
ৱেব ডেস্ক, ১৫ চেপ্টেম্বৰ, ২০১৬ঃ মণিপুৰত আজি বিধানসভাৰ নির্বাচনৰ প্রচাৰ অভিযানৰ ৰণশিঙা বজালে বিজেপিৰ সভাপতি অমিত শ্বাহে৷ উল্লেখযোগ্য ৰাজ্যখনত অহা বছৰ বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব৷ ৰাজ্যখনৰ বিধানসভাৰ নির্বাচনক দলটোৱে বিশেষ গুৰুত্ব দিয়া বুলি জানিব পৰা গৈছে৷ বিজেপিয়ে ৰাজ্যখনৰ বিধান সভাৰ নির্বাচনত অসমৰ নির্বাচনৰ ফলৰ পুনৰাবৃত্তি ঘটোৱাৰ লক্ষ্য লৈছে৷ আজি ইয়াত দলীয় প্রচাৰ অভিযানৰ আৰম্ভণি কৰি শ্বাহে কয় যে কেন্দ্রীয় চৰকাৰে উত্তৰ-পূর্বাঞ্চলৰ বাবে ভালেমান আঁচনি আৰু পদক্ষেপ হাতত লৈছে৷ কংগ্রেছক সমালোচনা কৰি তেওঁ কয় যে পাঁচ হাজাৰ কোটি টকাৰ কাম সম্পূর্ণ হোৱাৰ প্রমাণ-পত্র তেওঁলোকে জনসাধাৰণক নিদিলে৷ তেওঁ এই সম্পর্কত ৰাজ্য চৰকাৰৰ পৰা এক ব্যাখ্যা বিচাৰে৷ উক্ত ধন ক’লৈ গ’ল সেই সম্পর্কে কংগ্রেছে এক ব্যাখ্যা দাঙি দৰিবলৈ কংগ্রেছক দাবী জনায় শ্বাহে৷ তেওঁ ইয়াত দলীয় কর্মীৰ এখন সমাৱেশত এনেদৰে কয়৷ মণিপুৰৰ যুৱক-যুৱতীসকলৰ যথেষ্ট ক্রীড়া প্রতিভা আছে বুলি উল্লেখ কৰি তেওঁ ৰাজ্যখনৰ পৰিসীমা সলনিৰ প্রস্তাৱ লোৱা বুলি ওলোৱা বাতৰিক অগ্রাহ্য কৰে৷ শ্বাহে মণিপুৰৰ জনসাধাৰণক এইবুলি প্রতিশ্রুতি দিয়ে যে মণিপুৰৰ চাৰিসীমা এক ইঞ্চিও সলনি কৰা নহয়৷ কংগ্রেছক সমালোচনা কৰি তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কংগ্রেছ মুক্ত ভাৰতৰ সপোনক দেশৰ জনসাধাৰণে আগুৱাই নিব আৰু এই প্রক্রিয়া আৰম্ভ হয় অসমৰ পৰাই৷ পাছত তেওঁ দলটোৰ ৰাজ্যিক কার্যনির্বাহকতো অংশগ্রহণ কৰে৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহ উপস্থিত থকা নির্বাচনী প্রচাৰৰ প্রথমখন সভাত ভাষণ দিয়ে অসমৰ বিত্তমন্ত্রী তথা নর্থ-ইষ্ট ডেম’ক্রেটিক এলায়েন্সৰ (নেডা) আহবায়ক হিমন্ত বিশ্ব শর্মায়ো৷ অসমত বিজেপিয়ে বিধানসভাৰ নির্বাচনত সফলতা লাভ কৰাৰ পাছত ছিকিমকে ধৰি উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা কংগ্রেছক উৎখাত কৰাৰ লক্ষ্যৰে নেডা গঠন কৰা হৈছিল৷ গঠনৰ পাছত আজিৰ পৰা মণিপুৰত প্রথমখন নির্বাচনী প্রচাৰ সভাৰ দ্বাৰা কংগ্রেছক উৎখাত অভিযান আৰম্ভ কৰা হয়৷
facebook
twitter
google+
fb share