
নলিনীধৰ ভট্টাচাৰ্য অসমৰ এগৰাকী আগশাৰীৰ কবি, প্ৰৱন্ধকাৰ, সমালোচক, তথা অনুবাদক। জ্ঞানপীঠ বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ভাতৃ নলিনীধৰ ভট্টাচাৰ্যই ৰামধেনুৰ পাতত অনুবাদক হিচাপে নিজৰ সাহিত্য জীৱন আৰম্ভ কৰে। "ননী আছনে ঘৰত" নামৰ কবিতাটি ভট্টাচাৰ্য দেৱৰ অনন্য কৃতি বুলি ধৰা হয়। তেখেতে ১৯৮২ চনত অসম সাহিত্য সভাৰ ডিফু অধিবেশনৰ কবি সন্মীলনৰ সভাপতিত্ব কৰিছিল৷
জন্ম-মৃত্যু আৰু বাল্যকালঃ
১৯২১ চনৰ ৪ ডিচেম্বৰত যোৰহাটৰ ওচৰৰ মেলেং কাঠগাঁৱত নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল শশীধৰ ভট্টাচাৰ্য আৰু মাতৃৰ নাম আছিল আইদেউ ভট্টাচাৰ্য। এই গৰাকী মহান ব্যক্তিৰ মৃত্যু হয় ২০১৬ চনৰ ২ নৱেম্বৰ তাৰিখে৷
শিক্ষা জীৱনঃ
১৯৪০ চনত কাকজান উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰাহাট জে. বি. কলেজৰ পৰা আই এ পাছ কৰে। তাৰ পাছত ব্যক্তিগত পৰীক্ষাৰ্থী হিচাপে তেও স্নাতক আৰু তাৰ পাছত স্নাতকোত্তৰ ডিগ্ৰী ( অসমীয়াত)ও লাভ কৰে।
কৰ্ম জীৱনঃ
আই এ পৰীক্ষাত উত্তীৰ্ণ হৈয়েই তেখেতে কাকজান উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত ভট্টাচাৰ্য দেৱে শ্বিলঙৰ চেণ্ট এন্থনীজ কলেজত অসমীয়াৰ প্ৰৱক্তা হিচাপে প্ৰায় তিনি বছৰ কাৰ্য নিৰ্বাহ কৰে। ১৯৬০ চনত তেখেতে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ কলেজত যোগদান কৰে আৰু ১৯৮৩ চনলৈকে তাতে কৰ্মৰত হয়।
সাহিত্য কৃতিঃ
১৯৭৯ চনত তেখেতৰ প্ৰথম কাব্যগ্ৰন্থ " এই কুৱলীতে" প্ৰকাশ পায়। কাব্যৰ লগতে অনুবাদ আৰু সমালোচনাৰেও ভট্টাচাৰ্যই অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি গৈছে।
প্ৰকাশিত গ্ৰন্থৰাজি
কাব্য
- এই কুঁৱলীতে- ১৯৭৯
- চেৰাশালিৰ মালিতা-১৯৮৩
- আহত সপোন -১৯৮৩
- ননী আছনে ঘৰত - ১৯৯৬
- বিদায় ফুলৰ দিন-২০০১
- দিনৰ পাছত দিন-২০০৮
প্ৰৱন্ধ সংকলন
- মূল আৰু ফুল - ১৯৮৩
- বেজবৰুৱা আৰু আধুনিকতাৰ ধাৰণা- ১৯৮৭
- কবিতাৰ কথা-১৯৯৩
- কবিতা আৰু নেপথ্য- ১৯৯৩
- মহৎ ঐতিহ্য- ১৯৯৯
অনুবাদ
- দুই পুৰুষ- ১৯৮১
- ঈশ্বৰী তলাৰ কাহিনী -১৯৯৫
- ড° ঝিভাগো
- প্ৰাচীন ভাৰতৰ সংস্কৃতি আৰু সভ্যতা
সম্পাদনা
- বিষ্ণু ৰাভা: জীৱন আৰু কৃতি-১৯৯৫
- মুনীন বৰকটকীৰ প্ৰসংগ সমালোচনা-১৯৯৬
লেখকঃ
৯৪০১৯১৬২২৩
facebook
twitter
google+
fb share