২২ কোটি টকাৰ অপব্যয়ৰ তদন্তৰ দাবী


ৱেব ডেস্ক, ১৫ চেপ্টেম্বৰ, ২০১৬ঃ এসময়ৰ অতিশয় লাভজনক অসম চৰকাৰৰ দ্বাৰা পৰিচালিত অসম চাহ নিগম সাম্প্রতিক সময়ত একাংশ বিষয়াৰ অদক্ষ পৰিচালনাৰ বাবেই গভীৰ সংকটৰ সন্মুখীন হৈছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসম চাহ নিগমৰ প্রধান কার্যালয়ত অনভিজ্ঞ ব্যক্তিক পৰিচালকৰ দায়িত্ব অর্পণ কৰাক কেন্দ্র কৰিও ভিন্ন স্তৰত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ অভিযোগ মতে, বর্তমান অসম চাহ নিগমত যিজন ব্যক্তিক পৰিচালকৰ দায়িত্ব দি প্রশাসনীয় কাম-কাজৰ তদাৰক কৰিবলৈ দিয়া হৈছে, সেইজন ব্যক্তি নেঘেৰিটিং বাগিচাত থকাৰ সময়ত (1992-1997 চন) প্রায় 4 লাখ কিল’গ্রাম চাহপাতৰ উৎপাদনত লোকচান হোৱাৰ তথ্য আছে৷ তদুপৰি এইজন ব্যক্তিয়েই চিনামৰা বাগিচাত পৰিচালকৰ দায়িত্বত থকাৰ সময়ত (1998-2001 চন) 8 লাখ কিঃগ্রাঃ চাহ উৎপাদনত লোকচান হোৱা আৰু চৈকতা বাগিচাত থকাৰ সময়তো এইজন ব্যক্তিৰ দিনত প্রায় 9 লাখ কিঃ গ্রাঃ পাত উৎপাদনত লোকচান হোৱাৰ অভিযোগ আছে৷ তদুপৰি চাহ নিগমৰ বর্তমানৰ এইজন পৰিচালকৰ ভুলৰ বাবেই নেঘেৰিটিং চাহ বাগিচাৰ অন্তর্গত বালিজান বাগিচাৰ 31 নম্বৰ বাগানৰ প্রায় 140 বিঘা মাটি ইতিপূর্বে অসম চাহ নিগমে হেৰুৱাব লগা হোৱাৰো গুৰুতৰ অভিযোগ উঠিছে৷ সম্প্রতি অসম চাহ নিগম পৰিচালনাৰ ক্ষেত্রত দেখা দিয়া বিভিন্ন অনিয়মৰ সন্দর্ভত কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি ভাৰতীয় জনতা পার্টি, অসম প্রদেশ চাহকোষৰ সাধাৰণ সম্পাদক দুলেন নায়কে উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ হাতত দিছপুৰত প্রদান কৰা এখন স্মাৰক পত্রত এনে অনিয়মৰ অন্ত পেলাই চাহ নিগমক ধবংসৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ আহবান জনাইছে৷ আনহাতে, চাহ নিগমৰ অধীনৰ বিভিন্ন বাগিচাত দীর্ঘদিন কর্মৰত দক্ষ তথা অভিজ্ঞ পৰিচালক, সহকাৰী পৰিচালকক চাহ নিগমে তেওঁলোকৰ কর্মদক্ষতাৰ ভিত্তিত বাগিচাসমূহত যথোপযুক্তভাৱে নিযুক্তি নিদি শেহতীয়াকৈ বিভিন্ন বৃহৎ বাগিচাৰ পৰা ভিন্ন কাৰণত চাকৰি এৰি আহিবলৈ বাধ্য হোৱা ব্যক্তিক নিগমৰ বাগিচাত পৰিচালক, সহকাৰী পৰিচালকৰ পদত নিযুক্তি দিয়াতো বন্ধ কৰিবৰ বাবেও বিজেপি চাহকোষে স্মাৰক পত্রৰ জৰিয়তে দাবী জনাইছে৷ ইফালে ফ’ৰলেন নির্মাণৰ ফলত নিগমৰ ৰঙামাটি চাহ বাগিচাৰ মাটি অধিগ্রহণৰ বাবত অসম চাহ নিগমে লাভ কৰা প্রায় 22 কোটি টকা সাম্প্রতিক সময়ত অপব্যয় হোৱা বুলি যি ৰাজহুৱা অভিযোগ উঠিছে, সেই ক্ষেত্রতো এক যথোপযুক্ত তদন্ত কৰিবলৈ চাহ কোষে স্মাৰক পত্রৰ জৰিয়তে দাবী জনাইছে

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment