ৰে’ল অৱৰোধ, ধৰ্ণা, বিক্ষোভেৰে অসমতো শ্ৰমিক সংগঠনৰ সৰ্বাত্মক ধৰ্মঘট

১৫ কোটি শ্ৰমিক-কৰ্মচাৰীৰ প্ৰতিবাদত অচল হ’ল সমগ্ৰ দেশ

বেৱ ডেস্ক, ২ চেপ্টেম্বৰ, ২০১৬ঃ
কেন্দ্রীয় চৰকাৰৰ শ্রমিক সংগঠনসমূহে আহ্বান জনোৱা ধর্মঘটৰ ব্যাপক প্ৰভাৱ পৰিল ৰাজ্যখনত। অল ইণ্ডিয়া ট্রেড ইউনিয়ন কংগ্ৰেছ, চেণ্টাৰ অৱ ইণ্ডিয়ান ট্রেড ইউনিয়নকে ধৰি কেইবাটাও শ্রমিক সংগঠনে আহ্বান জনোৱা ধর্মঘটৰ ফলত ৰাজ্যৰ ৰাজহুৱা পৰিবহণ বন্ধ হৈ পৰা বাবে যান-বাহনৰ বাহিৰে আন যান-বাহনৰ চলাচল আছিল স্তিমিত। পুৱা গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন স্থানৰ দোকান-পোহাৰ খুলিছিল যদিও ৰাজপথ প্রায় জনশূন্য হৈ পৰাত কিছু সময় পাছত দোকান-পোহৰো বন্ধ হৈ পৰে। ইফালে, আজিৰ ধৰ্মঘটৰ সময়ছােৱাত বেংক-ডাকঘৰ আদিৰ সেৱা সম্পূৰ্ণৰূপে ব্যাহত হয়। ৰাজ্য চৰকাৰৰ অধীনৰ কাৰ্যালয়সমূহতো উপস্থিতিৰ হাৰ আছিল সেৰেঙা। একেদৰে পৰিবহণ ব্যৱস্থা ব্যাহত হৈ পৰা বাবে মহানগৰীৰ শিক্ষানুষ্ঠানসমূহাে বন্ধ থাকে। ধর্মঘটৰ প্ৰতি সমর্থন জনাই আজি পুৱাৰ ভাগতে মহানগৰীত বিভিন্ন সংগঠনে পথ অৱৰােধ, ধর্ণ আদি কাৰ্যসূচী গ্রহণ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। চি পি আই (এম) আৰু চিটুৰ শতাধিক সদস্যই পুৱা বশিষ্ঠ চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰােধৰ কাৰ্যসূচী গ্রহণ কৰে। পথ অৱৰােধৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটােত প্রচণ্ড যান-জট সৃষ্টি হয়। ইফালে, প্রতিবাদকাৰীৰ লগত আৰক্ষীৰ খণ্ডযুদ্ধই পৰিস্থিতি উত্তাল কৰি তোলে। বশিষ্ঠ থানাৰ আৰক্ষীয়ে ১০৯ গৰাকী প্রতিবাদকাৰীক আটক কৰে আৰু বিয়লিলৈ মুকলি কৰি দিয়ে। আনহাতে, মহানগৰীৰ কাছাৰীৰ মেঘদূত ভৱনৰ ওচৰত এছ এফ আই, এ আই এছ এফ, ছাত্র মুক্তি সংগ্রাম সমিতিৰ সদস্যসকলে বন্ধৰ প্ৰতি সমর্থন জনাই প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰে। প্রতিবাদস্থলীত আৰক্ষী আৰু প্রতিবাদকাৰীৰ মাজত একপ্ৰকাৰ টনা-আঁজোৰা লাগে। পাছত মহানগৰ আৰক্ষীয়ে ৪০ গৰাকী প্রতিবাদকাৰীক আটক কৰে। ইপিনে, আমবাৰীতো একাংশ প্রতিবাদকাৰীয়ে টায়াৰ জুলাই পথ অৱৰোধ কৰাৰ চেষ্টা কৰে। একেদৰে ৰাজ্যৰ বিভিন্ন স্থানত ট্রেড ইউনিয়নৰ লগতে বিভিন্ন সংগঠনৰ সদস্যই ধর্ণ-পথ অৱৰােধ-ৰে’লপথ অৱৰােধ আদি কাৰ্যসূচীৰে জনজীৱন ব্যাহত কৰি তোলে। উল্লেখ্য যে নতুন শ্রম নীতিৰ বিৰােধিতাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু পেট্ৰ’ল,-ডিজেলৰ মূল্য হ্রাস কৰাৰ দাবীত ট্রেড ইউনিয়নসমূহে আজিৰ সৰ্বভাৰতীয় ধর্মঘটৰ আহ্বান জনাইছিল। এই ধর্মঘটলৈ ৰাজ্যৰাে তেৰটাকৈ দল-সংগঠনে সমর্থন আগবঢ়ায় ধর্মঘটৰ দিনটােত মহানগৰীৰ চৰকাৰী-বেচৰকাৰী কার্যালয়ৰ কাম-কাজ ব্যাহত হােৱাৰ উপৰি শিক্ষানুষ্ঠানসমূহ বন্ধ থাকে। ৰাজ্যৰ আন আন স্থানতো ধর্মঘটৰ প্ৰভাৱ পৰা দেখা যায়।

