৰণ সম্পাদকজনে৷


অসম আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত দেউৰীতকৈ অসমৰ মুছলমান সমাজ বহু ঊৰ্ধ্বত থকাৰ পিছতো অসমৰ ইতিহাসৰ জ্ঞান নথকা তথা সাম্প্ৰদায়িক মেৰু বিভাজনেৰে অসমৰ জ্বলন্ত সমস্যাসমূহৰ পৰা জনসাধাৰণক আঁতৰাই ৰখাৰ চক্ৰান্তৰে কৰা উক্ত মন্তব্যৰ পিছতো ৰহস্যজনক ভাবে নিৰৱতা অৱলম্বন কৰি আছে বিৰোধী দলৰ নেতা-পালি নেতাসকলে৷ অৱশ্যে ৰাজপথত কাণত ধৰাই উঠ-বহ দিয়াৰ সময়তো সংখ্যালঘুসকলৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱত্তীৰ্ণ হোৱা বিভিন্ন ৰাজনৈতিক দলে নিৰৱতা অৱলম্বন কৰিছিল৷ 

এই সংক্ৰান্তত অৰাজনৈতিক সংগঠন আৰু সচেতন ৰাইজ এনে দেশদ্ৰোহী কাৰ্যকলাপৰ লগত জৰিত দল-বিধায়কৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ বিকল্প নাই৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment