ৰিলায়েন্সৰ বাৰ্ষিক বৈঠকত জিঅ’ ৪জি ঘোষণাৰ সময়তে প্ৰত্যাহবানৰ সন্মুখীন এয়াৰটেল-আইডিয়া

ৱেব ডেস্ক, ২ চেপ্টেম্বৰ, ২০১৬ঃ
বৃহস্পতিবাৰে মুম্বাইত ৰিলায়েন্স ইণ্ডাষ্ট্রিজ জিঅ’ৰ সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ সময়তে ১৩,৮৭০ কোটি টকাৰ বজাৰ মূলধন হেৰুৱাবলগীয়া হ’ল অন্যতম প্রতিদ্বন্দ্বী প্রতিষ্ঠান এয়াৰটেল আৰু আইডিয়াই। মুকেশ আম্বানিৰ এই ৪৫ মিনিটৰ ভাষণৰ সময়তে শ্বেয়াৰ বজাৰত যথেষ্টসংখ্যক বিনিয়োগকাৰীয়ে এয়াৰটেল আৰু আইডিয়াৰ শ্বেয়াৰ বিক্ৰী কৰা পৰিলক্ষিত হয়। আম্বানিয়ে ভাষণ আৰম্ভ কৰাৰ লগে লগেই দুয়োটা প্রতিষ্ঠানৰ শ্বেয়াৰ মূল্য অৱনমিত হ’বলৈ ধৰে। এই সময়ছোৱাত ভাৰতী এয়াৰটেলৰ বজাৰ মূলধন ১১,০২৫ কোটি টকা আৰু আইডিয়া চেলুলাৰৰ বজাৰ মূলধন ২,৮৪৫ কোটি টকা হ্রাস পায়। এনেদৰে ৪৫ মিনিটত দুয়োটা প্রতিষ্ঠানে হেৰুৱাবলগীয়া হয় ১৩,৮৭০ কোটি টকাৰ বজাৰ মূলধন। উল্লেখ্য যে ৰিলায়েন্স জিঅ’ৰ মুকলিৰ কথা আম্বানিয়ে ঘোষণা কৰাৰ পিচতে বৃহস্পতিবাৰে ব’ম্বে ষ্টক এক্সেঞ্জত এয়াৰটেলৰ শ্বেয়াৰ মূল্য ৬.৭ শতাংশ, আইডিয়াৰ ১০.৪৮ শতাংশ আৰু ৰিলায়েন্স কমিউনিকেচনৰ শ্বেয়াৰ মূল্য ৪.৮১ শতাংশ হ্রাস পায়। বিশেষজ্ঞসকলে প্রকাশ কৰামতে বিলায়েন্স জিঅ’ৰ আগমনৰ পিচত অন্যান্য দূৰসংযোগ সেৱা প্রদানকাৰী প্রতিষ্ঠানসমূহ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হােৱাটাে অৱধাৰিত।
facebook
twitter
google+
fb share