১৫ কোটি শ্রমিকৰ অংশগ্ৰহণেৰে দেশব্যাপী ধর্মঘট কেইবাখনাে ৰাজ্যত সর্বাত্মক প্ৰভাৱ, কিছু ৰাজ্যত মিশ্রিত, ১৮ হাজাৰ কোটি লোকচানৰ সন্মুখীন
কেন্দ্ৰীয় চৰকাৰৰ একপক্ষীয় শ্রমিক আইন সংস্কাৰ আৰু শ্রমিক নীতিবিৰোধী সিদ্ধান্তৰ বাবে আজি চেণ্টেল ট্রেড ইউনিয়নে আহ্বান জনোৱা দেশব্যাপী ধর্মঘটৰ কেইবাখনো ৰাজ্যত সর্বাত্মক প্ৰভাৱ পৰি স্বাভাৱিক জীৱন ব্যাহত কৰে যদিও আন কেইবাখনো ৰাজ্যত ইয়াৰ মিশ্রিত প্ৰভাৱ পৰে। বিগত বৰ্ষত ১৪ কোটি শ্রমিকে অংশগ্রহণ কৰি ধৰ্মঘট কার্যসূচী ৰূপায়ণৰ অভিলেখ ভংগ কৰি আজি এই ধর্মঘটত ১৫ কোটিতকৈ অধিক শ্রমিকে অংশগ্রহণ কৰে বুলি চর্চিত হৈছে। চি টি ইউৰ দেশব্যাপী ধর্মঘটৰ বাবে বাণিজ্য, পৰিবহণ, বেংক সেৱা, প্রধান নির্মাণ কাৰখানাসমূহ বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ১৬ হাজাৰৰ পৰা ১৮ হাজাৰ কোটি টকা লোকচানৰ সন্মুখীন হৈছে বুলি এছ'ছামে জানিবলৈ দিছে। ৰাজহুৱা খণ্ডৰ বেংক, কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ ক'ল ইণ্ডিয়া, গেইল, অ’ এন জি চি. এন টি পি চি, অইল, এইচ এ এল আৰু বি এইচ ই এল আদিৰ লগতে ৰাজহুৱা খণ্ডৰ পৰিবহণ ব্যৱস্থা আজি ধর্মঘটৰ সময়ছোৱাত আচল হৈ পৰে। সর্বভাৰতীয় বেংক কর্মচাৰী সংস্থা, বিশেষকৈ এ আই বি ই এ, বি ই এফ আই, এ আই বি অ’ এ, আই এন বি অ’ চি আদিয়ে আজিৰ ধৰ্মঘটত অংশগ্রহণ কৰাত বেংক সেৱা আচল হৈ পৰে। ইপিনে ভাৰতীয় ৰে’লৱেকে ধৰি আন কেইবাটাও কেন্দ্রীয় চৰকাৰৰ কৰ্মচাৰী সংগঠনে এই ধর্মঘটত অংশগ্ৰহণৰ পৰা বিৰত থাকে। কিয়নো ইতিমধ্যে এই কর্মচাৰীসকলক সপ্তম দৰমহা আয়োগৰ অধীনত মাহিলি দৰমহা নূনতম ১৮ হাজাৰৰ পৰা ২৬ হাজাৰলৈ বৃদ্ধি কৰিছে। কেৰালা আৰু ত্ৰিপুৰাত সর্বাত্মক প্ৰভাৱ পৰাৰ বিপৰীতে তামিলনাডু, মহাৰাষ্ট্র, তেলেংগানা, পশ্চিমবংগ, নতুন দিল্লী, অন্ধপ্রদেশ, মধ্যপ্রদেশকে ধৰি আটাইকেইখন ৰাজ্যত ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহ সম্পূর্ণ বন্ধ থাকে। যদিও কিছু কিছু অঞ্চলত চৰকাৰী কার্যালয়সমূহ খােলা থাকে। অৱশ্যে বন্ধৰ কাৰণেই চৰকাৰী কার্যালয়সমূহত উপস্থিতি সেৰেঙা হয়। আনহাতে দেশৰ ভিন্ন প্রস্তুত প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰা শ্রমিক সংগঠনৰ লগত দুই-এটা বিক্ষিপ্ত ঘটনাও সংঘটিত হােৱাৰ বাতৰি পােৱা গৈছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment