অহৰ্নিহে চোকা নজৰ ৰাখিবলৈ বিএছএফৰ জোৱানক সৰ্বানন্দ সোনোৱালৰ নিৰ্দেশ

মিত্ৰজোঁটৰ ১১ বিধায়ক, গৃহ আয়ুক্ত, সমুজ্জল সহ আছুৰ নেতৃবৰ্গয়ো পৰিদৰ্শন কৰিলে ভাৰত-বাংলা সীমান্ত
ৱেব ডেস্ক, ২ চেপ্টেম্বৰ, ২০১৬ঃ
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি ধুবুৰী জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পৰিভ্ৰমণ কৰে। মুখ্যমন্ত্রী সোণোৱালে ভাৰত-বাংলাদেশ সীমান্ত পৰিভ্ৰমণৰ উদ্দেশ্যে আজি গুৱাহাটীৰ পৰা পোনে পোনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ তুৰাৰ প্ৰহৰী নগৰত থকা বি এছ এফৰ ৰাজ্যিক মুখ্য কার্যালয়ত উপস্থিত হয়। তাৰ পৰা মুখ্যমন্ত্রী পোনে পোনে মানকাচৰৰ সাহাপাৰা ব’ৰ্ডাৰ আউট প’ষ্ট (বি অ’ পি) হৈ বৰাইবাৰী সীমান্তত উপস্থিত হয়। তাতেই ২০০১ চনত বাংলাদেশ সুৰক্ষা বাহিনীয়ে নৃশংসভাৱে হত্যা কৰা ১৬জন ভাৰতীয় শ্বহীদ জোৱানৰ বেদীত শ্রদ্ধা নিবেদন কৰে সোণোৱালে। শ্বহীদৰ প্ৰতি শ্রদ্ধাঞ্জলি জনোৱাৰ পাছতে মুখ্যমন্ত্রীয়ে বৰাইবাৰী ভাৰত-বাংলাদেশৰ প্ৰায় ৩০ কিলোমিটাৰ স্থল সীমান্ত পৰিদৰ্শন কৰি কাঁইটীয়া তীৰৰ বেৰৰ শেহতীয়া স্থিতিৰ বুজ লয়। প্রায় তিনি ঘণ্টা ধৰি মুখ্যমন্ত্রীয়ে শ্বাহাপাৰা বি অ’ পি, কাকৰীপাৰা, ঝালাচাৰ, ডিয়াৰা, আছমেৰ আলগা, কুকুৰমাৰা, গুদলীগাঁও, দ্বীপচৰ, শিহুমাৰা বি অ’ পি পৰিদৰ্শন কৰে। তদুপৰি মুখ্যমন্ত্রীয়ে শিহুমাৰা বি অ’ পিৰ খহনীয়াপ্ৰৱণ এলেকাসমূহাে পৰিদৰ্শন কৰে। এই সময়ছােৱাত সীমা সুৰক্ষাৰ দায়িত্বত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলক মুখ্যমন্ত্রীয়ে সীমান্ত সুৰক্ষা নিশ্চিতকৰণৰ অৰ্থে অহৰ্নিশে চােকা নজৰ ৰাখিবলৈ নির্দেশ দিয়ে। সীমান্ত অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্রী সোণোৱালে উন্মুক্ত সীমান্ত অঞ্চলটাে সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে। তেওঁ লগতে উক্ত সীমান্ত অঞ্চলত নিশ্চিছদ্র কাঁইটীয়া তীৰৰ বেৰা নির্মাণৰ বাবে সকলো ধৰণৰ পদক্ষেপ লোৱা হ’ব বুলি কয়।

ইয়াৰ পাছতেই মুখ্যমন্ত্রী সোণোৱাল নিশা প্রায় ৬.৪৫ বজাত পুনৰ শ্বহাপাৰা বি অ’ পিত উপস্থিত হৈ কমিউনিটী হলত বি এছ এফৰ উচ্চ পর্যায়ৰ বিষয়াসকলৰ সৈতে অসম আৰক্ষীৰ সঞ্চালকপ্রধান মুকেশ সাহাইৰ উপস্থিতিত এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। এই বৈঠকৰ অন্তত মুখ্যমন্ত্রীগৰাকী হাটশিঙিমাৰী আৱর্ত ভৱনলৈ ৰাওনা হয়। আৱর্ত ভৱনত অসম চৰকাৰৰ জিলা পর্যায়ৰ শীর্ষ বিষয়াসকলৰ সৈতে আন এক বৈঠকত মিলিত হয়। আনহাতে নিশা হাটশিঙিমাৰী আৱর্ত ভৱনতে কটােৱাৰ অন্তত কাইলৈ পুৱা তেওঁ উক্ত অঞ্চলৰ ভাৰত-বাংলা সীমান্তৰ ৩৪ কিলোমিটাৰ নদী সীমান্ত পৰিদৰ্শন কৰিব। উল্লেখ্য যে মুখ্যমন্ত্রী সোণোৱালৰ সৈতে আজি মিত্ৰজোঁটৰ ১১ গৰাকী বিধায়ক, আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যসহ অন্যান্য নেতৃবর্গ, গৃহ আয়ুক্ত এল এছ ছাংচনকে ধৰি জিলা-আৰক্ষী প্রশাসন আৰু সীমান্ত সুৰক্ষা বাহিনীৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে। ইপিনে সীমান্ত পৰিভ্ৰমণৰ অন্তত আছুৰ মুখ্য উপদেষ্টা ভট্টাচার্যই কয় যে অসম চুক্তিয়ে ৩১ বছৰ পাৰ কৰিলে। সেয়ে এতিয়া আৰু সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত ৰৈ থকা নহ’ব। যুদ্ধকালীন তৎপৰতাৰে সীমান্ত হীল কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে সীমান্ত ছালৰ ক্ষেত্ৰত ভাল পদক্ষেপ লোৱা বুলি মন্তব্য কৰে।
facebook
twitter
google+
fb share