মাজুলী সুৰক্ষাৰ বাবে কেন্দ্ৰৰ ২৬০ কোটিৰ পেকেজ ঘোষণা


মাজুলীক ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্রীয় জলসম্পদ মন্ত্র্যালয়ে শীঘে ২৬০ কোটি টকা আগবঢ়াব। আজি পুৱা ৮.৩০ বজাত নিমাতীঘাটৰ পৰা মাজুলীলৈ এখন বিশেষ ফেৰীৰে অফলামুখত উপস্থিত হােৱা কেন্দ্রীয় জলসম্পদ ৰাজ্যিক মন্ত্রী ড° সঞ্জীৱ কুমাৰ বালিয়ানে এই কথা ঘোষণা কৰে। তেওঁ কয় যে মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ কাৰণে কেন্দ্ৰই দিব বিচৰা ২৬০ কোটি টকাৰ পেকেজৰ ১২৪ কোটি টকা প্ৰাৰম্ভিক কাম-কাজৰ বাবে মুকলি কৰি দিয়া হ’ব। মাজুলীৰ সুৰক্ষাৰ বাবে হ্রস্ব আৰু দীর্ঘকালীন আঁচনি লোৱা হ’ব বুলি মন্তব্য কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে প্রথমে খহনীয়া প্ৰতিৰােধ কৰিব লাগিব বুলি কয়। আনহাতে, খহনীয়া প্ৰতিৰােধৰ পাছত ইতিপূর্বে খহনীয়াত হেৰুওৱা মাজুলীৰ ভূমি উদ্ধাৰৰ ব্যৱস্থা কৰিব লাগিব। পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰিবলৈ লৈ বালিয়ানে কয়— আগতে দিল্লীৰ পৰা মাজুলীক বচাবলৈ টকা আহিছিল, কিন্তু ৰাইজে কোনো কাম দেখা নাছিল। এইবাৰ সেয়া হ’বলৈ দিয়া নহ’ব, আমি কাম কৰি দেখুৱাম।” যদি ক’ৰবাত কিবা খেলিমেলি হয়, তেন্তে তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি উল্লেখ কৰি পূৰ্বতে দিয়ে বালিয়ানে। যিকোনাে মূল্যৰ বিনিময়ত মাজুলী সুৰক্ষিত কৰা হ’ব বুলি উল্লেখ কৰি বালিয়ানে কয় যে বিজেপি চৰকাৰে এইক্ষেত্ৰত অতি দায়বদ্ধতাৰে কাম কৰি যাব। একেদৰে ৰাজ্যৰ জলসম্পদ মন্ত্রী কেশৱ মহন্তই সাংবাদিকৰ আগত প্রকাশ কৰে যে মাজুলীৰ সর্বাধিক খহনীয়া আক্রান্ত এলেকাত এতিয়াৰে পৰাই কাম আৰম্ভ কৰা হ’ব। মহন্তই কয়— ‘কেন্দ্ৰই মাজুলীৰ সুৰক্ষাৰ বাবে ইতিমধ্যে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ আঁচনিত অনুমোদন জনাই ২৬০ কোটি টকা ধার্য কৰিছে। ইয়াৰে প্ৰথম কিস্তিৰ ধন ১২৪ কোটি টকা অতি সোনকালে মোকলাই দিব বুলি আমাক জনাইছে। দীৰ্ঘম্যাদী, স্থায়ী আঁচনিৰ কাম পাছত হৈ থাকিব। কিন্তু বিপজ্জনক এলেকাত এতিয়াৰে পৰাই খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰা হ’ব। শালমৰা, দক্ষিণপাট আদি অংশত আজি আমি খহনীয়াৰ প্রকোপ দেখিবলৈ পাইছোঁ। মুখ্যমন্ত্ৰীৰ আগ্ৰহত কেন্দ্রীয় মন্ত্রী ড° বালিয়ান আৰু আমি নাৱেৰেই খহনীয়াত ক্ষতিগ্রস্ত অঞ্চল ভ্ৰমণ কৰাৰ সিদ্ধান্ত ল’লোঁ। মাজুলীক সুৰক্ষা দিবলৈ এইবাৰ সম্পূর্ণ আন্তৰিকতাৰে কাম আৰম্ভ কৰা হৈছে। ৰাইজে ইয়াৰ পৰা উপকাৰ পাব বুলি আমি নিশ্চিত।” উল্লেখ্য যে মন্ত্রীগৰাকীয়ে অফলামুখত উপস্থিত হােৱাৰ পাছতে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে নির্মাণ কৰা ৪টাকৈ শৈলম্পাৰ পৰিদৰ্শন কৰে। সেইদৰে শালমৰাৰ খহনীয়াগ্রস্ত ১, ২, ৩ আৰু ৪নং শৈলস্পাৰ পৰিদৰ্শন কৰাৰ পাছত শালমৰাত নাও ৰখাই স্থানীয় লোকৰ পৰা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লয়। খহনীয়া আক্রান্ত এলেকা পৰিদৰ্শনৰ পাছত মন্ত্রীদ্বয়ে দক্ষিণপাট সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰ ভ্ৰমণ কৰি সেৱা লয়। ইয়াৰ পাছতে তেওঁলোকে গড়মূৰৰ পৰা হেলিকপ্টাৰেৰে দুপৰীয়া গুৱাহাটীলৈ ৰাওনা হয়। কেন্দ্রীয় মন্ত্রীগৰাকীৰ মাজুলী পৰিদৰ্শনৰ সময়ত সাংসদ কামাখ্যাপ্রসাদ তাছা, বিধায়ক প্ৰদীপ হাজৰিকা, মাজুলীৰ উপায়ুক্ত পল্লৱগোপাল ঝা আৰু জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। গুৱাহাটীত কেন্দ্রীয় জলসম্পদ মন্ত্রী সঞ্জীৱ কুমাৰ বালিয়ান, অসমৰ মাটি-পানী খেতিৰ বাবে উত্তম

ৰাজ্যৰ বান ক্ষতিগ্রস্ত অঞ্চল পর্যবেক্ষণৰ বাবে উপস্থিত হােৱা কেন্দ্রীয় জলসম্পদ মন্ত্রী সঞ্জয় কুমাৰ বালিয়ানে আজি বানে ক্ষতিগ্রস্ত কৰি যোৱা অসমৰ বাবে কেন্দ্রই পর্যাপ্ত সাহায্য প্রদান কৰিব বুলি মন্তব্য কৰে। গুৱাহাটীৰ ৰেডিচন ব্ৰত আয়োজিত এখন সংবাদ মেলত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বানে ক্ষতিগ্রস্ত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ কথা উল্লেখ কৰি কয় যে অসমৰ কাৰণে কেন্দ্ৰই বিশেষভাৱে চিন্তা কৰিব। কিন্তু প্রত্যেক ৰাজ্যক প্রত্যাশা মতে পুঁজি দিয়াত কিছু অসুবিধা আছে। দিল্লীত বহি ইয়াকো কয় যে কেন্দ্ৰ আৰু ৰাজ্য পৃথক নহয়। ব্ৰহ্মপুত্ৰ অসমৰ অৰ্থনীতিৰ অন্যতম উৎস। সেয়েহে ব্ৰহ্মপুত্ৰৰ পানী সাগৰত পৰাৰ পূর্বে ইয়াক ব্যৱহাৰ কৰিব লাগিব। নিজকে এজন কৃষক বুলি পৰিচয় দি বালিয়ানে সংবাদ মেলত মন্তব্য কৰে যে পঞ্জাব আৰু উত্তৰ প্ৰদেশৰ মাটিহে সকলোতকৈ ভাল বুলি যি এক ধাৰণা আছিল, সেই ধাৰণা অসমলৈ অহাৰ পাছত ভুল প্রমাণ হৈছে। অসমৰ মাটি-পানী খেতিৰ বাবে উত্তম। অসমে কৃষিৰ জৰিয়তে অর্থনীতি সবল কৰাৰ যথেষ্ট সুযোগ আছে। ৰাজ্যৰ কৃষিখণ্ডক যাতে বানে ক্ষতিগ্রস্ত কৰিব নোৱাৰে, তাৰ দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণৰ প্রয়োজনীয়তা উল্লেখ কৰি মন্ত্রীগৰাকীয়ে এইক্ষেত্ৰত কেন্দ্ৰই সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলিও কয়। সংবাদ মেলত ধনশিৰি প্ৰকল্পৰ কাৰণে কেন্দ্রই ৫৬৭ কোটি টকা খৰচ কৰিব বুলি জানিবলৈ দি মন্ত্রীগৰাকীয়ে অহা মাহৰ ভিতৰত এই ধন মুকলি কৰি দিব বুলি উল্লেখ কৰে। তদুপৰি ব্ৰহ্মপুত্ৰৰ পৰা অসমে যাতে অধিক সুফল পাব পাৰে, তাৰ বাবে কেন্দ্ৰই বিশেষ পদক্ষেপ গ্রহণ কৰিব বুলি জানিবলৈ দিয়ে। ইফালে মাজুলী পর্যবেক্ষণৰ কথা উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে কেন্দ্রীয় চৰকাৰে মাজুলীৰ বাবে ২০৭ কোটি টকা মুকলি কৰি দিব। তদুপৰি বৰলীয়া প্রকল্পৰ বাবে ১৫৭ কোটি টকা আৰু চম্পাৱতী প্রকল্পৰ কাৰণে ৩০৯ কোটি টকা খৰচ কৰিব বুলি উল্লেখ কৰে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment